ছুৰা আঝ-ঝালঝালাহ
اِذَا زُلْزِلَتِ الْاَرْضُ زِلْزَالَهَا ١
1. পৃথিৱী যেতিয়া প্ৰবল কম্পনত প্ৰকম্পিত হ’ব,
وَاَخْرَجَتِ الْاَرْضُ اَثْقَالَهَا ٢
2. আৰু পৃথিৱীয়ে তাৰ ভিতৰত থকা বোজাবোৰ উলিয়াই দিব,
وَقَالَ الْاِنْسَانُ مَا لَهَا ٣
3. আৰু মানুহে ক’ব, ইয়াৰ কি হ’ল?
یَوْمَىِٕذٍ تُحَدِّثُ اَخْبَارَهَا ٤
4. সেইদিনা পৃথিৱীয়ে তাৰ বৃত্তান্ত বৰ্ণনা কৰিব,
بِاَنَّ رَبَّكَ اَوْحٰی لَهَا ٥
5. কাৰণ তোমাৰ প্ৰতিপালকে তাক নিৰ্দেশ দিছে,
یَوْمَىِٕذٍ یَّصْدُرُ النَّاسُ اَشْتَاتًا ۙ۬ لِّیُرَوْا اَعْمَالَهُمْ ٦
6. সেইদিনা মানুহে ভিন্ ভিন্ দলত ওলাই আহিব যাতে সিহঁতক সিহঁতৰ কৃতকৰ্মবোৰ দেখুৱাব পৰা যায়,
فَمَنْ یَّعْمَلْ مِثْقَالَ ذَرَّةٍ خَیْرًا یَّرَهٗ ٧
7. এতেকে যিয়ে অণু পৰিমাণ সৎকৰ্ম কৰিছে সেয়া সি দেখিবলৈ পাব।
وَمَنْ یَّعْمَلْ مِثْقَالَ ذَرَّةٍ شَرًّا یَّرَهٗ ٨
8. আৰু যিয়ে অণু পৰিমাণ অসৎকৰ্ম কৰিছে সেয়াও সি দেখিবলৈ পাব।