ছুৰা আশ্ব-শ্বাৰাহ
اَلَمْ نَشْرَحْ لَكَ صَدْرَكَ ١
1. আমি তোমাৰ (কল্যাণৰ) বাবে তোমাৰ বুকু প্ৰশস্ত কৰি দিয়া নাইনে?
وَوَضَعْنَا عَنْكَ وِزْرَكَ ٢
2. আৰু আমি তোমাৰ পৰা তোমাৰ বোজা অপসাৰণ কৰা নাইনে?
الَّذِیْۤ اَنْقَضَ ظَهْرَكَ ٣
3. যি বোজাই তোমাৰ পিঠি ভাঙি পেলাইছিল,
وَرَفَعْنَا لَكَ ذِكْرَكَ ٤
4. আৰু আমিয়েই তোমাৰ (মৰ্যাদা বৃদ্ধিৰ) বাবে তোমাৰ স্মৰণক সমুন্নত কৰিছোঁ।
فَاِنَّ مَعَ الْعُسْرِ یُسْرًا ٥
5. এতেকে দুখৰ লগতেই আছে সুখ
اِنَّ مَعَ الْعُسْرِ یُسْرًا ٦
6. নিশ্চয় দুখৰ লগতেই আছে সুখ।
فَاِذَا فَرَغْتَ فَانْصَبْ ٧
7. এতেকে যেতিয়াই তুমি অৱসৰ পোৱা তেতিয়াই কঠোৰ ইবাদতত আত্মনিয়োগ কৰা।
وَاِلٰی رَبِّكَ فَارْغَبْ ٨
8. আৰু তোমাৰ প্ৰতিপালকৰ প্ৰতি গভীৰ মনোযোগী হোৱা।