ছুৰা আত-তাকাছুৰ

bismillah

اَلْهٰىكُمُ التَّكَاثُرُ ١

1. প্ৰাচুৰ্যৰ প্ৰতিযোগিতায় তোমালোকক অমনোযোগী কৰি ৰাখিছে।




حَتّٰی زُرْتُمُ الْمَقَابِرَ ٢

2. যেতিয়ালৈকে তোমালোকে কবৰত উপনীত নোহোৱা।




كَلَّا سَوْفَ تَعْلَمُوْنَ ٣

3. সাৱধান! অতি সোনকালে তোমালোকে জানিবলৈ পাবা।




ثُمَّ كَلَّا سَوْفَ تَعْلَمُوْنَ ٤

4. আকৌ সাৱধান! অতি সোনকালে তোমালোকে জানিবলৈ পাবা।




كَلَّا لَوْ تَعْلَمُوْنَ عِلْمَ الْیَقِیْنِ ٥

5. হায়! তোমালোকৰ নিশ্চিত জ্ঞান থাকিলে, নিশ্চিতভাৱে তোমালোকে জানিব পাৰিলাহেঁতেন (এই প্ৰতিযোগিতাৰ পৰিণাম)।




لَتَرَوُنَّ الْجَحِیْمَ ٦

6. নিশ্চয় তোমালোকে জাহীম (জাহান্নাম) দেখিবলৈ পাবা।




ثُمَّ لَتَرَوُنَّهَا عَیْنَ الْیَقِيْنِ ٧

7. আকৌ কৈছোঁ, নিশ্চয় তোমালোকে ইয়াক পতিয়ন যোৱাকৈ দেখিবা।




ثُمَّ لَتُسْـَٔلُنَّ یَوْمَىِٕذٍ عَنِ النَّعِیْمِ ٨

8. তাৰ পিছত সেইদিনা নিশ্চয় তোমালোকক নিয়ামত সম্পৰ্কে প্ৰশ্ন কৰা হ’ব।