ছুৰা আৰ-ৰহমান
اَلرَّحْمٰنُ ١
1. আৰ-ৰাহমান, (দয়াময় আল্লাহ)
عَلَّمَ الْقُرْاٰنَ ٢
2. তেৱেঁই শিক্ষা দিছে কোৰআন,
خَلَقَ الْاِنْسَانَ ٣
3. তেৱেঁই সৃষ্টি কৰিছে মানুহ,
عَلَّمَهُ الْبَیَانَ ٤
4. তেৱেঁই তাক ভাষা শিকাইছে,
اَلشَّمْسُ وَالْقَمَرُ بِحُسْبَانٍ ٥
5. সূৰ্য আৰু চন্দ্ৰ নিৰ্ধাৰিত হিচাপ-অনুযায়ী আৱৰ্তন কৰে,
وَالنَّجْمُ وَالشَّجَرُ یَسْجُدٰنِ ٦
6. আৰু তৃণলতা (অথবা নক্ষত্ৰৰাজি) আৰু বৃক্ষাদিয়েও ছাজদা কৰে,
وَالسَّمَآءَ رَفَعَهَا وَوَضَعَ الْمِیْزَانَ ٧
7. আৰু তেৱেঁই আকাশখনক সমুন্নত কৰিছে আৰু স্থাপন কৰিছে তুলাচনী,
اَلَّا تَطْغَوْا فِی الْمِیْزَانِ ٨
8. যাতে তোমালোকে জোখ-মাখত সীমালংঘন নকৰা।
وَاَقِیْمُوا الْوَزْنَ بِالْقِسْطِ وَلَا تُخْسِرُوا الْمِیْزَانَ ٩
9. আৰু তোমালোকে ন্যায়সঙ্গতভাৱে ওজন প্ৰতিষ্ঠা কৰা আৰু ওজনকৃত বস্তু কম নিদিবা।
وَالْاَرْضَ وَضَعَهَا لِلْاَنَامِ ١٠
10. আৰু তেৱেঁই পৃথিৱীখনক সৃষ্টি জীৱৰ বাবে স্থাপন কৰিছে;
فِیْهَا فَاكِهَةٌ ۪ۙ وَالنَّخْلُ ذَاتُ الْاَكْمَامِ ١١
11. য’ত আছে ফল-মূল আৰু খেজুৰ গছ, যাৰ ফল আৱৰণমূক্ত,
وَالْحَبُّ ذُو الْعَصْفِ وَالرَّیْحَانُ ١٢
12. আৰু আছে বাকলিযুক্ত দানা আৰু সুগন্ধিযুক্ত ফুল।
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ١٣
13. এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?
خَلَقَ الْاِنْسَانَ مِنْ صَلْصَالٍ كَالْفَخَّارِ ١٤
14. তেৱেঁই মানুহক সৃষ্টি কৰিছে পানী মিশ্ৰিত পোৰা মাটিৰ দৰে শুকান মাটিৰ পৰা,
وَخَلَقَ الْجَآنَّ مِنْ مَّارِجٍ مِّنْ نَّارٍ ١٥
15. আৰু জিনক সৃষ্টি কৰিছে ধোঁৱাবিহীন অগ্নিশিখাৰ পৰা।
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ 16 ١٦
. এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?
رَبُّ الْمَشْرِقَیْنِ وَرَبُّ الْمَغْرِبَیْنِ ١٧
17. তেৱেঁই দুই উদয়াচল আৰু দুই অস্তাচলৰ প্ৰতিপালক।
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ١٨
18. এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?
مَرَجَ الْبَحْرَیْنِ یَلْتَقِیٰنِ ١٩
19. তেৱেঁ দুই সাগৰক প্ৰবাহিত কৰে, উভয়ে পৰস্পৰ মিলিত হয়,
بَیْنَهُمَا بَرْزَخٌ لَّا یَبْغِیٰنِ ٢٠
20. কিন্তু সিহঁত উভয়ৰ মাজত আছে এটা অন্তৰাল, যিটো সিহঁতে অতিক্ৰম কৰিব নোৱাৰে।
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ٢١
21. এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?
یَخْرُجُ مِنْهُمَا اللُّؤْلُؤُ وَالْمَرْجَانُ ٢٢
22. উভয় সাগৰৰ পৰা উৎপন্ন হয় মুকুতা আৰু পোৱাল।
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ٢٣
23. এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?
وَلَهُ الْجَوَارِ الْمُنْشَـٰٔتُ فِی الْبَحْرِ كَالْاَعْلَامِ ٢٤
24. আৰু সাগৰত বিচৰণশীল পৰ্বত সদৃশ নৌযানসমূহ তেওঁৰেই (নিয়ন্ত্ৰণাধীন);
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ٢٥
25. এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?
كُلُّ مَنْ عَلَیْهَا فَانٍ ٢٦
26. ভূপৃষ্ঠত যি আছে সকলো ধ্বংসশীল,
وَیَبْقٰی وَجْهُ رَبِّكَ ذُو الْجَلٰلِ وَالْاِكْرَامِ ٢٧
27. আৰু অবিনশ্বৰ কেৱল তোমাৰ প্ৰতিপালকৰ চেহেৰা, যিজন মহিমাময়, মহানুভৱ;
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ٢٨
28. এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?
یَسْـَٔلُهٗ مَنْ فِی السَّمٰوٰتِ وَالْاَرْضِ ؕ كُلَّ یَوْمٍ هُوَفِیْ شَاْنٍ ٢٩
29. আকাশমণ্ডল আৰু পৃথিৱীত যিসকল আছে, সকলোৱে তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰে, তেওঁ প্ৰতিটো মুহূৰ্ত্ততে গুৰুত্বপূৰ্ণ কামত নিয়োজিত।
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ٣٠
30. এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?