ছুৰা আৰ-ৰহমান
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ٦١
61. এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?
وَمِنْ دُوْنِهِمَا جَنَّتٰنِ ٦٢
62. আৰু এই দুখন জান্নাতৰ বাহিৰেও আৰু দুখন জান্নাত আছে।
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ٦٣
63. এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?
مُدْهَآ مَّتٰنِ ٦٤
64. জান্নাত দুখন হৈছে ঘন সেউজীয়া।
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ٦٥
65. এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?
فِیْهِمَا عَیْنٰنِ نَضَّاخَتٰنِ ٦٦
66. এই দুখন জান্নাতত আছে উচ্ছলিত দুটা নিজৰা।
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ٦٧
67. এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?
فِیْهِمَا فَاكِهَةٌ وَّنَخْلٌ وَرُمَّانٌ ٦٨
68. তাত আছে ফল-মূল, খেজুৰ আৰু ডালিম।
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ٦٩
69. এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?
فِیْهِنَّ خَیْرٰتٌ حِسَانٌ ٧٠
70. সেই জান্নাতসমূহৰ মাজত আছে চৰিত্ৰৱৰ্তী, ৰূপহী ৰমণী।
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ٧١
71. এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?
حُوْرٌ مَّقْصُوْرٰتٌ فِی الْخِیَامِ ٧٢
72. চামিয়ানাবোৰত সুৰক্ষিতা হৈ থাকিব হুৰসকল।
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ٧٣
73. এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?
لَمْ یَطْمِثْهُنَّ اِنْسٌ قَبْلَهُمْ وَلَا جَآنٌّ ٧٤
74. যিসকলক ইতিপূৰ্বে কোনো মানুহ অথবা কোনো জিনে স্পৰ্শ কৰা নাই।
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ٧٥
75. এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?
مُتَّكِـِٕیْنَ عَلٰی رَفْرَفٍ خُضْرٍ وَّعَبْقَرِیٍّ حِسَانٍ ٧٦
76. সিহঁতে আউজি বহিব সেউজীয়া দলিছা আৰু ধুনীয়া সিংখাপৰ গাদীযুক্ত আসনত।
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ٧٧
77. এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?
تَبٰرَكَ اسْمُ رَبِّكَ ذِی الْجَلٰلِ وَالْاِكْرَامِ ٧٨
78. বৰকতময় তোমাৰ প্ৰতিপালকৰ নাম, যিজন মহামহিম আৰু মহানুভৱ।