ছুৰা আন-নিছা

اِنْ تَجْتَنِبُوْا كَبَآىِٕرَ مَا تُنْهَوْنَ عَنْهُ نُكَفِّرْ عَنْكُمْ سَیِّاٰتِكُمْ وَنُدْخِلْكُمْ مُّدْخَلًا كَرِیْمًا ٣١

31. তোমালোকক যি নিষেধ কৰা হৈছে তাৰ মাজৰ পৰা যিবোৰ কবীৰা গুণাহ সেইবোৰৰ পৰা তোমালোকে যদি বিৰত থাকা তেন্তে আমি তোমালোকৰ সৰু-সুৰা পাপসমূহ ক্ষমা কৰি দিম আৰু তোমালোকক সন্মানজনক স্থানত প্ৰৱেশ কৰাম।




وَلَا تَتَمَنَّوْا مَا فَضَّلَ اللّٰهُ بِهٖ بَعْضَكُمْ عَلٰی بَعْضٍ ؕ لِلرِّجَالِ نَصِیْبٌ مِّمَّا اكْتَسَبُوْا ؕ وَلِلنِّسَآءِ نَصِیْبٌ مِّمَّا اكْتَسَبْنَ ؕ وَسْـَٔلُوا اللّٰهَ مِنْ فَضْلِهٖ ؕ اِنَّ اللّٰهَ كَانَ بِكُلِّ شَیْءٍ عَلِیْمًا ٣٢

32. আৰু তোমালোকে আকাংক্ষা নকৰিবা সেইবোৰ বস্তুৰ, যাৰ দ্বাৰা আল্লাহে তোমালোকৰ মাজৰ এজনক আনজনৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে। পুৰুষসকলে যি অৰ্জন কৰে সেয়া সিহঁতৰ প্ৰাপ্য অংশ আৰু নাৰীসকলে যি অৰ্জন কৰে সেয়া তাইহঁতৰ প্ৰাপ্য অংশ; (গতিকে তোমালোকে) আল্লাহৰ ওচৰত তেওঁৰ অনুগ্ৰহ প্ৰাৰ্থনা কৰা, নিশ্চয় আল্লাহ সকলো বস্তু সম্পৰ্কে সৰ্বজ্ঞ।




وَلِكُلٍّ جَعَلْنَا مَوَالِیَ مِمَّا تَرَكَ الْوَالِدٰنِ وَالْاَقْرَبُوْنَ ؕ وَالَّذِیْنَ عَقَدَتْ اَیْمَانُكُمْ فَاٰتُوْهُمْ نَصِیْبَهُمْ ؕ اِنَّ اللّٰهَ كَانَ عَلٰی كُلِّ شَیْءٍ شَهِیْدًا ٣٣

33. পিতৃ-মাতৃ আৰু আত্মীয়-স্বজনৰ পৰিত্যক্ত সম্পত্তিত (নাৰী-পুৰুষ) প্ৰত্যেককে আমি উত্তৰাধিকাৰী কৰিছোঁ আৰু যিসকলৰ লগত তোমালোকে অঙ্গীকাৰাৱদ্ধ সিহঁতৰ (প্ৰাপ্য) অংশ সিহঁতক দি দিয়া। নিশ্চয় আল্লাহ সকলো বিষয়ৰ প্ৰত্যক্ষদৰ্শী।




اَلرِّجَالُ قَوّٰمُوْنَ عَلَی النِّسَآءِ بِمَا فَضَّلَ اللّٰهُ بَعْضَهُمْ عَلٰی بَعْضٍ وَبِمَاۤ اَنْفَقُوْا مِنْ اَمْوَالِهِمْ ؕ فَالصّٰلِحٰتُ قٰنِتٰتٌ حٰفِظٰتٌ لِّلْغَیْبِ بِمَا حَفِظَ اللّٰهُ ؕ وَالّٰتِیْ تَخَافُوْنَ نُشُوْزَهُنَّ فَعِظُوْهُنَّ وَاهْجُرُوْهُنَّ فِی الْمَضَاجِعِ وَاضْرِبُوْهُنَّ ۚ فَاِنْ اَطَعْنَكُمْ فَلَا تَبْغُوْا عَلَیْهِنَّ سَبِیْلًا ؕ اِنَّ اللّٰهَ كَانَ عَلِیًّا كَبِیْرًا ٣٤

34. পুৰুষসকল হৈছে নাৰীসকলৰ তত্ত্বাৱধায়ক, কাৰণ আল্লাহে সিহঁতৰ এজনক আনজনৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে আৰু এইবাবেও যে, পুৰুষসকলে (তাইহঁতৰ ওপৰত) নিজৰ ধন-সম্পদ ব্যয় কৰে। সেয়ে পূণ্যৱতী স্ত্ৰীসকল অনুগত হৈ থাকে আৰু লোকচকুৰ অন্তৰালতো (স্বামীৰ সম্পদ আৰু নিজৰ মান-সন্মান) সংৰক্ষণ কৰে যিবোৰ আল্লাহে সংৰক্ষণ কৰিছে; আৰু তোমালোকে স্ত্ৰীসকলৰ মাজৰ যিসকলকলৈ অবাধ্যতাৰ আশংকা কৰা সিহঁতক সদুপদেশ দিয়া, আৰু সিহঁতৰ শয্যা বৰ্জন কৰা লগতে সিহঁতক (শাসনমূলক) প্ৰহাৰ কৰা। যদি সিহঁতে তোমালোকৰ অনুগত হয় তেন্তে সিহঁতৰ বিৰুদ্ধে কোনো পথ অন্বেষণ নকৰিবা। নিশ্চয় আল্লাহ শ্ৰেষ্ঠ, মহান।




وَاِنْ خِفْتُمْ شِقَاقَ بَیْنِهِمَا فَابْعَثُوْا حَكَمًا مِّنْ اَهْلِهٖ وَحَكَمًا مِّنْ اَهْلِهَا ۚ اِنْ یُّرِیْدَاۤ اِصْلَاحًا یُّوَفِّقِ اللّٰهُ بَیْنَهُمَا ؕ اِنَّ اللّٰهَ كَانَ عَلِیْمًا خَبِیْرًا ٣٥

35. আৰু যদি তোমালোকে সিহঁত উভয়ৰ মাজত বিৰোধ আশংকা কৰা তেন্তে তোমালোকে স্বামীৰ পৰিয়ালৰ পৰা এজন আৰু স্ত্ৰীৰ পৰিয়ালৰ পৰা এজন বিচাৰক নিযুক্ত কৰা; সিহঁত উভয়ে যদি নিষ্পত্তি বিচাৰে তেন্তে আল্লাহে সিহঁতৰ মাজত মীমাংসাৰ অনুকূল অৱস্থা সৃষ্টি কৰি দিব। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, সবিশেষ অৱহিত।




وَاعْبُدُوا اللّٰهَ وَلَا تُشْرِكُوْا بِهٖ شَیْـًٔا وَّبِالْوَالِدَیْنِ اِحْسَانًا وَّبِذِی الْقُرْبٰی وَالْیَتٰمٰی وَالْمَسٰكِیْنِ وَالْجَارِ ذِی الْقُرْبٰی وَالْجَارِ الْجُنُبِ وَالصَّاحِبِ بِالْجَنْۢبِ وَابْنِ السَّبِیْلِ ۙ وَمَا مَلَكَتْ اَیْمَانُكُمْ ؕ اِنَّ اللّٰهَ لَا یُحِبُّ مَنْ كَانَ مُخْتَالًا فَخُوْرَا ٣٦

36. তোমালোকে আল্লাহৰ ইবাদত কৰা, আৰু তেওঁৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰিবা; লগতে পিতৃ-মাতৃ আৰু আত্মীয়-স্বজন, এতীম, অভাৱগ্ৰস্ত, নিকট প্ৰতিৱেশী, দূৰ-প্ৰতিৱেশী, সঙ্গী-সাৰথি, মুছাফিৰ আৰু তোমালোকৰ অধিকাৰভুক্ত দাস-দাসীসকলৰ প্ৰতি সদ্ব্যৱহাৰ কৰা। নিশ্চয় আল্লাহে দাম্ভিক, অহংকাৰীক পছন্দ নকৰে।




الَّذِیْنَ یَبْخَلُوْنَ وَیَاْمُرُوْنَ النَّاسَ بِالْبُخْلِ وَیَكْتُمُوْنَ مَاۤ اٰتٰىهُمُ اللّٰهُ مِنْ فَضْلِهٖ ؕ وَاَعْتَدْنَا لِلْكٰفِرِیْنَ عَذَابًا مُّهِیْنًا ٣٧

37. যিসকলে নিজে কৃপণতা কৰে আৰু মানুহকো কৃপণতাৰ নিৰ্দেশ দিয়ে আৰু আল্লাহে নিজ অনুগ্ৰহত সিহঁতক যি প্ৰদান কৰিছে সেয়া গোপন কৰে (আল্লাহে সিহঁতক ভাল নাপায়); আৰু আমি কাফিৰসকলৰ বাবে লাঞ্ছনাদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছোঁ।




وَالَّذِیْنَ یُنْفِقُوْنَ اَمْوَالَهُمْ رِئَآءَ النَّاسِ وَلَا یُؤْمِنُوْنَ بِاللّٰهِ وَلَا بِالْیَوْمِ الْاٰخِرِ ؕ وَمَنْ یَّكُنِ الشَّیْطٰنُ لَهٗ قَرِیْنًا فَسَآءَ قَرِیْنًا ٣٨

38. আৰু যিসকলে মানুহক দেখুৱাবলৈ নিজৰ ধন-সম্পদ ব্যয় কৰে লগতে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান পোষণ নকৰে (আল্লাহে সিহঁতকো ভাল নাপায়) আৰু চয়তান যাৰ সংগী হয় এতেকে সি কিমান যে নিকৃষ্ট সংগী!




وَمَا ذَا عَلَیْهِمْ لَوْ اٰمَنُوْا بِاللّٰهِ وَالْیَوْمِ الْاٰخِرِ وَاَنْفَقُوْا مِمَّا رَزَقَهُمُ اللّٰهُ ؕ وَكَانَ اللّٰهُ بِهِمْ عَلِیْمًا ٣٩

39. সিহঁতে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান আনিলে আৰু আল্লাহে সিহঁতক যি প্ৰদান কৰিছে তাৰ পৰা ব্যয় কৰিলে সিহঁতৰ কি ক্ষতি হ’লহেঁতেন? আৰু আল্লাহে সিহঁতৰ বিষয়ে সম্যক অৱগত।




اِنَّ اللّٰهَ لَا یَظْلِمُ مِثْقَالَ ذَرَّةٍ ۚ وَاِنْ تَكُ حَسَنَةً یُّضٰعِفْهَا وَیُؤْتِ مِنْ لَّدُنْهُ اَجْرًا عَظِیْمًا ٤٠

40. নিশ্চয় আল্লাহে অণু পৰিমাণও অন্যায় নকৰে আৰু যদি সেয়া কোনো ধৰণৰ পূণ্য হয়, তেন্তে তেওঁ সেইটোক বহুগুণ বৃদ্ধি কৰি দিয়ে আৰু নিজৰ ফালৰ পৰা মহাপ্ৰতিদান প্ৰদান কৰে।




فَكَیْفَ اِذَا جِئْنَا مِنْ كُلِّ اُمَّةٍۭ بِشَهِیْدٍ وَّجِئْنَا بِكَ عَلٰی هٰۤؤُلَآءِ شَهِیْدًا ٤١

41. এতেকে যেতিয়া আমি প্ৰত্যেক উম্মতৰ পৰা এজন সাক্ষী (নবী) উপস্থিত কৰিম আৰু তোমাকো সিহঁতৰ বিৰুদ্ধে সাক্ষীৰূপে উপস্থিত কৰিম তেতিয়া সিহঁতৰ কি অৱস্থা হ’ব?




یَوْمَىِٕذٍ یَّوَدُّ الَّذِیْنَ كَفَرُوْا وَعَصَوُا الرَّسُوْلَ لَوْ تُسَوّٰی بِهِمُ الْاَرْضُ ؕ وَلَا یَكْتُمُوْنَ اللّٰهَ حَدِیْثًا ٤٢

42. যিসকলে কুফৰী কৰিছে আৰু ৰাছুলৰ অবাধ্য হৈছে সিহঁতে সেইদিনা কামনা কৰিব, সিহঁত যদি মাটিৰ লগত মিহলি সমান হৈ গ’লহেঁতেন! আৰু সিহঁতে (সেইদিনা) আল্লাহৰ পৰা কোনো কথাই গোপন কৰিব নোৱাৰিব।




یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لَا تَقْرَبُوا الصَّلٰوةَ وَاَنْتُمْ سُكٰرٰی حَتّٰی تَعْلَمُوْا مَا تَقُوْلُوْنَ وَلَا جُنُبًا اِلَّا عَابِرِیْ سَبِیْلٍ حَتّٰی تَغْتَسِلُوْا ؕ وَاِنْ كُنْتُمْ مَّرْضٰۤی اَوْ عَلٰی سَفَرٍ اَوْ جَآءَ اَحَدٌ مِّنْكُمْ مِّنَ الْغَآىِٕطِ اَوْ لٰمَسْتُمُ النِّسَآءَ فَلَمْ تَجِدُوْا مَآءً فَتَیَمَّمُوْا صَعِیْدًا طَیِّبًا فَامْسَحُوْا بِوُجُوْهِكُمْ وَاَیْدِیْكُمْ ؕ اِنَّ اللّٰهَ كَانَ عَفُوًّا غَفُوْرًا ٤٣

43. হে মুমিনসকল! তোমালোকে নিচাগ্ৰস্ত অৱস্থাত মুখেৰে যি কোৱা সেয়া নুবুজালৈকে ছালাতৰ নিকটৱৰ্তী নহ’বা, আৰু জুনুবী (অপৱিত্ৰ) অৱস্থাতো নহয়, যেতিয়ালৈকে তোমালোকে গোছল নকৰা, কিন্তু মুছাফিৰ হ’লে সেয়া সুকীয়া কথা; আৰু যদি তোমালোকে অসুস্থ হোৱা অথবা ভ্ৰমণত থকা নাইবা তোমালোকৰ কোনোবাই শৌচস্থানৰ পৰা আহি অথবা তোমালোকে নাৰী সম্ভোগ কৰাৰ পিছত পানী নোপোৱা তেন্তে পৱিত্ৰ মাটিৰ দ্বাৰা তায়াম্মুম কৰা, এতেকে তোমালোকে নিজৰ মুখমণ্ডল আৰু হাত মছেহ কৰা; নিশ্চয় আল্লাহ পাপ মোচনকাৰী, ক্ষমাশীল।




اَلَمْ تَرَ اِلَی الَّذِیْنَ اُوْتُوْا نَصِیْبًا مِّنَ الْكِتٰبِ یَشْتَرُوْنَ الضَّلٰلَةَ وَیُرِیْدُوْنَ اَنْ تَضِلُّوا السَّبِیْلَ ٤٤

44. তুমি সিহঁতক দেখা নাইনে যিসকলক কিতাবৰ এটা অংশ প্ৰদান কৰা হৈছিল? সিহঁতে পথভ্ৰষ্টতা ক্ৰয় কৰে আৰু সিহঁতে বিচাৰে যে, তোমালোকেও পথভ্ৰষ্ট হোৱা।




وَاللّٰهُ اَعْلَمُ بِاَعْدَآىِٕكُمْ ؕ وَكَفٰی بِاللّٰهِ وَلِیًّا ؗۗ وَكَفٰی بِاللّٰهِ نَصِیْرًا ٤٥

45. আল্লাহে তোমালোকৰ শত্ৰুসকলক ভালদৰেই চিনি পায়; আৰু অভিভাৱক হিচাপে আল্লাহেই যথেষ্ট, লগতে সহায়কাৰী হিচাপেও আল্লাহেই যথেষ্ট।




مِنَ الَّذِیْنَ هَادُوْا یُحَرِّفُوْنَ الْكَلِمَ عَنْ مَّوَاضِعِهٖ وَیَقُوْلُوْنَ سَمِعْنَا وَعَصَیْنَا وَاسْمَعْ غَیْرَ مُسْمَعٍ وَرَاعِنَا لَیًّۢا بِاَلْسِنَتِهِمْ وَطَعْنًا فِی الدِّیْنِ ؕ وَلَوْ اَنَّهُمْ قَالُوْا سَمِعْنَا وَاَطَعْنَا وَاسْمَعْ وَانْظُرْنَا لَكَانَ خَیْرًا لَّهُمْ وَاَقْوَمَ ۙ وَلٰكِنْ لَّعَنَهُمُ اللّٰهُ بِكُفْرِهِمْ فَلَا یُؤْمِنُوْنَ اِلَّا قَلِیْلًا ٤٦

46. ইয়াহুদীসকলৰ মাজত এনেকুৱা কিছুমান লোকো আছে যিসকলে (তাওৰাতৰ) কালামসমূহক তাৰ স্থানৰ পৰা পৰিবৰ্তন কৰি বিকৃত কৰে আৰু (মুহাম্মদক) কয়, ‘আমি শুনিলোঁ আৰু অমান্য কৰিলোঁ, আৰু শুনা নুশুনাৰ দৰে’; আৰু নিজৰ জিভা ঘূৰাই লগতে দ্বীনৰ প্ৰতি তাচ্ছিল্য কৰি কয়, ‘ৰা-ঈনা’। কিন্তু সিহঁতে যদি ক’লেহেঁতেন, ‘আমি শুনিলোঁ আৰু মানিলোঁ, আৰু শুনা আৰু আমাৰ প্ৰতি লক্ষ্য কৰা’, তেন্তে এয়া সিহঁতৰ বাবে ভাল আৰু সঙ্গত হ’লহেঁতেন। কিন্তু সিহঁতৰ কুফৰীৰ বাবে আল্লাহে সিহঁতক অভিসম্পাত কৰিছে। ফলত সিহঁতৰ অতি কম সংখ্যক লোকে ঈমান পোষণ কৰে।




یٰۤاَیُّهَا الَّذِیْنَ اُوْتُوا الْكِتٰبَ اٰمِنُوْا بِمَا نَزَّلْنَا مُصَدِّقًا لِّمَا مَعَكُمْ مِّنْ قَبْلِ اَنْ نَّطْمِسَ وُجُوْهًا فَنَرُدَّهَا عَلٰۤی اَدْبَارِهَاۤ اَوْ نَلْعَنَهُمْ كَمَا لَعَنَّاۤ اَصْحٰبَ السَّبْتِ ؕ وَكَانَ اَمْرُ اللّٰهِ مَفْعُوْلًا ٤٧

47. হে কিতাবপ্ৰাপ্তসকল! আমি মুখমণ্ডলসমূহক বিকৃত কৰি পশ্চাদফালে ঘূৰাই দিয়াৰ আগতে অথবা আচহাবুচ ছাবতক(শনিবাৰ অমান্যকাৰীসকলক) যিদৰে অভিসম্পাত কৰিছিলোঁ সেইদৰে অভিসম্পাত কৰাৰ আগতে তোমালোকৰ ওচৰত যি আছে তাৰ সমৰ্থকৰূপে আমি যি অৱতীৰ্ণ কৰিছোঁ তাৰ প্ৰতি তোমালোকে ঈমান পোষণ কৰা; (জানি থোৱা) আল্লাহৰ আদেশ কাৰ্যকৰী হ’বই হ’ব।




اِنَّ اللّٰهَ لَا یَغْفِرُ اَنْ یُّشْرَكَ بِهٖ وَیَغْفِرُ مَا دُوْنَ ذٰلِكَ لِمَنْ یَّشَآءُ ۚ وَمَنْ یُّشْرِكْ بِاللّٰهِ فَقَدِ افْتَرٰۤی اِثْمًا عَظِیْمًا ٤٨

48. নিশ্চয় আল্লাহে তেওঁৰ লগত অংশী স্থাপন (শ্বিৰ্ক) কৰাক ক্ষমা নকৰে। ইয়াৰ বাহিৰে অন্যান্য অপৰাধসমূহ যাক ইচ্ছা ক্ষমা কৰে আৰু যিয়ে আল্লাহৰ লগত আনক অংশী কৰে সি নিশ্চয় মহাপাপ ৰচনা কৰে।




اَلَمْ تَرَ اِلَی الَّذِیْنَ یُزَكُّوْنَ اَنْفُسَهُمْ ؕ بَلِ اللّٰهُ یُزَكِّیْ مَنْ یَّشَآءُ وَلَا یُظْلَمُوْنَ فَتِیْلًا ٤٩

49. তুমি সিহঁতক দেখা নাইনে, যিসকলে নিজকে পৱিত্ৰ বুলি ধাৰণা কৰে? অথচ আল্লাহে যাক ইচ্ছা কৰে পৱিত্ৰ কৰে, আৰু সিহঁতৰ ওপৰত সূতা পৰিমাণো অন্যায় কৰা নহ’ব।




اُنْظُرْ كَیْفَ یَفْتَرُوْنَ عَلَی اللّٰهِ الْكَذِبَ ؕ وَكَفٰی بِهٖۤ اِثْمًا مُّبِیْنًا ٥٠

50. চোৱা, সিহঁতে আল্লাহ সম্পৰ্কে কেনেকৈ মিছা উদ্ভাৱন কৰি আছে, আৰু প্ৰকাশ্য পাপ হিচাপে এইটোৱেই যথেষ্ট।




اَلَمْ تَرَ اِلَی الَّذِیْنَ اُوْتُوْا نَصِیْبًا مِّنَ الْكِتٰبِ یُؤْمِنُوْنَ بِالْجِبْتِ وَالطَّاغُوْتِ وَیَقُوْلُوْنَ لِلَّذِیْنَ كَفَرُوْا هٰۤؤُلَآءِ اَهْدٰی مِنَ الَّذِیْنَ اٰمَنُوْا سَبِیْلًا ٥١

51. তুমি সিহঁতৰ প্ৰতি লক্ষ্য কৰা নাইনে, যিসকলক কিতাবৰ এটা অংশ প্ৰদান কৰা হৈছিল? সিহঁতে জিব’ত (চয়তান, শ্বিৰ্ক আৰু যাদু আদি) আৰু তাগুতক (বাতিল উপাস্যক) বিশ্বাস কৰে, লগতে সিহঁতে কাফিৰসকলৰ বিষয়ে কয়, ‘এওঁলোকেই মুমিনসকলতকৈ অধিক সঠিক পথপ্ৰাপ্ত’।




اُولٰٓىِٕكَ الَّذِیْنَ لَعَنَهُمُ اللّٰهُ ؕ وَمَنْ یَّلْعَنِ اللّٰهُ فَلَنْ تَجِدَ لَهٗ نَصِیْرًا ٥٢

52. ইহঁতেই হৈছে সেইসকল লোক, যিসকলৰ ওপৰত আল্লাহে অভিসম্পাত কৰিছে আৰু আল্লাহে যাক অভিসম্পাত কৰে তুমি কেতিয়াও তাৰ কোনো সহায়কাৰী নাপাবা।




اَمْ لَهُمْ نَصِیْبٌ مِّنَ الْمُلْكِ فَاِذًا لَّا یُؤْتُوْنَ النَّاسَ نَقِیْرًا ٥٣

53. (আল্লাহৰ) ৰাজত্বত সিহঁতৰ কোনো অংশ আছে নেকি? (যদি থাকিলহেঁতেন) তেতিয়াহ’লে সিহঁতে খেজুৰৰ গুটিৰ ওপৰত থকা মিহি আৱৰণ পৰিমাণো কোনো বস্তু মানুহক নিদিলে হয়।




اَمْ یَحْسُدُوْنَ النَّاسَ عَلٰی مَاۤ اٰتٰىهُمُ اللّٰهُ مِنْ فَضْلِهٖ ۚ فَقَدْ اٰتَیْنَاۤ اٰلَ اِبْرٰهِیْمَ الْكِتٰبَ وَالْحِكْمَةَ وَاٰتَیْنٰهُمْ مُّلْكًا عَظِیْمًا ٥٤

54. অথবা আল্লাহে নিজ অনুগ্ৰহত মানুহক যি প্ৰদান কৰিছে সেইবাবে সিহঁতে মানুহক ঈৰ্ষা কৰে নেকি? তেনেহ’লে আমিতো ইব্ৰাহীমৰ বংশধৰসকলকো কিতাব আৰু হিকমত প্ৰদান কৰিছিলোঁ আৰু আমি তেওঁলোকক বিশাল ৰাজ্য দান কৰিছিলোঁ।




فَمِنْهُمْ مَّنْ اٰمَنَ بِهٖ وَمِنْهُمْ مَّنْ صَدَّ عَنْهُ ؕ وَكَفٰی بِجَهَنَّمَ سَعِیْرًا ٥٥

55. তাৰ পিছত সিহঁতৰ কিছুমানে ঈমান আনিছিল আৰু আন কিছুমানে ইয়াৰ পৰা বিমুখ হৈছিল; প্ৰকৃততে দগ্ধ কৰিবলৈ জাহান্নামেই যথেষ্ট।




اِنَّ الَّذِیْنَ كَفَرُوْا بِاٰیٰتِنَا سَوْفَ نُصْلِیْهِمْ نَارًا ؕ كُلَّمَا نَضِجَتْ جُلُوْدُهُمْ بَدَّلْنٰهُمْ جُلُوْدًا غَیْرَهَا لِیَذُوْقُوا الْعَذَابَ ؕ اِنَّ اللّٰهَ كَانَ عَزِیْزًا حَكِیْمًا ٥٦

56. নিশ্চয় যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰে, অচিৰেই আমি সিহঁতক জুইত প্ৰৱেশ কৰাম; যেতিয়াই সিহঁতৰ ছাল জুইত পুৰি পকি যাব (দগ্ধ হ’ব), তেতিয়াই ইয়াৰ ঠাইত নতুন ছাল সলনি কৰি দিম, যাতে সিহঁতে শাস্তি ভোগ কৰিব পাৰে। নিশ্চয় আল্লাহ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।




وَالَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ سَنُدْخِلُهُمْ جَنّٰتٍ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ خٰلِدِیْنَ فِیْهَاۤ اَبَدًا ؕ لَهُمْ فِیْهَاۤ اَزْوَاجٌ مُّطَهَّرَةٌ ؗ وَنُدْخِلُهُمْ ظِلًّا ظَلِیْلًا ٥٧

57. আৰু যিসকলে ঈমান আনিছে আৰু নেক আমল কৰিছে, অতিশীঘ্ৰে আমি তেওঁলোকক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাম, যাৰ তলত নিজৰাসমূহ প্ৰবাহিত; তাত তেওঁলোক চিৰস্থায়ী হ’ব, লগতে তাত থাকিব তেওঁলোকৰ বাবে পৱিত্ৰ স্ত্ৰী, আৰু তেওঁলোকক আমি বিস্তৃত ঘন ছাঁত আশ্ৰয় দান কৰিম।




اِنَّ اللّٰهَ یَاْمُرُكُمْ اَنْ تُؤَدُّوا الْاَمٰنٰتِ اِلٰۤی اَهْلِهَا ۙ وَاِذَا حَكَمْتُمْ بَیْنَ النَّاسِ اَنْ تَحْكُمُوْا بِالْعَدْلِ ؕ اِنَّ اللّٰهَ نِعِمَّا یَعِظُكُمْ بِهٖ ؕ اِنَّ اللّٰهَ كَانَ سَمِیْعًۢا بَصِیْرًا ٥٨

58. নিশ্চয় আল্লাহে তোমালোকক আমানতসমূহ তাৰ গৰাকীলৈ ঘূৰাই দিয়াৰ নিৰ্দেশ দিছে। তোমালোকে যেতিয়া মানুহৰ মাজত বিচাৰকাৰ্য পৰিচালনা কৰিবা তেতিয়া তোমালোকে ন্যায়পৰায়ণতাৰ সৈতে বিচাৰ কৰিবা। আল্লাহে তোমালোকক যি উপদেশ দিয়ে সেয়া কিমান যে উৎকৃষ্ট! নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।




یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْۤا اَطِیْعُوا اللّٰهَ وَاَطِیْعُوا الرَّسُوْلَ وَاُولِی الْاَمْرِ مِنْكُمْ ۚ فَاِنْ تَنَازَعْتُمْ فِیْ شَیْءٍ فَرُدُّوْهُ اِلَی اللّٰهِ وَالرَّسُوْلِ اِنْ كُنْتُمْ تُؤْمِنُوْنَ بِاللّٰهِ وَالْیَوْمِ الْاٰخِرِ ؕ ذٰلِكَ خَیْرٌ وَّاَحْسَنُ تَاْوِیْلًا ٥٩

59. হে মুমিনসকল! তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰাছুলৰ আনুগত্য কৰা লগতে আনুগত্য কৰা তোমালোকৰ মাজৰ ক্ষমতাশীলসকলৰ, তাৰ পিছত তোমালোকৰ মাজত কোনো বিষয়লৈ মতভেদ ঘটিলে সেয়া উপস্থাপন কৰা আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ওচৰত, যদি তোমালোকে আল্লাহ আৰু আখিৰাতক বিশ্বাস কৰা। এই পন্থাই উত্তম আৰু পৰিণামত প্ৰকৃষ্টতৰ।




اَلَمْ تَرَ اِلَی الَّذِیْنَ یَزْعُمُوْنَ اَنَّهُمْ اٰمَنُوْا بِمَاۤ اُنْزِلَ اِلَیْكَ وَمَاۤ اُنْزِلَ مِنْ قَبْلِكَ یُرِیْدُوْنَ اَنْ یَّتَحَاكَمُوْۤا اِلَی الطَّاغُوْتِ وَقَدْ اُمِرُوْۤا اَنْ یَّكْفُرُوْا بِهٖ ؕ وَیُرِیْدُ الشَّیْطٰنُ اَنْ یُّضِلَّهُمْ ضَلٰلًۢا بَعِیْدًا ٦٠

60. তুমি সিহঁতক দেখা নাইনে? যিসকলে দাবী কৰে যে, তোমাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে আৰু তোমাৰ পূৰ্বে যি অৱতীৰ্ণ হৈছে তাত সিহঁতে ঈমান আনিছে, অথচ সিহঁতে তাগুতৰ ওচৰত বিচাৰপ্ৰাৰ্থী হ’ব বিচাৰে, যদিও সেইটোক প্ৰত্যাখ্যান কৰাৰ বাবে সিহঁতক নিৰ্দেশ দিয়া হৈছিল; আৰু চয়তানে সিহঁতক ভীষণভাৱে পথভ্ৰষ্ট কৰিব বিচাৰে।