ছুৰা আত-তীন

bismillah

وَالتِّیْنِ وَالزَّیْتُوْنِ ١

1. শপত তীন আৰু যায়তুনৰ,




وَطُوْرِ سِیْنِیْنَ ٢

2. শপত চিনাই পৰ্বতৰ,




وَهٰذَا الْبَلَدِ الْاَمِیْنِ ٣

3. শপত এই নিৰাপদ (মক্কা) নগৰৰ,




لَقَدْ خَلَقْنَا الْاِنْسَانَ فِیْۤ اَحْسَنِ تَقْوِیْمٍ ٤

4. নিশ্চয় আমি মানুহক সৰ্বোত্তম গঠনত সৃষ্টি কৰিছোঁ,




ثُمَّ رَدَدْنٰهُ اَسْفَلَ سٰفِلِیْنَ ٥

5. তাৰ পিছত আমি তাক হীনতাৰ একেবাৰে নিম্ন স্তৰত ওভতাই দিছোঁ,




اِلَّا الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ فَلَهُمْ اَجْرٌ غَیْرُ مَمْنُوْنٍ ٦

6. কিন্তু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে নিৰৱচ্ছিন্ন প্ৰতিদান।




فَمَا یُكَذِّبُكَ بَعْدُ بِالدِّیْنِ ٧

7. এতেকে (হে মানৱ!) ইয়াৰ পিছতো কিহে তোমাক কৰ্মফল দিন সম্পৰ্কে অবিশ্বাসী কৰি তুলে?




اَلَیْسَ اللّٰهُ بِاَحْكَمِ الْحٰكِمِیْنَ ٨

8. আল্লাহেই বিচাৰকসকলৰ মাজত সৰ্বশ্ৰেষ্ঠ বিচাৰক নহয়নে বাৰু?