ছুৰা আন-নাচৰ
اِذَا جَآءَ نَصْرُ اللّٰهِ وَالْفَتْحُ ١
1. যেতিয়া আল্লাহৰ সহায় আৰু বিজয় আহিব,
وَرَاَیْتَ النَّاسَ یَدْخُلُوْنَ فِیْ دِیْنِ اللّٰهِ اَفْوَاجًا ٢
2. আৰু তুমি মানুহক দলে দলে আল্লাহৰ দ্বীনত প্ৰৱেশ কৰা দেখিবলৈ পাবা,
فَسَبِّحْ بِحَمْدِ رَبِّكَ وَاسْتَغْفِرْهُ ؔؕ اِنَّهٗ كَانَ تَوَّابًا ٣
3. তেতিয়া তুমি তোমাৰ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে তেওঁৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰিবা আৰু তেওঁৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিবা, নিশ্চয় তেওঁ তাওবা গ্ৰহণকাৰী।