ছুৰা আন-নাজম
وَالنَّجْمِ اِذَا هَوٰی ١
1. শপত নক্ষত্ৰৰ, যেতিয়া ই অস্তমিত হয়,
مَا ضَلَّ صَاحِبُكُمْ وَمَا غَوٰی ٢
2. তোমালোকৰ সঙ্গী বিভ্ৰান্ত হোৱা নাই, আৰু বিপথগামীও হোৱা নাই,
وَمَا یَنْطِقُ عَنِ الْهَوٰی ٣
3. আৰু তেওঁ মনে সজা কথা নকয়।
اِنْ هُوَاِلَّا وَحْیٌ یُّوْحٰی ٤
4. এয়া হৈছে কেৱল অহী, যিটো তেওঁৰ প্ৰতি অহীৰূপে প্ৰেৰণ কৰা হয়,
عَلَّمَهٗ شَدِیْدُ الْقُوٰی ٥
5. তেওঁক শিক্ষা দান কৰে, প্ৰবল শক্তিধৰ (ফিৰিস্তা জিব্ৰীলে),
ذُوْ مِرَّةٍ ؕ فَاسْتَوٰی ٦
6. সৌন্দৰ্যপূৰ্ণ সত্ত্বা। তাৰ পিছত তেওঁ স্থিৰ হৈছিল,
وَهُوَبِالْاُفُقِ الْاَعْلٰی ٧
7. আৰু তেওঁ আছিল ঊৰ্দ্ধদিগন্তত,
ثُمَّ دَنَا فَتَدَلّٰی ٨
8. তাৰ পিছত তেওঁ (ৰাছুলৰ) নিকটৱৰ্তী হ’ল, অতি নিকটৱৰ্তী,
فَكَانَ قَابَ قَوْسَیْنِ اَوْ اَدْنٰی ٩
9. ফলত উভয়ৰ মাজত দুখন ধেনুৰ দুৰত্ব ৰ’ল, অথবা তাতোকৈ কম।
فَاَوْحٰۤی اِلٰی عَبْدِهٖ مَاۤ اَوْحٰی ١٠
10. তেতিয়া আল্লাহে তেওঁৰ বান্দাৰ প্ৰতি যি অহী কৰিবলগীয়া আছিল সেয়া অহী কৰিলে।
مَا كَذَبَ الْفُؤَادُ مَا رَاٰی ١١
11. তেওঁ যি দেখিছে, তেওঁৰ অন্তৰে সেইবোৰক অস্বীকাৰ কৰা নাই;
اَفَتُمٰرُوْنَهٗ عَلٰی مَا یَرٰی ١٢
12. তেওঁ যি দেখিছে, সেই সম্পৰ্কে তোমালোকে তেওঁৰ লগত বিতৰ্ক কৰিবা নেকি?
وَلَقَدْ رَاٰهُ نَزْلَةً اُخْرٰی ١٣
13. আৰু নিশ্চয় তেওঁক তেওঁ আৰু এবাৰ দেখিছিল।
عِنْدَ سِدْرَةِ الْمُنْتَهٰی ١٤
14. ছিদৰাতুল মুনতাহাৰ ওচৰত,
عِنْدَهَا جَنَّةُ الْمَاْوٰی ١٥
15. যাৰ ওচৰত জান্নাতুল মা’ওৱা অৱস্থিত।
اِذْ یَغْشَی السِّدْرَةَ مَا یَغْشٰی ١٦
16. যেতিয়া ছিদৰাই যি আচ্ছাদিত কৰাৰ সেয়া আচ্ছাদিত কৰিছিল,
مَا زَاغَ الْبَصَرُ وَمَا طَغٰی ١٧
17. তেওঁৰ দৃষ্টি বিভ্ৰম হোৱা নাই, আৰু সীমাও অতিক্ৰম কৰা নাই।
لَقَدْ رَاٰی مِنْ اٰیٰتِ رَبِّهِ الْكُبْرٰی ١٨
18. নিশ্চয় তেওঁ নিজ প্ৰতিপালকৰ কিছুমান মহান নিদৰ্শনাৱলী দেখিছিল;
اَفَرَءَیْتُمُ اللّٰتَ وَالْعُزّٰی ١٩
19. এতেকে তোমালোকে লাত আৰু উজ্ঝা সম্পৰ্কে কি কোৱা?
وَمَنٰوةَ الثَّالِثَةَ الْاُخْرٰی ٢٠
20. আৰু তৃতীয় আন এটা মানাত সম্পৰ্কে?
اَلَكُمُ الذَّكَرُ وَلَهُ الْاُنْثٰی ٢١
21. এইটো কেনে ধৰণৰ কথা, তোমালোকৰ বাবে পুত্ৰ সন্তান আৰু আল্লাহৰ বাবে কন্যা সন্তান?
تِلْكَ اِذًا قِسْمَةٌ ضِیْزٰی ٢٢
22. তেনেহ’লে এয়া দেখোন এটা অসঙ্গত বণ্টন।
اِنْ هِیَ اِلَّاۤ اَسْمَآءٌ سَمَّیْتُمُوْهَاۤ اَنْتُمْ وَاٰبَآؤُكُمْ مَّاۤ اَنْزَلَ اللّٰهُ بِهَا مِنْ سُلْطٰنٍ ؕ اِنْ یَّتَّبِعُوْنَ اِلَّا الظَّنَّ وَمَا تَهْوَی الْاَنْفُسُ ۚ وَلَقَدْ جَآءَهُمْ مِّنْ رَّبِّهِمُ الْهُدٰی ٢٣
23. দৰাচলতে এইবোৰ কিছুমান নামৰ বাহিৰে আন একো নহয়, যিবোৰ নাম তোমালোকে আৰু তোমালোকৰ পিতৃপুৰুষসকলে নিজেই ৰাখিছা, যাৰ সমৰ্থনত আল্লাহে কোনো দলীল-প্ৰমাণ অৱতীৰ্ণ কৰা নাই। সিহঁতে কেৱল অনুমান আৰু নিজৰ প্ৰবৃত্তিৰহে অনুসৰণ কৰে, অথচ নিশ্চয় সিহঁতৰ ওচৰলৈ সিহঁতৰ প্ৰতিপালকৰ তৰফৰ পৰা হিদায়ত আহি পৰিছে।
اَمْ لِلْاِنْسَانِ مَا تَمَنّٰی ٢٤
24. মানুহে যি বিচাৰে সেইটোৱে সি পায়নে?
فَلِلّٰهِ الْاٰخِرَةُ وَالْاُوْلٰی ٢٥
25. প্ৰকৃততে আখিৰাত আৰু দুনিয়া আল্লাহৰেই।
وَكَمْ مِّنْ مَّلَكٍ فِی السَّمٰوٰتِ لَا تُغْنِیْ شَفَاعَتُهُمْ شَیْـًٔا اِلَّا مِنْۢ بَعْدِ اَنْ یَّاْذَنَ اللّٰهُ لِمَنْ یَّشَآءُ وَیَرْضٰی ٢٦
26. আৰু আকাশসমূহত অসংখ্য ফিৰিস্তা আছে, যিসকলৰ মধ্যস্থতা কোনো কামত নাহিব, কিন্তু আল্লাহে যাক ইচ্ছা কৰে আৰু যাৰ প্ৰতি তেওঁ সন্তুষ্ট হয় তাক অনুমতি দিলে (তাৰ বিষয়টো সুকীয়া)।
اِنَّ الَّذِیْنَ لَا یُؤْمِنُوْنَ بِالْاٰخِرَةِ لَیُسَمُّوْنَ الْمَلٰٓىِٕكَةَ تَسْمِیَةَ الْاُنْثٰی ٢٧
27. নিশ্চয় যিসকলে আখিৰাতক বিশ্বাস নকৰে, সিহঁতেই ফিৰিস্তাসকলক নাৰীবাচক নামেৰে নামকৰণ কৰে;
وَمَا لَهُمْ بِهٖ مِنْ عِلْمٍ ؕ اِنْ یَّتَّبِعُوْنَ اِلَّا الظَّنَّ ۚ وَاِنَّ الظَّنَّ لَا یُغْنِیْ مِنَ الْحَقِّ شَیْـًٔا ٢٨
28. অথচ এই বিষয়ে সিহঁতৰ কোনো জ্ঞানেই নাই। সিহঁত কেৱল অনুমানৰহে অনুসৰণ কৰে; আৰু নিশ্চয় সত্যৰ মুকাবিলাত অনুমানৰ কোনো মূল্য নাই।
فَاَعْرِضْ عَنْ مَّنْ تَوَلّٰی ۙ۬ عَنْ ذِكْرِنَا وَلَمْ یُرِدْ اِلَّا الْحَیٰوةَ الدُّنْیَا ٢٩
29. এতেকে তুমি সেই ব্যক্তিক উপেক্ষা কৰা, যিয়ে আমাৰ স্মৰণৰ পৰা বিমুখ হয় আৰু অকল পৃথিৱীৰ জীৱনকেই কামনা কৰে।
ذٰلِكَ مَبْلَغُهُمْ مِّنَ الْعِلْمِ ؕ اِنَّ رَبَّكَ هُوَاَعْلَمُ بِمَنْ ضَلَّ عَنْ سَبِیْلِهٖ ۙ وَهُوَاَعْلَمُ بِمَنِ اهْتَدٰی ٣٠
30. এইটোৱে হৈছে সিহঁতৰ জ্ঞানৰ শেষ সীমা। নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই আটাইতকৈ ভাল জানে, কোন তেওঁৰ পথৰ পৰা বিচ্যুত হৈছে আৰু তেৱেঁই ভাল জানে কোন হিদায়তপ্ৰাপ্ত হৈছে।