ছুৰা আত-তাকৱীৰ
اِذَا الشَّمْسُ كُوِّرَتْ ١
1. সূৰ্যক যেতিয়া নিষ্প্ৰভ কৰা হ’ব,
وَاِذَا النُّجُوْمُ انْكَدَرَتْ ٢
2. আৰু নক্ষত্ৰৰাজি যেতিয়া খহি পৰিব,
وَاِذَا الْجِبَالُ سُیِّرَتْ ٣
3. পৰ্বতসমূহক যেতিয়া সঞ্চালিত কৰা হ’ব,
وَاِذَا الْعِشَارُ عُطِّلَتْ ٤
4. আৰু যেতিয়া পূৰ্ণ গাভিনী উটবোৰক অযত্নে এৰি দিয়া হ’ব,
وَاِذَا الْوُحُوْشُ حُشِرَتْ ٥
5. আৰু যেতিয়া বনৰীয়া পশুবোৰক একত্ৰিত কৰা হ’ব,
وَاِذَا الْبِحَارُ سُجِّرَتْ ٦
6. আৰু যেতিয়া সাগৰসমূহক অগ্নিউত্তাল কৰা হ’ব,
وَاِذَا النُّفُوْسُ زُوِّجَتْ ٧
7. আৰু যেতিয়া আত্মাসমূহক (সমগোত্ৰীয়সকলৰ লগত) মিলিত কৰা হ’ব,
وَاِذَا الْمَوْءٗدَةُ سُىِٕلَتْ ٨
8. আৰু যেতিয়া জীৱন্ত সমাধিস্থ কন্যাশিশুক সোধা হ’ব,
بِاَیِّ ذَنْۢبٍ قُتِلَتْ ٩
9. কি অপৰাধত তাইক হত্যা কৰা হৈছিল?
وَاِذَا الصُّحُفُ نُشِرَتْ ١٠
10. আৰু যেতিয়া আমলনামাসমূহ উন্মোচিত কৰা হ’ব,
وَاِذَا السَّمَآءُ كُشِطَتْ ١١
11. আৰু যেতিয়া আকাশৰ আৱৰণ অপসাৰিত কৰা হ’ব,
وَاِذَا الْجَحِیْمُ سُعِّرَتْ ١٢
12. আৰু যেতিয়া জাহান্নামক ভীষণভাৱে প্ৰজ্জ্বলিত কৰা হ’ব,
وَاِذَا الْجَنَّةُ اُزْلِفَتْ ١٣
13. আৰু জান্নাতক যেতিয়া নিকটৱৰ্তী কৰা হ’ব,
عَلِمَتْ نَفْسٌ مَّاۤ اَحْضَرَتْ ١٤
14. তেতিয়া প্ৰত্যেক ব্যক্তিয়েই জানিব সি কি উপস্থিত কৰিছে।
فَلَاۤ اُقْسِمُ بِالْخُنَّسِ ١٥
15. এতেকে মই শপত কৰিছোঁ আৱৰ্তনশীল নক্ষত্ৰবোৰৰ,
الْجَوَارِ الْكُنَّسِ ١٦
16. যিবোৰ গতিশীল, অদৃশ্য,
وَالَّیْلِ اِذَا عَسْعَسَ ١٧
17. আৰু ৰাতিৰ শপত যেতিয়া ই বিদায় লয়,
وَالصُّبْحِ اِذَا تَنَفَّسَ ١٨
18. আৰু প্ৰভাতৰ শপত যেতিয়া ইয়াৰ আবিৰ্ভাৱ হয়,
اِنَّهٗ لَقَوْلُ رَسُوْلٍ كَرِیْمٍ ١٩
19. নিশ্চয় এই কোৰআনখন হৈছে সন্মানিত ৰাছুলে লৈ অহা বাণী।
ذِیْ قُوَّةٍ عِنْدَ ذِی الْعَرْشِ مَكِیْنٍ ٢٠
20. যিজন শক্তিশালী, আৰশ্বৰ মালিকৰ ওচৰত মৰ্যদাসম্পন্ন,
مُّطَاعٍ ثَمَّ اَمِیْنٍ ٢١
21. মান্যবৰ, তাত তেওঁ বিশ্বস্ত।
وَمَا صَاحِبُكُمْ بِمَجْنُوْنٍ ٢٢
22. আৰু তোমালোকৰ সঙ্গী উন্মাদ নহয়,
وَلَقَدْ رَاٰهُ بِالْاُفُقِ الْمُبِیْنِ ٢٣
23. আৰু নিশ্চয় তেখেতে (নবীয়ে) তেখেতক (জিব্ৰীলক) স্পষ্ট দিগন্তত দেখিছে,
وَمَا هُوَعَلَی الْغَیْبِ بِضَنِیْنٍ ٢٤
24. আৰু তেওঁ গায়েবী বিষয় সম্পৰ্কে কৃপণালিও নকৰে।
وَمَا هُوَبِقَوْلِ شَیْطٰنٍ رَّجِیْمٍ ٢٥
25. আৰু এয়া কোনো অভিশপ্ত চয়তানৰো বাক্য নহয়।
فَاَیْنَ تَذْهَبُوْنَ ٢٦
26. এতেকে তোমালোকে কোনফালে গতি কৰিছা?
اِنْ هُوَاِلَّا ذِكْرٌ لِّلْعٰلَمِیْنَ ٢٧
27. এইখন হৈছে বিশ্ববাসীৰ বাবে উপদেশ বাণী,
لِمَنْ شَآءَ مِنْكُمْ اَنْ یَّسْتَقِیْمَ ٢٨
28. সেই ব্যক্তিৰ বাবে, তোমালোকৰ মাজৰ যিয়ে সৰল পথত চলিব বিচাৰে।
وَمَا تَشَآءُوْنَ اِلَّاۤ اَنْ یَّشَآءَ اللّٰهُ رَبُّ الْعٰلَمِیْنَ ٢٩
29. তোমালোকে ইচ্ছা কৰিব নোৱাৰা, যেতিয়ালৈকে বিশ্বজগতৰ প্ৰতিপালক আল্লাহে ইচ্ছা নকৰে।