ছুৰা আৰ-ৰহমান

سَنَفْرُغُ لَكُمْ اَیُّهَ الثَّقَلٰنِ ٣١

31. হে মানৱ আৰু জিন! আমি অনতিপলমে তোমালোকৰ (হিচাপ-নিকাচ গ্ৰহণৰ) প্ৰতি মনোনিৱেশ কৰিম।




فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ٣٢

32. এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?




یٰمَعْشَرَ الْجِنِّ وَالْاِنْسِ اِنِ اسْتَطَعْتُمْ اَنْ تَنْفُذُوْا مِنْ اَقْطَارِ السَّمٰوٰتِ وَالْاَرْضِ فَانْفُذُوْا ؕ لَا تَنْفُذُوْنَ اِلَّا بِسُلْطٰنٍ ٣٣

33. হে জিন আৰু মানৱ সম্প্ৰদায়! আকাশমণ্ডল আৰু পৃথিৱীৰ সীমা যদি তোমালোকে অতিক্ৰম কৰিব পাৰা তেন্তে অতিক্ৰম কৰা, কিন্তু তোমালোকে (আল্লাহৰ) শক্তি অবিহনে অতিক্ৰম কৰিব নোৱাৰিবা।




فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ٣٤

34. এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?




یُرْسَلُ عَلَیْكُمَا شُوَاظٌ مِّنْ نَّارٍ ۙ۬ وَنُحَاسٌ فَلَا تَنْتَصِرٰنِ ٣٥

35. তোমালোক উভয়ৰে প্ৰতি প্ৰেৰণ কৰা হ’ব অগ্নিশিখা আৰু ধুম্ৰপুঞ্জ (অথবা গলিত তাম), তেতিয়া তোমালোকে প্ৰতিৰোধ কৰিব নোৱাৰিবা।




فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ٣٦

36. এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?




فَاِذَا انْشَقَّتِ السَّمَآءُ فَكَانَتْ وَرْدَةً كَالدِّهَانِ ٣٧

37. যিদিনা আকাশ বিদীৰ্ণ হ’ব সেইদিনা ই তেজবৰ্ণ গোলাপৰ দৰে ৰঙা ছালৰ ৰূপ ধাৰণ কৰিব;




فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ٣٨

38. এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?




فَیَوْمَىِٕذٍ لَّا یُسْـَٔلُ عَنْ ذَنْۢبِهٖۤ اِنْسٌ وَّلَا جَآنٌّ ٣٩

39. গতিকে সেইদিনা মানুহকো তাৰ অপৰাধ সম্পৰ্কে সোধা নহ’ব আৰু জিনকো নহয়।




فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ٤٠

40. এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?




یُعْرَفُ الْمُجْرِمُوْنَ بِسِیْمٰهُمْ فَیُؤْخَذُ بِالنَّوَاصِیْ وَالْاَقْدَامِ ٤١

41. অপৰাধীসকলৰ পৰিচয় পোৱা যাব সিহঁতৰ লক্ষণৰ দ্বাৰা, তাৰ পিছত সিহঁতৰ আগচুলি আৰু ভৰিত ধৰি টানি নিয়া হ’ব।




فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ٤٢

42. এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?




هٰذِهٖ جَهَنَّمُ الَّتِیْ یُكَذِّبُ بِهَا الْمُجْرِمُوْنَ ٤٣

43. এইটোৱে হৈছে সেই জাহান্নাম, যাক অপৰাধীসকলে অস্বীকাৰ কৰিছিল।




یَطُوْفُوْنَ بَیْنَهَا وَبَیْنَ حَمِیْمٍ اٰنٍ ٤٤

44. সিহঁত জাহান্নামৰ জুই আৰু উতলা পানীৰ মাজত ঘুৰি থাকিব।




فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ٤٥

45. এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?




وَلِمَنْ خَافَ مَقَامَ رَبِّهٖ جَنَّتٰنِ ٤٦

46. আৰু যিয়ে তাৰ প্ৰতিপালকৰ সন্মুখত উপস্থিত হোৱাৰ ভয় পোষণ কৰে, তাৰ বাবে আছে দুখন জান্নাত।




فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ٤٧

47. এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?




ذَوَاتَاۤ اَفْنَانٍ ٤٨

48. উভয়েই বহু শাখা-পল্লববিশিষ্ট।




فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ٤٩

49. এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?




فِیْهِمَا عَیْنٰنِ تَجْرِیٰنِ ٥٠

50. উভয় জান্নাতত আছে প্ৰবাহমান দুটা নিজৰা;




فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ٥١

51. এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?




فِیْهِمَا مِنْ كُلِّ فَاكِهَةٍ زَوْجٰنِ ٥٢

52. উভয়ৰ মাজত আছে প্ৰতিটো ফল দুই দুই প্ৰকাৰৰ।




فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ٥٣

53. এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?




مُتَّكِـِٕیْنَ عَلٰی فُرُشٍۭ بَطَآىِٕنُهَا مِنْ اِسْتَبْرَقٍ ؕ وَجَنَا الْجَنَّتَیْنِ دَانٍ ٥٤

54. তাত তেওঁলোকে আউজি বহিব এনেকুৱা বিছনাত যাৰ অভ্যন্তৰভাগ হ'ব সিংখাপেৰে তৈৰী সুকোমল; আৰু উভয় জান্নাতৰ ফল-মূল থাকিব নিকটৱৰ্তী।




فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ٥٥

55. এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?




فِیْهِنَّ قٰصِرٰتُ الطَّرْفِ ۙ لَمْ یَطْمِثْهُنَّ اِنْسٌ قَبْلَهُمْ وَلَا جَآنٌّ ٥٦

56. তাত থাকিব স্বামীৰ প্ৰতি দৃষ্টি সীমিতকাৰী ৰূপহীসকল, যিসকলক ইতিপূৰ্বে কোনো মানুহে অথবা কোনো জিনে স্পৰ্শ কৰা নাই।




فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ٥٧

57. এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?




كَاَنَّهُنَّ الْیَاقُوْتُ وَالْمَرْجَانُ ٥٨

58. সিহঁত যেনিবা পদ্মৰাগ মণি আৰু মুকুতা।




فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ٥٩

59. এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?




هَلْ جَزَآءُ الْاِحْسَانِ اِلَّا الْاِحْسَانُ ٦٠

60. উত্তম কামৰ প্ৰতিদান উত্তমৰ বাহিৰে আৰুনো কি হ’ব পাৰে?