ছুৰা আন-নাজম
وَلِلّٰهِ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ ۙ لِیَجْزِیَ الَّذِیْنَ اَسَآءُوْا بِمَا عَمِلُوْا وَیَجْزِیَ الَّذِیْنَ اَحْسَنُوْا بِالْحُسْنٰی ٣١
31. আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই। যাতে তেওঁ সেইসকল লোকক বেয়া প্ৰতিফল দিব পাৰে যিসকলে বেয়া কৰ্ম কৰে, আৰু যাতে সেইসকল লোকক উত্তম পুৰস্কাৰ দিব পাৰে যিসকলে সৎকৰ্ম কৰে,
اَلَّذِیْنَ یَجْتَنِبُوْنَ كَبٰٓىِٕرَ الْاِثْمِ وَالْفَوَاحِشَ اِلَّا اللَّمَمَ ؕ اِنَّ رَبَّكَ وَاسِعُ الْمَغْفِرَةِ ؕ هُوَاَعْلَمُ بِكُمْ اِذْ اَنْشَاَكُمْ مِّنَ الْاَرْضِ وَاِذْ اَنْتُمْ اَجِنَّةٌ فِیْ بُطُوْنِ اُمَّهٰتِكُمْ ۚ فَلَا تُزَكُّوْۤا اَنْفُسَكُمْ ؕ هُوَاَعْلَمُ بِمَنِ اتَّقٰی ٣٢
32. যিসকলে সৰু-সুৰা দোষ-ত্ৰুটিৰ বাহিৰে ডাঙৰ ডাঙৰ পাপ আৰু অশ্লীল কাৰ্যকলাপৰ পৰা বিৰত থাকে। নিশ্চয় তোমাৰ প্ৰতিপালকৰ ক্ষমা অপৰিসীম; তেওঁ তোমালোকৰ বিষয়ে সম্যক অৱগত—(স্মৰণ কৰা) যেতিয়া তেওঁ তোমালোকক মাটিৰ পৰা সৃষ্টি কৰিছিল আৰু যেতিয়া তোমালোক মাতৃগৰ্ভত ভ্ৰুণৰূপে আছিলা। এতেকে তোমালোকে আত্মপ্ৰশংসা নকৰিবা, কোনে তাক্বৱা অৱলম্বন কৰিছে সেই বিষয়ে তেৱেঁই সম্যক অৱগত।
اَفَرَءَیْتَ الَّذِیْ تَوَلّٰی ٣٣
33. তুমি সেই ব্যক্তিক দেখিছানে, যিয়ে মুখ ঘূৰাই লৈছে?
وَاَعْطٰی قَلِیْلًا وَاَكْدٰی ٣٤
34. আৰু কিঞ্চিতহে দান কৰে, তাৰ পিছত বন্ধ কৰি দিয়ে?
اَعِنْدَهٗ عِلْمُ الْغَیْبِ فَهُوَیَرٰی ٣٥
35. তাৰ ওচৰত কিবা গায়েবৰ জ্ঞান আছে নেকি, যিটো সি প্ৰত্যক্ষ কৰে?
اَمْ لَمْ یُنَبَّاْ بِمَا فِیْ صُحُفِ مُوْسٰی ٣٦
36. অথবা মূছাৰ ছহীফাত যি আছে, সেই সম্পৰ্কে তাক অৱহিত কৰা হোৱা নাইনে?
وَاِبْرٰهِیْمَ الَّذِیْ وَفّٰۤی ٣٧
37. আৰু ইব্ৰাহীমৰ ছহীফাত, যিজনে পূৰ্ণ কৰিছিল (তেওঁৰ অংগীকাৰ)?
اَلَّا تَزِرُ وَازِرَةٌ وِّزْرَ اُخْرٰی ٣٨
38. এতেকে কোনো বোজা বহনকাৰীয়েই আনৰ বোজা বহন নকৰিব,
وَاَنْ لَّیْسَ لِلْاِنْسَانِ اِلَّا مَا سَعٰی ٣٩
39. জানি থোৱা, মানুহে সেইটোৱে পায়, যিটো সি চেষ্টা কৰে,
وَاَنَّ سَعْیَهٗ سَوْفَ یُرٰی ٤٠
40. আৰু তাৰ প্ৰচেষ্টাৰ ফল অতিশীঘ্ৰেই দেখুৱা হ’ব---
ثُمَّ یُجْزٰىهُ الْجَزَآءَ الْاَوْفٰی ٤١
41. তাৰ পিছত তাক দিয়া হ’ব পূৰ্ণ প্ৰতিদান,
وَاَنَّ اِلٰی رَبِّكَ الْمُنْتَهٰی ٤٢
42. আৰু নিশ্চয় তোমাৰ প্ৰতিপালকৰ ওচৰতেই হৈছে শেষ গন্তব্য,
وَاَنَّهٗ هُوَاَضْحَكَ وَاَبْكٰی ٤٣
43. আৰু নিশ্চয় তেৱেঁই হঁহুৱায় আৰু তেৱেঁই কন্দুৱায়,
وَاَنَّهٗ هُوَاَمَاتَ وَاَحْیَا ٤٤
44. আৰু নিশ্চয় তেৱেঁই মৃত্যু প্ৰদান কৰে আৰু তেৱেঁই জীৱন দান দিয়ে,
وَاَنَّهٗ خَلَقَ الزَّوْجَیْنِ الذَّكَرَ وَالْاُنْثٰی ٤٥
45. আৰু নিশ্চয় তেৱেঁই সৃষ্টি কৰিছে যোৰ-যোৰকৈ পুৰুষ আৰু নাৰী,
مِنْ نُّطْفَةٍ اِذَا تُمْنٰی ٤٦
46. শুক্ৰবিন্দুৰ পৰা, যেতিয়া ই স্খলিত হয়,
وَاَنَّ عَلَیْهِ النَّشْاَةَ الْاُخْرٰی ٤٧
47. আৰু নিশ্চয় পুনৰুত্থান ঘটোৱাৰ দায়িত্বও তেওঁৰেই,
وَاَنَّهٗ هُوَاَغْنٰی وَاَقْنٰی ٤٨
48. আৰু নিশ্চয় তেৱেঁই অভাৱমুক্ত কৰে আৰু সম্পদ প্ৰদান কৰে,
وَاَنَّهٗ هُوَرَبُّ الشِّعْرٰی ٤٩
49. আৰু নিশ্চয় তেৱেঁই আশ্ব-শ্বি’ৰা (লুব্ধক) নক্ষত্ৰৰ প্ৰতিপালক।
وَاَنَّهٗۤ اَهْلَكَ عَادَا الْاُوْلٰی ٥٠
50. আৰু তেৱেঁই প্ৰাচীন ‘আদ জাতিক ধ্বংস কৰিছে,
وَثَمُوْدَاۡ فَمَاۤ اَبْقٰی ٥١
51. আৰু ছামূদ জাতিকো (ধ্বংস কৰিছে)। সিহঁতৰ এজনকো অৱশিষ্ট ৰখা নাই।
وَقَوْمَ نُوْحٍ مِّنْ قَبْلُ ؕ اِنَّهُمْ كَانُوْا هُمْ اَظْلَمَ وَاَطْغٰی ٥٢
52. আৰু ইয়াৰ পূৰ্বে নূহৰ সম্প্ৰদায়কো (তেৱেঁই ধ্বংস কৰিছে)। নিশ্চয় সিহঁত আছিল অতিশয় যালিম আৰু চৰম অবাধ্য।
وَالْمُؤْتَفِكَةَ اَهْوٰی ٥٣
53. আৰু তেৱেঁই ওলোটাই দিয়া আবাসভূমিক নিক্ষেপ কৰিছিল,
فَغَشّٰىهَا مَا غَشّٰی ٥٤
54. তাৰ পিছত সেইটোক আচ্ছন্ন কৰিছিল যি আচ্ছন্ন কৰিবলগীয়া আছিল।
فَبِاَیِّ اٰلَآءِ رَبِّكَ تَتَمَارٰی ٥٥
55. এতেকে তুমি তোমাৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক সন্দেহ কৰিবা?
هٰذَا نَذِیْرٌ مِّنَ النُّذُرِ الْاُوْلٰی ٥٦
56. অতীতৰ সতৰ্ককাৰীসকলৰ দৰেই, এই নবীও এজন সতৰ্ককাৰী।
اَزِفَتِ الْاٰزِفَةُ ٥٧
57. কিয়ামত নিকটৱৰ্তী।
لَیْسَ لَهَا مِنْ دُوْنِ اللّٰهِ كَاشِفَةٌ ٥٨
58. আল্লাহৰ বাহিৰে কোনেও ইয়াক প্ৰকাশ কৰিবলৈ সক্ষম নহয়।
اَفَمِنْ هٰذَا الْحَدِیْثِ تَعْجَبُوْنَ ٥٩
59. তোমালোকে এই কথাত বিস্ময়বোধ কৰিছা নেকি?
وَتَضْحَكُوْنَ وَلَا تَبْكُوْنَ ٦٠
60. আৰু হাঁহি-ঠাট্টা কৰি আছা! কন্দা নাই?
وَاَنْتُمْ سٰمِدُوْنَ ٦١
61. তোমালোক হৈছা উদাসীন,
فَاسْجُدُوْا لِلّٰهِ وَاعْبُدُوْا ٦٢
62. এতেকে তোমালোকে আল্লাহক ছাজদা কৰা আৰু তেওঁৰেই ইবাদত কৰা।