ছুৰা আন-নিছা

اُولٰٓىِٕكَ هُمُ الْكٰفِرُوْنَ حَقًّا ۚ وَاَعْتَدْنَا لِلْكٰفِرِیْنَ عَذَابًا مُّهِیْنًا ١٥١

151. ইহঁতেই হৈছে প্ৰকৃত কাফিৰ; (জানি থোৱা) আমি কাফিৰসকলৰ বাবে লাঞ্ছনাদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছোঁ।




وَالَّذِیْنَ اٰمَنُوْا بِاللّٰهِ وَرُسُلِهٖ وَلَمْ یُفَرِّقُوْا بَیْنَ اَحَدٍ مِّنْهُمْ اُولٰٓىِٕكَ سَوْفَ یُؤْتِیْهِمْ اُجُوْرَهُمْ ؕ وَكَانَ اللّٰهُ غَفُوْرًا رَّحِیْمًا ١٥٢

152. আনহাতে যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলসকলৰ প্ৰতি ঈমান আনিছে আৰু তেওঁলোকৰ কাৰো মাজত কোনো পাৰ্থক্য কৰা নাই, অতিসোনকালে তেওঁলোকক তেওঁলোকৰ প্ৰতিদান দিয়া হ’ব, আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।




یَسْـَٔلُكَ اَهْلُ الْكِتٰبِ اَنْ تُنَزِّلَ عَلَیْهِمْ كِتٰبًا مِّنَ السَّمَآءِ فَقَدْ سَاَلُوْا مُوْسٰۤی اَكْبَرَ مِنْ ذٰلِكَ فَقَالُوْۤا اَرِنَا اللّٰهَ جَهْرَةً فَاَخَذَتْهُمُ الصّٰعِقَةُ بِظُلْمِهِمْ ۚ ثُمَّ اتَّخَذُوا الْعِجْلَ مِنْۢ بَعْدِ مَا جَآءَتْهُمُ الْبَیِّنٰتُ فَعَفَوْنَا عَنْ ذٰلِكَ ۚ وَاٰتَیْنَا مُوْسٰی سُلْطٰنًا مُّبِیْنًا ١٥٣

153. কিতাবীসকলে বিচাৰে যে, তুমি আকাশৰ পৰা সিহঁতৰ বাবে এখন কিতাব অৱতীৰ্ণ কৰা, সিহঁতে মুছাৰ ওচৰত ইয়াতকৈও ডাঙৰ দাবী কৰিছিল। সিহঁতে কৈছিল, ‘আমাক প্ৰকাশ্যভাৱে আল্লাহক দেখুওৱা’। ফলত সিহঁতৰ সীমালংঘনৰ কাৰণে সিহঁতক বজ্ৰপাতে ধৰিছিল, তাৰ পিছত সিহঁতৰ ওচৰত স্পষ্ট প্ৰমাণ অহাৰ পিছতো সিহঁতে দামুৰী এটাক উপাস্যৰূপে গ্ৰহণ কৰিছিল, তথাপিও আমি সেয়া ক্ষমা কৰিছিলোঁ আৰু আমি মুছাক স্পষ্ট প্ৰমাণ প্ৰদান কৰিছিলোঁ।




وَرَفَعْنَا فَوْقَهُمُ الطُّوْرَ بِمِیْثَاقِهِمْ وَقُلْنَا لَهُمُ ادْخُلُوا الْبَابَ سُجَّدًا وَّقُلْنَا لَهُمْ لَا تَعْدُوْا فِی السَّبْتِ وَاَخَذْنَا مِنْهُمْ مِّیْثَاقًا غَلِیْظًا ١٥٤

154. আৰু সিহঁতৰ অংগীকাৰ গ্ৰহণ কৰিবলৈ তূৰ পৰ্বতক আমি সিহঁতৰ ওপৰত উত্তোলন কৰিছিলোঁ আৰু সিহঁতক কৈছিলোঁ, ‘শিৰ নত কৰি দুৱাৰেৰে প্ৰৱেশ কৰা’। আমি সিহঁতক আৰু কৈছিলোঁ যে, ‘শনিবাৰে (বিশ্ৰামৰ দিনা মাছ ধৰি) সীমালংঘন নকৰিবা’, লগতে আমি সিহঁতৰ পৰা দৃঢ় অংগীকাৰ লৈছিলোঁ।




فَبِمَا نَقْضِهِمْ مِّیْثَاقَهُمْ وَكُفْرِهِمْ بِاٰیٰتِ اللّٰهِ وَقَتْلِهِمُ الْاَنْۢبِیَآءَ بِغَیْرِ حَقٍّ وَقَوْلِهِمْ قُلُوْبُنَا غُلْفٌ ؕ بَلْ طَبَعَ اللّٰهُ عَلَیْهَا بِكُفْرِهِمْ فَلَا یُؤْمِنُوْنَ اِلَّا قَلِیْلًا ١٥٥

155. তাৰ পিছত (সিহঁতক শাস্তি দিয়া হৈছিল) কাৰণ সিহঁতে অংগীকাৰ ভংগ কৰিছিল, আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল আৰু এই বুলি কৈছিল যে, ‘আমাৰ হৃদয়সমূহ আচ্ছাদিত’। বৰং সিহঁতৰ কুফৰীৰ বাবে আল্লাহে সিহঁতৰ অন্তৰসমূহত মোহৰ মাৰি দিছিল। গতিকে সিহঁতৰ কেৱল কিছুসংখ্যক লোকেই ঈমান আনিব।




وَبِكُفْرِهِمْ وَقَوْلِهِمْ عَلٰی مَرْیَمَ بُهْتَانًا عَظِیْمًا ١٥٦

156. লগতে সিহঁতে কুফৰী কৰাৰ কাৰণে আৰু মাৰয়ামৰ বিৰুদ্ধে গুৰুতৰ অপবাদ আৰোপ কৰাৰ কাৰণে (অভিশপ্ত হৈছিল)।




وَقَوْلِهِمْ اِنَّا قَتَلْنَا الْمَسِیْحَ عِیْسَی ابْنَ مَرْیَمَ رَسُوْلَ اللّٰهِ ۚ وَمَا قَتَلُوْهُ وَمَا صَلَبُوْهُ وَلٰكِنْ شُبِّهَ لَهُمْ ؕ وَاِنَّ الَّذِیْنَ اخْتَلَفُوْا فِیْهِ لَفِیْ شَكٍّ مِّنْهُ ؕ مَا لَهُمْ بِهٖ مِنْ عِلْمٍ اِلَّا اتِّبَاعَ الظَّنِّ ۚ وَمَا قَتَلُوْهُ یَقِیْنًۢا ١٥٧

157. লগতে সিহঁতৰ এই উক্তিৰ কাৰণে (অভিশপ্ত হৈছিল) যে, আমিয়েই আল্লাহৰ ৰাছুল মাৰয়ামৰ পুত্ৰ ঈছাক হত্যা কৰিছিলোঁ। অথচ সিহঁতে তেওঁক হত্যাও কৰা নাই আৰু ক্ৰুছবিদ্ধও কৰা নাছিল; বৰং সিহঁতৰ বাবে (বেলেগ এজন লোকক) তেওঁৰ সদৃশ কৰি দিয়া হৈছিল। নিশ্চয় যিসকলে তেওঁৰ বিষয়ে মতভেদ কৰিছিল, সিহঁত এই বিষয়ে সন্দেহত আছিল; এই বিষয়ে অনুমানৰ বাহিৰে সিহঁতৰ ওচৰত কোনো জ্ঞানেই নাই। এইটো নিশ্চিত যে সিহঁতে তেওঁক হত্যা কৰা নাছিল।




بَلْ رَّفَعَهُ اللّٰهُ اِلَیْهِ ؕ وَكَانَ اللّٰهُ عَزِیْزًا حَكِیْمًا ١٥٨

158. বৰং আল্লাহে তেওঁক নিজৰ ওচৰলৈ উঠাই লৈছে আৰু আল্লাহ মহা পৰাক্ৰমশালী, প্ৰজ্ঞাময়।




وَاِنْ مِّنْ اَهْلِ الْكِتٰبِ اِلَّا لَیُؤْمِنَنَّ بِهٖ قَبْلَ مَوْتِهٖ ۚ وَیَوْمَ الْقِیٰمَةِ یَكُوْنُ عَلَیْهِمْ شَهِیْدًا ١٥٩

159. কিতাবীসকলৰ মাজৰ পৰা প্ৰত্যেকেই তেওঁৰ মৃত্যুৰ পূৰ্বে তেওঁৰ ওপৰত ঈমান আনিব আৰু ক্বিয়ামতৰ দিনা তেওঁ সিহঁতৰ বিৰুদ্ধে সাক্ষী হ’ব।




فَبِظُلْمٍ مِّنَ الَّذِیْنَ هَادُوْا حَرَّمْنَا عَلَیْهِمْ طَیِّبٰتٍ اُحِلَّتْ لَهُمْ وَبِصَدِّهِمْ عَنْ سَبِیْلِ اللّٰهِ كَثِیْرًا ١٦٠

160. বহুতো পৱিত্ৰ বস্তু আমি ইয়াহুদীসকলৰ দুৰাচাৰীতাৰ কাৰণে আৰু আল্লাহৰ পথৰ পৰা বহুতক বাধা দিয়াৰ কাৰণে সিহঁতৰ ওপৰত হাৰাম কৰিছিলোঁ যিবোৰ সিহঁতৰ বাবে হালাল আছিল।




وَاَخْذِهِمُ الرِّبٰوا وَقَدْ نُهُوْا عَنْهُ وَاَكْلِهِمْ اَمْوَالَ النَّاسِ بِالْبَاطِلِ ؕ وَاَعْتَدْنَا لِلْكٰفِرِیْنَ مِنْهُمْ عَذَابًا اَلِیْمًا ١٦١

161. লগতে সিহঁতৰ সুত গ্ৰহণৰ কাৰণে, অথচ ইয়াৰ পৰা সিহঁতক নিষেধ কৰা হৈছিল; আৰু অন্যায়ভাৱে মানুহৰ ধন-সম্পদ গ্ৰাস কৰাৰ কাৰণেও। আৰু আমি সিহঁতৰ মাজৰ কাফিৰসকলৰ বাবে কষ্টদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছোঁ।




لٰكِنِ الرّٰسِخُوْنَ فِی الْعِلْمِ مِنْهُمْ وَالْمُؤْمِنُوْنَ یُؤْمِنُوْنَ بِمَاۤ اُنْزِلَ اِلَیْكَ وَمَاۤ اُنْزِلَ مِنْ قَبْلِكَ وَالْمُقِیْمِیْنَ الصَّلٰوةَ وَالْمُؤْتُوْنَ الزَّكٰوةَ وَالْمُؤْمِنُوْنَ بِاللّٰهِ وَالْیَوْمِ الْاٰخِرِ ؕ اُولٰٓىِٕكَ سَنُؤْتِیْهِمْ اَجْرًا عَظِیْمًا ١٦٢

162. কিন্তু সিহঁতৰ মাজৰ গভীৰ জ্ঞানী লোকসকলে আৰু মুমিনসকলে তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে আৰু তোমাৰ পূৰ্বে যি অৱতীৰ্ণ কৰা হৈছিল তাৰ প্ৰতি ঈমান পোষণ কৰে। ছালাত প্ৰতিষ্ঠা কৰে, যাকাত প্ৰদান কৰে লগতে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান পোষণ কৰে, অতিসোনকালে আমি এইসকল লোকক মহা পুৰস্কাৰ দান কৰিম।




اِنَّاۤ اَوْحَیْنَاۤ اِلَیْكَ كَمَاۤ اَوْحَیْنَاۤ اِلٰی نُوْحٍ وَالنَّبِیّٖنَ مِنْۢ بَعْدِهٖ ۚ وَاَوْحَیْنَاۤ اِلٰۤی اِبْرٰهِیْمَ وَاِسْمٰعِیْلَ وَاِسْحٰقَ وَیَعْقُوْبَ وَالْاَسْبَاطِ وَعِیْسٰی وَاَیُّوْبَ وَیُوْنُسَ وَهٰرُوْنَ وَسُلَیْمٰنَ ۚ وَاٰتَیْنَا دَاوٗدَ زَبُوْرًا ١٦٣

163. নিশ্চয় আমি তোমাৰ ওচৰলৈ অহী প্ৰেৰণ কৰিছোঁ, যেনেকৈ নূহ আৰু তেওঁৰ পৰৱৰ্তী নবীসকলৰ প্ৰতি অহী প্ৰেৰণ কৰিছিলোঁ; আৰু ইব্ৰাহীম, ইছমাঈল, ইছহাক্ব, ইয়াক্বূব আৰু তেওঁৰ বংশধৰ, ঈছা, আইউব, ইউনুছ, হাৰুন আৰু ছুলাইমানৰ ওচৰতো অহী প্ৰেৰণ কৰিছিলোঁ, লগতে দাঊদক প্ৰদান কৰিছিলোঁ যাবূৰ।




وَرُسُلًا قَدْ قَصَصْنٰهُمْ عَلَیْكَ مِنْ قَبْلُ وَرُسُلًا لَّمْ نَقْصُصْهُمْ عَلَیْكَ ؕ وَكَلَّمَ اللّٰهُ مُوْسٰی تَكْلِیْمًا ١٦٤

164. আৰু বহুতো ৰাছুল, যিসকলৰ বৰ্ণনা আমি তোমাক দিছোঁ আৰু বহুতো ৰাছুল যিসকলৰ বৰ্ণনা আমি তোমাক দিয়া নাই, (জানি থোৱা) আল্লাহে মুছাৰ সৈতে সুস্পষ্টৰূপে কথা কৈছে।




رُسُلًا مُّبَشِّرِیْنَ وَمُنْذِرِیْنَ لِئَلَّا یَكُوْنَ لِلنَّاسِ عَلَی اللّٰهِ حُجَّةٌۢ بَعْدَ الرُّسُلِ ؕ وَكَانَ اللّٰهُ عَزِیْزًا حَكِیْمًا ١٦٥

165. সুসংবাদবাহী আৰু সাৱধানকাৰী ৰাছুল প্ৰেৰণ কৰিছোঁ, যাতে ৰাছুলসকল অহাৰ পিছত আল্লাহৰ বিৰুদ্ধে মানুহৰ বাবে কোনো অভিযোগ নাথাকে; আৰু আল্লাহ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।




لٰكِنِ اللّٰهُ یَشْهَدُ بِمَاۤ اَنْزَلَ اِلَیْكَ اَنْزَلَهٗ بِعِلْمِهٖ ۚ وَالْمَلٰٓىِٕكَةُ یَشْهَدُوْنَ ؕ وَكَفٰی بِاللّٰهِ شَهِیْدًا ١٦٦

166. কিন্তু আল্লাহে তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰিছে তেওঁ নিজেই তাৰ সাক্ষী। তেওঁ সেয়া অৱতীৰ্ণ কৰিছে নিজ জ্ঞানৰ ভিত্তিত আৰু ফিৰিস্তাসকলেও সাক্ষ্য দিছে, যদিও সাক্ষীৰূপে আল্লাহেই যথেষ্ট।




اِنَّ الَّذِیْنَ كَفَرُوْا وَصَدُّوْا عَنْ سَبِیْلِ اللّٰهِ قَدْ ضَلُّوْا ضَلٰلًۢا بَعِیْدًا ١٦٧

167. নিশ্চয় যিসকলে কুফৰী কৰিছে আৰু আল্লাহৰ পথত বাধা প্ৰদান কৰিছে, সিহঁত নিশ্চিতৰূপে ভীষণভাৱে পথভ্ৰষ্ট হৈছে।




اِنَّ الَّذِیْنَ كَفَرُوْا وَظَلَمُوْا لَمْ یَكُنِ اللّٰهُ لِیَغْفِرَ لَهُمْ وَلَا لِیَهْدِیَهُمْ طَرِیْقًا ١٦٨

168. নিশ্চয় যিসকলে কুফৰী কৰিছে আৰু অন্যায়-অত্যাচাৰ কৰিছে, আল্লাহে সিহঁতক ক্ষমা নকৰিব আৰু সিহঁতক কোনো পথো নেদেখাব।




اِلَّا طَرِیْقَ جَهَنَّمَ خٰلِدِیْنَ فِیْهَاۤ اَبَدًا ؕ وَكَانَ ذٰلِكَ عَلَی اللّٰهِ یَسِیْرًا ١٦٩

169. কেৱল জাহান্নামৰ পথৰ বাহিৰে। তাত সিহঁতে চিৰকাল থাকিব আৰু এইটো আল্লাহৰ বাবে অতি সহজ।




یٰۤاَیُّهَا النَّاسُ قَدْ جَآءَكُمُ الرَّسُوْلُ بِالْحَقِّ مِنْ رَّبِّكُمْ فَاٰمِنُوْا خَیْرًا لَّكُمْ ؕ وَاِنْ تَكْفُرُوْا فَاِنَّ لِلّٰهِ مَا فِی السَّمٰوٰتِ وَالْاَرْضِ ؕ وَكَانَ اللّٰهُ عَلِیْمًا حَكِیْمًا ١٧٠

170. হে মানৱজাতি! নিশ্চয় ৰাছুলে তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা সত্য লৈ আহিছে, এতেকে তোমালোকে ঈমান পোষণ কৰা, এইটোৱে তোমালোকৰ বাবে কল্যাণকৰ হ’ব। আনহাতে যদি তোমালোকে কুফৰী কৰা তেন্তে (জানি থোৱা) আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই; আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।




یٰۤاَهْلَ الْكِتٰبِ لَا تَغْلُوْا فِیْ دِیْنِكُمْ وَلَا تَقُوْلُوْا عَلَی اللّٰهِ اِلَّا الْحَقَّ ؕ اِنَّمَا الْمَسِیْحُ عِیْسَی ابْنُ مَرْیَمَ رَسُوْلُ اللّٰهِ وَكَلِمَتُهٗ ۚ اَلْقٰىهَاۤ اِلٰی مَرْیَمَ وَرُوْحٌ مِّنْهُ ؗ فَاٰمِنُوْا بِاللّٰهِ وَرُسُلِهٖ ۚ وَلَا تَقُوْلُوْا ثَلٰثَةٌ ؕ اِنْتَهُوْا خَیْرًا لَّكُمْ ؕ اِنَّمَا اللّٰهُ اِلٰهٌ وَّاحِدٌ ؕ سُبْحٰنَهٗۤ اَنْ یَّكُوْنَ لَهٗ وَلَدٌ ۘ لَهٗ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ ؕ وَكَفٰی بِاللّٰهِ وَكِیْلًا ١٧١

171. হে আহলে কিতাব! তোমালোকে নিজৰ ধৰ্মত গুলু (সীমালংঘন) নকৰিবা আৰু আল্লাহৰ বিষয়ে সত্যৰ বাহিৰে আন একো নক’বা। মাৰয়ামৰ পুত্ৰ ঈছা মছীহ কেৱল এজন আল্লাহৰ ৰাছুল আৰু তেওঁৰ বাণীহে, যিটো তেওঁ মাৰয়ামৰ ওচৰত প্ৰেৰণ কৰিছিল আৰু তেওঁৰ তৰফৰ পৰা এটা ৰূহ। সেয়ে তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলসকলৰ ওপৰত ঈমান পোষণ কৰা আৰু (আল্লাহক) তিনি বুলি নক’বা, (এনে উক্তি) পৰিত্যাগ কৰা, এইটোৱেই তোমালোকৰ বাবে কল্যাণকৰ। আল্লাহেই হৈছে একমাত্ৰ ইলাহ, তেওঁৰ সন্তান হ’ব—তেওঁ এনে কথাৰ পৰা পৱিত্ৰ-মহান। আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই; আৰু কৰ্ম-বিধায়কৰূপে আল্লাহেই যথেষ্ট।




لَنْ یَّسْتَنْكِفَ الْمَسِیْحُ اَنْ یَّكُوْنَ عَبْدًا لِّلّٰهِ وَلَا الْمَلٰٓىِٕكَةُ الْمُقَرَّبُوْنَ ؕ وَمَنْ یَّسْتَنْكِفْ عَنْ عِبَادَتِهٖ وَیَسْتَكْبِرْ فَسَیَحْشُرُهُمْ اِلَیْهِ جَمِیْعًا ١٧٢

172. মছীহে আল্লাহৰ বান্দা হ’বলৈ কেতিয়াও তাচ্ছিল্য বোধ নকৰে, আৰু ঘনিষ্ট ফিৰিস্তাসকলেও নকৰে। দৰাচলতে যিয়ে তেওঁৰ ইবাদতক তাচ্ছিল্য জ্ঞান কৰে আৰু অহংকাৰ কৰে, তেওঁ সিহঁত আটাইকে শীঘ্ৰেই তেওঁৰ ওচৰত একত্ৰিত কৰিব।




فَاَمَّا الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ فَیُوَفِّیْهِمْ اُجُوْرَهُمْ وَیَزِیْدُهُمْ مِّنْ فَضْلِهٖ ۚ وَاَمَّا الَّذِیْنَ اسْتَنْكَفُوْا وَاسْتَكْبَرُوْا فَیُعَذِّبُهُمْ عَذَابًا اَلِیْمًا ۙ۬ وَلَا یَجِدُوْنَ لَهُمْ مِّنْ دُوْنِ اللّٰهِ وَلِیًا وَّلَا نَصِیْرًا ١٧٣

173. আনহাতে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, আল্লাহে তেওঁলোকক তেওঁলোকৰ পুৰস্কাৰ পৰিপূৰ্ণভাৱে দান কৰিব, লগতে নিজ অনুগ্ৰহত আৰু বেছিকৈ প্ৰদান কৰিব। আনহাতে যিসকলে (আল্লাহৰ ইবাদত কৰাক) তাচ্ছিল্য জ্ঞান কৰিছে আৰু অহংকাৰ কৰিছে, সিহঁতক তেওঁ কষ্টদায়ক শাস্তি দিব। আল্লাহৰ বাহিৰে সিহঁতে কোনো অভিভাৱক আৰু সহায়ক নাপাব।




یٰۤاَیُّهَا النَّاسُ قَدْ جَآءَكُمْ بُرْهَانٌ مِّنْ رَّبِّكُمْ وَاَنْزَلْنَاۤ اِلَیْكُمْ نُوْرًا مُّبِیْنًا ١٧٤

174. হে মানৱজাতি! তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰলৈ প্ৰমাণ আহিছে আৰু আমি তোমালোকৰ প্ৰতি স্পষ্ট জ্যোতি অৱতীৰ্ণ কৰিছোঁ।




فَاَمَّا الَّذِیْنَ اٰمَنُوْا بِاللّٰهِ وَاعْتَصَمُوْا بِهٖ فَسَیُدْخِلُهُمْ فِیْ رَحْمَةٍ مِّنْهُ وَفَضْلٍ ۙ وَیَهْدِیْهِمْ اِلَیْهِ صِرَاطًا مُّسْتَقِیْمًا ١٧٥

175. এতেকে যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু তেওঁক দৃঢ়ভাৱে অৱলম্বন কৰিছে, আল্লাহে তেওঁলোকক নিশ্চয় তেওঁৰ দয়া আৰু অনুগ্ৰহৰ মাজত প্ৰৱেশ কৰাব আৰু তেওঁলোকক সৰল পথত তেওঁৰ ফালে পৰিচালিত কৰিব।




یَسْتَفْتُوْنَكَ ؕ قُلِ اللّٰهُ یُفْتِیْكُمْ فِی الْكَلٰلَةِ ؕ اِنِ امْرُؤٌا هَلَكَ لَیْسَ لَهٗ وَلَدٌ وَلَهٗۤ اُخْتٌ فَلَهَا نِصْفُ مَا تَرَكَ ۚ وَهُوَیَرِثُهَاۤ اِنْ لَّمْ یَكُنْ لَّهَا وَلَدٌ ؕ فَاِنْ كَانَتَا اثْنَتَیْنِ فَلَهُمَا الثُّلُثٰنِ مِمَّا تَرَكَ ؕ وَاِنْ كَانُوْۤا اِخْوَةً رِّجَالًا وَنِسَآءً فَلِلذَّكَرِ مِثْلُ حَظِّ الْاُنْثَیَیْنِ ؕ یُبَیِّنُ اللّٰهُ لَكُمْ اَنْ تَضِلُّوْا ؕ وَاللّٰهُ بِكُلِّ شَیْءٍ عَلِیْمٌ ١٧٦

176. মানুহে তোমাৰ ওচৰত সমাধান বিচাৰে। কোৱা, পিতৃ-মাতৃহীন নিঃসন্তান ব্যক্তি সম্পৰ্কে আল্লাহে তোমালোকক সমাধান দিছে, কোনো পুৰুষ মৃত্যুবৰণ কৰিলে সি যদি সন্তানহীন হয় আৰু তাৰ এজনী ভনীয়েক বা বায়েক থাকে তেন্তে তাই পৰিত্যক্ত সম্পত্তিৰ অৰ্ধাংশ পাব। আৰু যদি তাই (মৃত নাৰী) সন্তানহীনা হয় তেনেহ’লে তাইৰ ভায়েক বা ককায়েক তাইৰ উত্তৰাধিকাৰী হ’ব। এইদৰে যদি দুজনী ভনীয়েক বা বায়েক থাকে তেন্তে তাইহঁতে তাৰ পৰিত্যক্ত সম্পত্তিৰ তিনি ভাগৰ দুভাগ পাব। আৰু যদি কেইবাজনো ভাই-ককাই বা বাই-ভনী থাকে তেন্তে এজন পুৰুষৰ অংশ দুজনী নাৰীৰ অংশৰ সমান। তোমালোকে পথভ্ৰষ্ট হ’বা- এই আশংকাত আল্লাহে তোমালোকৰ বাবে স্পষ্টভাৱে বৰ্ণনা কৰিছে; (জানি থোৱা) আল্লাহ সকলো বস্তু সম্পৰ্কে সবিশেষ অৱগত।