ছুৰা আন-নাযিআত

bismillah

وَالنّٰزِعٰتِ غَرْقًا ١

1. শপত নিৰ্মমভাৱে উৎপটনকাৰীসকলৰ।




وَالنّٰشِطٰتِ نَشْطًا ٢

2. শপত মৃদুভাৱে বন্ধনমূক্তকাৰীসকলৰ।




وَالسّٰبِحٰتِ سَبْحًا ٣

3. শপত তীব্ৰগতিত সাঁতুৰি ফুৰাসকলৰ।




فَالسّٰبِقٰتِ سَبْقًا ٤

4. আৰু দ্ৰুতগতিত আগবাঢ়ি যোৱাসকলৰ।




فَالْمُدَبِّرٰتِ اَمْرًا ٥

5. তাৰ পিছত যাৱতীয় কাম নিৰ্বাহকাৰীসকলৰ।




یَوْمَ تَرْجُفُ الرَّاجِفَةُ ٦

6. সেইদিনা কম্পনকাৰীয়ে প্ৰকম্পিত কৰিব।




تَتْبَعُهَا الرَّادِفَةُ ٧

7. তাক অনুসৰণ কৰিব পৰবৰ্তী কম্পনকাৰীয়ে।




قُلُوْبٌ یَّوْمَىِٕذٍ وَّاجِفَةٌ ٨

8. সেইদিনা কিছুমান হৃদয়, ভয়ত সন্ত্ৰস্ত হ’ব।




اَبْصَارُهَا خَاشِعَةٌ ٩

9. সিহঁতৰ দৃষ্টিসমূহ আতংকিত হৈ নত হ’ব।




یَقُوْلُوْنَ ءَاِنَّا لَمَرْدُوْدُوْنَ فِی الْحَافِرَةِ ١٠

10. সিহঁতে কয়, ‘আমি আকৌ আগৰ অৱস্থালৈ উভতি যামনে?




ءَاِذَا كُنَّا عِظَامًا نَّخِرَةً ١١

11. যেতিয়া আমি চূৰ্ণ-বিচূৰ্ণ অস্থিত পৰিণত হম’?




قَالُوْا تِلْكَ اِذًا كَرَّةٌ خَاسِرَةٌ ١٢

12. সিহঁতে কয়, ‘যদি এইটোৱে হয় তেন্তে এইটো এটা ক্ষতিকৰ প্ৰত্যাৱৰ্তন’।




فَاِنَّمَا هِیَ زَجْرَةٌ وَّاحِدَةٌ ١٣

13. প্ৰকৃততে এইটো এটা মহাগৰ্জন মাত্ৰ।




فَاِذَا هُمْ بِالسَّاهِرَةِ ١٤

14. তৎক্ষণাত ভূ-পৃষ্ঠত সিহঁতৰ আবিৰ্ভাৱ হ’ব।




هَلْ اَتٰىكَ حَدِیْثُ مُوْسٰی ١٥

15. মূছাৰ ঘটনা সম্পৰ্কে তুমি অৱগত হৈছানে?




اِذْ نَادٰىهُ رَبُّهٗ بِالْوَادِ الْمُقَدَّسِ طُوًی ١٦

16. যেতিয়া তেওঁৰ প্ৰতিপালকে তেওঁক পৱিত্ৰ তুৱা উপত্যকাত মাতি কৈছিল,




اِذْهَبْ اِلٰی فِرْعَوْنَ اِنَّهٗ طَغٰی ١٧

17. ‘ফিৰআউনৰ ওচৰলৈ যোৱা, নিশ্চয় সি সীমালংঘন কৰিছে,




فَقُلْ هَلْ لَّكَ اِلٰۤی اَنْ تَزَكّٰی ١٨

18. এতেকে তাক গৈ কোৱা ‘তুমি পৱিত্ৰ হ’ব বিচৰানে?




وَاَهْدِیَكَ اِلٰی رَبِّكَ فَتَخْشٰی ١٩

19. আৰু মই তোমাক তোমাৰ প্ৰতিপালকৰ পিনে পথপ্ৰদৰ্শন কৰোঁ, যাতে তুমি তেওঁক ভয় কৰা’।




فَاَرٰىهُ الْاٰیَةَ الْكُبْرٰی ٢٠

20. তাৰ পিছত, তেওঁ তাক মহা নিদৰ্শন দেখুৱালে।




فَكَذَّبَ وَعَصٰی ٢١

21. কিন্তু সি অস্বীকাৰ কৰিলে আৰু অমান্য কৰিলে।




ثُمَّ اَدْبَرَ یَسْعٰی ٢٢

22. তাৰ পিছত সি পিছফালে উভতি প্ৰতিবিধানত সচেষ্ট হ’ল।




فَحَشَرَ فَنَادٰی ٢٣

23. তাৰ পিছত সকলোকে একত্ৰিত কৰি ঘোষণা কৰিলে,




فَقَالَ اَنَا رَبُّكُمُ الْاَعْلٰی ٢٤

24. আৰু ক’লে, ‘ময়ে তোমালোকৰ সৰ্বোচ্চ প্ৰতিপালক’।




فَاَخَذَهُ اللّٰهُ نَكَالَ الْاٰخِرَةِ وَالْاُوْلٰی ٢٥

25. অৱশেষত আল্লাহে তাক আখিৰাত আৰু পৃথিৱীৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিলে।




اِنَّ فِیْ ذٰلِكَ لَعِبْرَةً لِّمَنْ یَّخْشٰی ٢٦

26. নিশ্চয় যিয়ে ভয় কৰে তাৰ বাবে ইয়াত শিক্ষা আছে।




ءَاَنْتُمْ اَشَدُّ خَلْقًا اَمِ السَّمَآءُ ؕ بَنٰىهَا ٢٧

27. তোমালোকক সৃষ্টি কৰাটো কঠিন নে আকাশ সৃষ্টি কৰা কঠিন? তেৱেঁই ইয়াক নিৰ্মান কৰিছে।




رَفَعَ سَمْكَهَا فَسَوّٰىهَا ٢٨

28. তেৱেঁই ইয়াৰ চালিখনক সুউচ্চ কৰিছে আৰু সুবিন্যস্ত কৰিছে।




وَاَغْطَشَ لَیْلَهَا وَاَخْرَجَ ضُحٰىهَا ٢٩

29. আৰু তেৱেঁই ইয়াৰ ৰাতিক কৰিছে অন্ধকাৰ আৰু প্ৰকাশ কৰিছে পূৰ্বাহ্নৰ পোহৰ।




وَالْاَرْضَ بَعْدَ ذٰلِكَ دَحٰىهَا ٣٠

30. তাৰ পিছত, তেওঁ পৃথিৱীখনক বিস্তৃত (বাসোপযোগী) কৰিছে।




اَخْرَجَ مِنْهَا مَآءَهَا وَمَرْعٰىهَا ٣١

31. তেৱেঁই তাৰ পৰা উলিয়াইছে পানী আৰু তৃণভূমি,




وَالْجِبَالَ اَرْسٰىهَا ٣٢

32. আৰু পৰ্বতসমূহক তেৱেঁই স্থাপন কৰিছে,




مَتَاعًا لَّكُمْ وَلِاَنْعَامِكُمْ ٣٣

33. এইবোৰ হৈছে তোমালোকৰ আৰু তোমালোকৰ ঘৰচীয়া জন্তুবোৰৰ বাবে জীৱনোপকৰণ।




فَاِذَا جَآءَتِ الطَّآمَّةُ الْكُبْرٰی ٣٤

34. আৰু যিদিনা মহাসংকট উপস্থিত হ’ব,




یَوْمَ یَتَذَكَّرُ الْاِنْسَانُ مَا سَعٰی ٣٥

35. সেইদিনা মানুহে স্মৰণ কৰিব যিটো সি (বিগত দিনত) কৰিছে,




وَبُرِّزَتِ الْجَحِیْمُ لِمَنْ یَّرٰی ٣٦

36. আৰু দৰ্শকসকলৰ বাবে জাহান্নাম প্ৰকাশ কৰা হ’ব।




فَاَمَّا مَنْ طَغٰی ٣٧

37. এতেকে যিয়ে সীমালংঘন কৰে,




وَاٰثَرَ الْحَیٰوةَ الدُّنْیَاۙ ٣٨

38. আৰু পৃথিৱীৰ জীৱনক অগ্ৰাধিকাৰ দিয়ে,




فَاِنَّ الْجَحِیْمَ هِیَ الْمَاْوٰی ٣٩

39. নিশ্চয় জাহান্নামেই হ’ব তাৰ আবাসস্থল।




وَاَمَّا مَنْ خَافَ مَقَامَ رَبِّهٖ وَنَهَی النَّفْسَ عَنِ الْهَوٰی ٤٠

40. আৰু যিয়ে তাৰ প্ৰতিপালকৰ সন্মুখত থিয় হ’বলৈ ভয় কৰে আৰু কুপ্ৰবৃত্তিৰ পৰা নিজকে বিৰত ৰাখে,




فَاِنَّ الْجَنَّةَ هِیَ الْمَاْوٰی ٤١

41. নিশ্চয় জান্নাতেই হ’ব তেওঁৰ আবাসস্থল।




یَسْـَٔلُوْنَكَ عَنِ السَّاعَةِ اَیَّانَ مُرْسٰىهَا ٤٢

42. সিহঁতে তোমাক ক্বিয়ামত সম্পৰ্কে প্ৰশ্ন কৰে যে, ই কেতিয়া সংঘটিত হ’ব?




فِیْمَ اَنْتَ مِنْ ذِكْرٰىهَا ٤٣

43. সেইটো আলোচনা কৰাৰ (প্ৰকৃত) জ্ঞান তোমাৰ আছেনে?




اِلٰی رَبِّكَ مُنْتَهٰىهَا ٤٤

44. ইয়াৰ প্ৰকৃত জ্ঞান আছে (কেৱল) তোমাৰ প্ৰতিপালকৰ ওচৰতহে;




اِنَّمَاۤ اَنْتَ مُنْذِرُ مَنْ یَّخْشٰىهَا ٤٥

45. যিয়ে ইয়াক ভয় কৰে তুমি কেৱল তাৰ বাবে সতৰ্ককাৰী।




كَاَنَّهُمْ یَوْمَ یَرَوْنَهَا لَمْ یَلْبَثُوْۤا اِلَّا عَشِیَّةً اَوْ ضُحٰىهَا ٤٦

46. যিদিনা সিহঁতে ইয়াক দেখিবলৈ পাব, সেইদিনা সিহঁতৰ এইটো ধাৰণা হ’ব যে, সিহঁতে পৃথিৱীত কেৱল এটা সন্ধিয়া অথবা এটা প্ৰভাততকৈ বেছি সময় অৱস্থান কৰা নাছিল।