ছুৰা আত-তুৰ

قُلْ تَرَبَّصُوْا فَاِنِّیْ مَعَكُمْ مِّنَ الْمُتَرَبِّصِیْنَ ٣١

31. কোৱা, ‘তোমালোকে অপেক্ষা কৰা, নিশ্চয় ময়ো তোমালোকৰ লগত অপেক্ষা কৰি আছোঁ’।




اَمْ تَاْمُرُهُمْ اَحْلَامُهُمْ بِهٰذَاۤ اَمْ هُمْ قَوْمٌ طَاغُوْنَ ٣٢

32. সিহঁতৰ বিবেক-বুদ্ধিয়ে সিহঁতক এই আদেশ দিয়ে নেকি? নে সিহঁত সীমালংঘনকাৰী সম্প্ৰদায়?




اَمْ یَقُوْلُوْنَ تَقَوَّلَهٗ ۚ بَلْ لَّا یُؤْمِنُوْنَ ٣٣

33. নে সিহঁতে কয়, ‘এই কোৰআনখন এওঁ নিজেই ৰচনা কৰিছে’? বৰং সিহঁতে ঈমান পোষণ নকৰিব।




فَلْیَاْتُوْا بِحَدِیْثٍ مِّثْلِهٖۤ اِنْ كَانُوْا صٰدِقِیْنَ ٣٤

34. এতেকে সিহঁত যদি সত্যবাদী হয়, তেতিয়াহ’লে সিহঁতে ইয়াৰ দৰে কোনো বাণী লৈ আহকচোন!




اَمْ خُلِقُوْا مِنْ غَیْرِ شَیْءٍ اَمْ هُمُ الْخٰلِقُوْنَ ٣٥

35. সিহঁতে স্ৰষ্টাবিহীন সৃষ্টি হৈছে নেকি, নে সিহঁত নিজেই স্ৰষ্টা?




اَمْ خَلَقُوا السَّمٰوٰتِ وَالْاَرْضَ ۚ بَلْ لَّا یُوْقِنُوْنَ ٣٦

36. অথবা সিহঁতে আকাশমণ্ডল আৰু পৃথিৱীক সৃষ্টি কৰিছে নেকি? বৰং সিহঁতে দৃঢ় বিশ্বাস নকৰে।




اَمْ عِنْدَهُمْ خَزَآىِٕنُ رَبِّكَ اَمْ هُمُ الْمُصَۜیْطِرُوْنَ ٣٧

37. নে সিহঁতৰ ওচৰত তোমাৰ প্ৰতিপালকৰ গোপন কোনো ভাণ্ডাৰ আছে? নে সিহঁতেই সকলো বস্তুৰ নিয়ন্ত্ৰণকাৰী?




اَمْ لَهُمْ سُلَّمٌ یَّسْتَمِعُوْنَ فِیْهِ ۚ فَلْیَاْتِ مُسْتَمِعُهُمْ بِسُلْطٰنٍ مُّبِیْنٍ ٣٨

38. নে সিহঁতৰ ওচৰত জখলা আছে, য’ত আৰোহণ কৰি সিহঁতে (উৰ্দ্ধজগতৰ কথা) শুনিবলৈ পায়? তেন্তে সিহঁতে শুনা পোৱা সেই স্পষ্ট প্ৰমাণটো লৈ আহকচোন!




اَمْ لَهُ الْبَنٰتُ وَلَكُمُ الْبَنُوْنَ ٣٩

39. নে কন্যা সন্তান তেওঁৰ বাবে; আৰু পুত্ৰ সন্তান তোমালোকৰ বাবে?




اَمْ تَسْـَٔلُهُمْ اَجْرًا فَهُمْ مِّنْ مَّغْرَمٍ مُّثْقَلُوْنَ ٤٠

40. (হে নবী!) তুমি সিহঁতৰ ওচৰত পাৰিশ্ৰমিক (বিনিময়) দাবী কৰিছা নেকি, যাৰ ফলত সিহঁতে ঋণৰ বোজাত ভাৰাক্ৰান্ত হৈ পৰিছে?




اَمْ عِنْدَهُمُ الْغَیْبُ فَهُمْ یَكْتُبُوْنَ ٤١

41. নে সিহঁতৰ ওচৰত গায়েবৰ জ্ঞান আছে, যিটো সিহঁতে লিখি ৰাখে!




اَمْ یُرِیْدُوْنَ كَیْدًا ؕ فَالَّذِیْنَ كَفَرُوْا هُمُ الْمَكِیْدُوْنَ ٤٢

42. নে সিহঁতে কোনো ষড়যন্ত্ৰ কৰিব বিচাৰিছে? (জানি থোৱা) যিসকলে কুফৰী কৰে সিহঁতেই হ’ব ষড়যন্ত্ৰৰ চিকাৰ।




اَمْ لَهُمْ اِلٰهٌ غَیْرُ اللّٰهِ ؕ سُبْحٰنَ اللّٰهِ عَمَّا یُشْرِكُوْنَ ٤٣

43. নে আল্লাহৰ বাহিৰে সিহঁতৰ কোনো ইলাহ আছে? সিহঁতে যি শ্বিৰ্ক কৰে তাৰ পৰা আল্লাহ পৱিত্ৰ।




وَاِنْ یَّرَوْا كِسْفًا مِّنَ السَّمَآءِ سَاقِطًا یَّقُوْلُوْا سَحَابٌ مَّرْكُوْمٌ ٤٤

44. আৰু আকাশৰ কোনো টুকুৰা ভাগি পৰা দেখিলেও সিহঁতে ক’ব, ‘এইটো এটা পুঞ্জিভূত মেঘ’।




فَذَرْهُمْ حَتّٰی یُلٰقُوْا یَوْمَهُمُ الَّذِیْ فِیْهِ یُصْعَقُوْنَ ٤٥

45. এতেকে সিহঁতক এৰি দিয়া সেই দিৱসলৈকে, যিদিনা সিহঁত বজ্ৰাঘাতৰ ফলত অচেতন হৈ পৰিব।




یَوْمَ لَا یُغْنِیْ عَنْهُمْ كَیْدُهُمْ شَیْـًٔا وَّلَا هُمْ یُنْصَرُوْنَ ٤٦

46. সেইদিনা সিহঁতৰ ষড়যন্ত্ৰ কোনো কামত নাহিব আৰু সিহঁতক সহায়ও কৰা নহ’ব।




وَاِنَّ لِلَّذِیْنَ ظَلَمُوْا عَذَابًا دُوْنَ ذٰلِكَ وَلٰكِنَّ اَكْثَرَهُمْ لَا یَعْلَمُوْنَ ٤٧

47. নিশ্চয় ইয়াৰ বাহিৰেও আৰু শাস্তি আছে সীমালংঘনকাৰীসকলৰ বাবে। কিন্তু সিহঁতৰ অধিকাংশই এই কথা নাজানে।




وَاصْبِرْ لِحُكْمِ رَبِّكَ فَاِنَّكَ بِاَعْیُنِنَا وَسَبِّحْ بِحَمْدِ رَبِّكَ حِیْنَ تَقُوْمُ ٤٨

48. আৰু তুমি তোমাৰ প্ৰতিপালকৰ সিদ্ধান্তৰ অপেক্ষত ধৈৰ্য্য ধাৰণ কৰা; কাৰণ তুমি আমাৰ চুকুৰ সন্মুখতে আছা। তুমি তোমাৰ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা যেতিয়া তুমি (ছালাতৰ বাবে) থিয় হোৱা।




وَمِنَ الَّیْلِ فَسَبِّحْهُ وَاِدْبَارَ النُّجُوْمِ ٤٩

49. আৰু তেওঁৰ পৱিত্ৰতা ঘোষণা কৰা নিশাৰ ভাগত আৰু তৰাবোৰ অস্তমিত হোৱাৰ পিছত।