ছুৰা আত-ত্ব-ৰিক্ব

bismillah

وَالسَّمَآءِ وَالطَّارِقِ ١

1. শপত আকাশৰ আৰু যি ৰাতিত আত্মপ্ৰকাশ কৰে;




وَمَاۤ اَدْرٰىكَ مَا الطَّارِقُ ٢

2. আৰু কিহে তোমাক জনাব যে, ৰাতিত যিয়ে আত্মপ্ৰকাশ কৰে, সেয়ানো কি?




النَّجْمُ الثَّاقِبُ ٣

3. (সেয়া হৈছে) উজ্জ্বল নক্ষত্ৰ।




اِنْ كُلُّ نَفْسٍ لَّمَّا عَلَیْهَا حَافِظٌ ٤

4. প্ৰত্যেক জীৱৰ ওপৰতেই এজন তত্ত্বাৱধায়ক আছে।




فَلْیَنْظُرِ الْاِنْسَانُ مِمَّ خُلِقَ ٥

5. এতেকে মানুহে চিন্তা কৰা উচিত যে, তাক কিহেৰে সৃষ্টি কৰা হৈছে!




خُلِقَ مِنْ مَّآءٍ دَافِقٍ ٦

6. তাক সৃষ্টি কৰা হৈছে দ্ৰুতগতিত স্খলিত হোৱা পানীৰে,




یَّخْرُجُ مِنْۢ بَیْنِ الصُّلْبِ وَالتَّرَآىِٕبِ ٧

7. যিটো নিৰ্গত হয় মেৰুদণ্ড আৰু বুকুৰ মাজৰ পৰা।




اِنَّهٗ عَلٰی رَجْعِهٖ لَقَادِرٌ ٨

8. নিশ্চয় তেওঁ তাক ওভতাই আনিবলৈ সক্ষম।




یَوْمَ تُبْلَی السَّرَآىِٕرُ ٩

9. যিদিনা গোপন বিষয়সমূহ পৰীক্ষা কৰা হ’ব,




فَمَا لَهٗ مِنْ قُوَّةٍ وَّلَا نَاصِرٍ ١٠

10. সেইদিনা তাৰ কোনো শক্তি নাথাকিব আৰু কোনো সহায়কাৰীও নাথাকিব।




وَالسَّمَآءِ ذَاتِ الرَّجْعِ ١١

11. শপত আকাশৰ, যিয়ে বৰষুণ ধাৰণ কৰে,




وَالْاَرْضِ ذَاتِ الصَّدْعِ ١٢

12. শপত পৃথিৱীৰ, যিটো বিদীৰ্ণ হয়,




اِنَّهٗ لَقَوْلٌ فَصْلٌ ١٣

13. নিশ্চয় এইখন (আল-কোৰআন) হৈছে মীমাংসাকাৰী বাণী।




وَمَا هُوَبِالْهَزْلِ ١٤

14. আৰু এইখন নিৰৰ্থক নহয়।




اِنَّهُمْ یَكِیْدُوْنَ كَیْدًا ١٥

15. নিশ্চয় সিহঁতে ভীষণ ষড়যন্ত্ৰ কৰে,




وَاَكِیْدُ كَیْدًا ١٦

16. আৰু ময়ো ভীষণ কৌশল কৰিছোঁ।




فَمَهِّلِ الْكٰفِرِیْنَ اَمْهِلْهُمْ رُوَیْدًا ١٧

17. এতেকে কাফিৰসকলক অৱকাশ দিয়া; সিহঁতক কিছু সময়ৰ বাবে অৱকাশ দিয়া।