ছুৰা আল-ফাতিহা – তাফছীৰ যাকাৰিয়্যা
ayat_number | arabic_ayat | tafsir |
---|---|---|
1 | بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ | এই ছুৰাটোৰ নাম ৰখা হৈছে “আল-ফাতিহা”, কাৰণ, ই কোৰআন মাজীদৰ আৰম্ভণিতে স্থান পাইছে, ইয়াৰ দ্বাৰাই আল-কোৰআনুল আজীমৰ পাতনি হয়, (আল-মুয়াচ্ছাৰ)। ছুৰা “আল-ফাতিহা” কোৰআন মাজীদৰ সৰ্বপ্ৰথম ছুৰা যিটো পূৰ্ণাঙ্গ ছুৰা হিচাপে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি অৱতীৰ্ণ হৈছে, (তাবাৰী, কাশ্শাফ)। কাৰণ ইয়াৰ আগত পূৰ্ণাঙ্গ কোনো ছুৰা অৱতীৰ্ণ হোৱা নাছিল। ছুৰা আল-ফাতিহাৰ কেইবাটাও নাম আছে, (১) ‘ফাতিহাতুল কিতাব’ কোৰআনৰ চাবি-কাঠি। (২) ‘উম্মুল কিতাব’ আৰবী ভাষাত ‘উম্ম’ কোৱা হয় কেন্দ্ৰীয় মৰ্যাদাসম্পন্ন বস্তুক। ইমাম বুখাৰীয়ে কিতাবুত তাফছীৰৰ আৰম্ভণিতে লিখিছেঃ ইয়াৰ নাম ‘উম্মুল কিতাব’ এইবাবেই কোৱা হৈছে যে, কোৰআন লিখোতে আৰু পঢ়োতে এইটোৱেই প্ৰথম, আৰু চালাতৰ কেৰাআততো ইয়াক প্ৰথমে পাঠ কৰা হয়। (৩) ‘ছুৰাতুচ চালাত’ বা চালাতৰ ছুৰা। যিহেতু সকলো চালাতৰ সকলো ৰাকাআততেই ইয়াক পাঠ কৰা হয় সেই বাবেই এই নামেৰে নামকৰণ কৰা হৈছে। (৪) ‘আচ-ছাবউল মাছানী’ বাৰে বাৰে পাঠ কৰা সাতটা আয়াত। কাৰণ ছুৰা আল-ফাতিহাৰ সাতটা আয়াত আছে আৰু প্ৰত্যেক চালাতৰ প্ৰত্যেক ৰাকাআততেই ইয়াক পাঠ কৰা হয়। (আল-মুয়াচ্ছাৰ, তফছীৰ ইবনে কাছীৰ, আল-ইতকান, আত-তাফছীৰ আচ-ছাহীহ) আয়াত সংখ্যাঃ এই বিষয়ে কাৰো দ্বিমত নাই যে, ছুৰা ফাতিহাত মুঠ সাতটা আয়াত আছে। এই বাবেই হাদীছত ইয়াক সাতটা পুনৰাবৃত্তিমূলক আয়াতৰ ছুৰা (আচ-ছাবউল মাছানী) বুলি কোৱা হৈছে। (বুখাৰীঃ ৪৭০৩) কোৰআনতো ইয়াক এই নামেৰে উল্লেখ কৰা হৈছে। (ছুৰা আল-হিজৰঃ ৮৭) কিন্তু বিছমিল্লাহ সম্পৰ্কে মতানৈক্য আছে যে, বিছমিল্লাহিৰ ৰহমানিৰ ৰাহীম এই ছুৰাৰ আয়াত হয় নে নহয়? এই বিষয়ে ক’ব পাৰি যে, কোনো কোনো চাহাবীয়ে ইয়াক ছুৰা ফাতিহাৰ আয়াত বুলি গণ্য কৰিছে। আনহাতে আন কিছুমান চাহাবীৰ মতে এইটো ছুৰা ফাতিহাৰ অংশ নহয়। কিন্তু মদীনা মুনাওৰাত সংৰক্ষিত কোৰআনত ইয়াক ছুৰা ফাতিহাৰ অংশ হিচাপে গণ্য কৰা হৈছে। আৰু যিসকলে ইয়াক ছুৰা ফাতিহাৰ আয়াত বুলি গণ্য নকৰে তেওঁলোকৰ মতে صِرَٰطَ ٱلَّذِينَ أَنۡعَمۡتَ عَلَيۡهِمۡ পৰ্যন্ত এটা আয়াত আৰু غَيۡرِ ٱلۡمَغۡضُوبِ عَلَيۡهِمۡ وَلَا ٱلضَّآلِّينَ লৈকে আন এটা আয়াত। (বাগভী) অৱতীৰ্ণ কালঃ সঠিক আৰু গ্ৰহণযোগ্য মত হৈছে যে, ছুৰা আল-ফাতিহা মক্কাত অৱতীৰ্ণ। কাৰণ ছুৰা আল-হিজৰ সৰ্বসন্মতভাৱে মক্কী। ইয়াৰ ৮৭ নং আয়াতত কোৱা হৈছেঃ “আমি তোমাক সাতটা পুনৰাবৃত্তিমূলক আয়াত আৰু কোৰআনুল আজীম প্ৰদান কৰিছো”। ইয়াত সাতটা পুনৰাবৃত্তিমূলক আয়াতেই হৈছে ছুৰা আল-ফাতিহা। (বাগভী) মাক্কী আৰু মাদানীঃ কোৰআন মাজীদৰ গোটেই ছুৰাসমূহক অৱতীৰ্ণ কাল হিচাপে ভাগ কৰা হৈছে। মক্কী বুলি সেই ছুৰাক কোৱা হয় যিটো হিজৰতৰ আগত অৱতীৰ্ণ হৈছে। যদিও সেই ছুৰা মক্কাতেই অৱতীৰ্ণ হওঁক অথবা তাৰ আশে-পাশে আন কোনোবা ঠাইত। আৰু মাদানী বুলি সেই ছুৰাক কোৱা হয় যিটো হিজৰতৰ পিছত অৱতীৰ্ণ হৈছে। যদিও সেই ছুৰা মদীনাত অৱতীৰ্ণ হওঁক অথবা তাৰ আশে-পাশে কোনো ঠাইত নাইবা দুৰৱৰ্তী আন কোনো ঠাইত। আনকি মক্কা আৰু তাৰ আশে-পাশে অৱতীৰ্ণ হ’লেও সেইটো মাদানী ছুৰা বুলি কোৱা হয়। ছুৰা ফাতিহাৰ ফজিলতঃ ছুৰা ফাতিহাৰ ফজিলত সম্পৰ্কে অসংখ্য হাদীছ বৰ্ণিত হৈছে। যেনে- হাদীছে কুদছিত আহিছে, ৰাছুলুল্লাল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ আল্লাহ তা‘আলাই কৈছেঃ ‘মোৰ আৰু মোৰ বান্দাৰ মাজত চালাতক দুভাগত বিভক্ত কৰি দিছো, আৰু বান্দাৰ বাবে সেইটোৱে আছে যিটো সি বিচাৰে’। বান্দাই যেতিয়া কয় ٱلۡحَمۡدُ لِلَّهِ رَبِّ ٱلۡعَٰلَمِينَ তেতিয়া আল্লাহ তা‘আলাই কয়, ‘মোৰ বান্দাই মোৰ প্ৰশংসা কৰিছে’। আৰু যেতিয়া সি কয়, ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ তেতিয়া আল্লাহ তা‘আলাই কয়, ‘মোৰ বান্দাই মোৰ গুণ গাই আছে’। আৰু যেতিয়া সি কয়, مَٰلِكِ يَوۡمِ ٱلدِّينِ তেতিয়া আল্লাহ তা‘আলাই কয়, ‘মোৰ বান্দাই মোক সন্মানেৰে ভূষিত কৰিছে’। আৰু যেতিয়া সি কয়,إِيَّاكَ نَعۡبُدُ وَإِيَّاكَ نَسۡتَعِينُ তেতিয়া আল্লাহ তা‘আলাই কয়, ‘এইটো মোৰ আৰু মোৰ বান্দাৰ মাজত, আৰু বান্দাৰ বাবে সেইটোৱে আছে যিটো সি বিচাৰে’। আৰু যেতিয়া সি কয় ٱهۡدِنَا ٱلصِّرَٰطَ ٱلۡمُسۡتَقِيمَ . صِرَٰطَ ٱلَّذِينَ أَنۡعَمۡتَ عَلَيۡهِمۡ غَيۡرِ ٱلۡمَغۡضُوبِ عَلَيۡهِمۡ وَلَا ٱلضَّآلِّينَ তেতিয়া আল্লাহ তা‘আলাই কয়, ‘এইটো কেৱল মোৰ বান্দাৰ বাবে, আৰু বান্দাৰ বাবে সেইটোৱে আছে যিটো সি বিচাৰে’। (মুছলিম ৩৯৫) আন এটা বৰ্ণনাত আহিছে। ৰাছুলুল্লাল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ ‘আল্লাহ তা‘আলাই ছুৰা ফাতিহাৰ দৰে কোনো ছুৰা তাওৰাত আৰু ইঞ্জিলতো অৱতীৰ্ণ কৰা নাই। আৰু সেইটো হৈছে, বাৰে বাৰে পাঠ কৰা পূনৰাবৃত্তিমূলক সাতটা আয়াত, যিটো আল্লাহ আৰু বান্দাৰ মাজত দুভাগত বিভক্ত’। (নাছায়ী ৯১৩, তিৰমিজী ৩১২৫) এতেকে এই ছুৰাৰ ফজিলত সম্পৰ্কে বৰ্ণিত হোৱা গোটেই হাদীছ পৰ্যালোচনা কৰিলে বুজা যায় যে, এই ছুৰাটো আটাইতকৈ মহান ছুৰা। এই ছুৰাটোৰ ধৰণ আৰু গাঁথনি প্ৰাৰ্থনামূলক। মানুহে আল্লাহৰ ওচৰত কেনেকৈ প্ৰাৰ্থনা কৰিব আৰু সেই প্ৰাৰ্থনাৰ নিয়ম আৰু প্ৰণালী কেনেকুৱা হোৱা উচিত, আল্লাহৰ সন্মুখত মানুহৰ প্ৰকৃত স্থান ক’ত, আৰু মানুহৰ আক্বীদা বিশ্বাস কেনেকুৱা হোৱা উচিত, ইয়াৰ বাবে বিশুদ্ধ দ্বীন কোনটো হ’ব পাৰে, এই পৃথিৱীৰ অসংখ্য পথৰ মাজত হিদায়তৰ পথ বা আল্লাহৰ সন্তোষ লাভৰ পথ কোনটো, আৰু কেনেকুৱা পথ অৱলম্বন কৰিলে তেওঁৰ অভিশাপ নাযিল হয়, এই গোটেইবোৰ কথা এই ছুৰাৰ দ্বাৰা বিশ্ব মানৱৰ সন্মুখত দাঙি ধৰা হৈছে। আল্লাহৰ বিশেষ পৰিচয় আৰু গুণাৱলীৰ অনিবাৰ্য পৰিণতি হিচাপে কিয়ামত-বিচাৰৰ দিন আৰু ৰিছালত ও নবুওৱাতৰ উল্লেখ কৰা হৈছে। এইবোৰ কথা সন্মুখত ৰাখি এই ছুৰাক কোৰআনৰ ভূমিকা বুলি ক’ব পাৰি। আন কথাত ক’ব পাৰি যে, গোটেই কোৰআন এই সৰু ছুৰাটোৰে বিস্তাৰিত ব্যাখ্যা। [1] কোৰআনে কাৰীম তিলাৱাৎ কৰাৰ আগত বিছমিল্লাহ পঢ়ি আল্লাহ তা‘আলাৰ সহায় বিচৰা হয়। “আল্লাহ” শব্দটো আল্লাহ তা‘আলাৰ নিজা বিশেষ নাম। আল্লাহৰ বাহিৰে আন কাৰো বাবে এই নাম ব্যৱহাৰ কৰা বৈধ নহয়। আল্লাহ শব্দৰ অৰ্থ (المعبود بحق دون سواه) অৰ্থাৎ তেওঁৰ বাহিৰে আন কোনোৱেই ইবাদতৰ উপযুক্ত নহয়। (মুয়াচ্ছাৰ) ৰহমান আৰু ৰাহীম আল্লাহৰ গুণবাচক নাম। ‘ৰহম’ শব্দৰ অৰ্থ হৈছেঃ দয়া, অনুগ্ৰহ। এই ৰহম ধাতুৰ পৰাই গঠিত হৈছে ‘ৰহমান’ আৰু ‘ৰাহীম’। ৰহমান শব্দটো আল্লাহ তা‘আলাৰ এনে এটা গুণবাচক নাম যিটো আন কাৰো বাবে ব্যৱহাৰ কৰা বৈধ নহয়। (তাবাৰী) আনহাতে ‘ৰাহীম’ শব্দটো আল্লাহৰ গুণ হোৱাৰ লগতে আনৰো গুণ হ’ব পাৰে। কিন্তু আল্লাহৰ গুণ আৰু সৃষ্টিজগতৰ আন কাৰো গুণ কেতিয়াও এক হ’ব নোৱাৰে। ইয়াত একে ঠাইতে দুটা গুণবাচক নাম উল্লেখ কৰাৰ বিশেষ তাৎপৰ্য আছে। কোনো কোনো তফছীৰবিদৰ মতে, ‘ৰহমান’ যাৰ দয়া, অনুগ্ৰহ সৰ্বসাধাৰণ, সকলো সৃষ্টিজগতৰ বাবে সমান। আৰু ‘ৰাহীম’ বিশেষভাবে কেৱল মুমিনসকলৰ বাবে। (মুয়াচ্ছাৰ) পৃথিৱীৰ ক্ষেত্ৰত তেওঁ ৰহমান (তেওঁৰ অনুগ্ৰহ সকলো সৃষ্টিজগতৰ বাবে সমান) আৰু আখিৰাতৰ ক্ষেত্ৰত তেওঁ ৰাহীম (তেওঁৰ অনুগ্ৰহ বিশেষভাবে কেৱল মুমিনসকলৰ বাবে) (বাগভী) |
2 | ٱلۡحَمۡدُ لِلَّهِ رَبِّ ٱلۡعَٰلَمِينَ | আৰবী ভাষাত ‘হামদ’ শব্দৰ অৰ্থ নিৰ্মল আৰু সম্ভ্ৰমপূৰ্ণ প্ৰশংসা। গুণ আৰু ছিফাত সাধাৰণতে দুই ধৰণৰ হয়। ভাল বা বেয়া। কিন্তু হামদ শব্দটোৱে কেৱল-মাত্ৰ ভাল গুণ প্ৰকাশ কৰে। অৰ্থাৎ বিশ্বজগতত যি আছে আৰু যিমানখিনি ভাল, সৌন্দৰ্য, পূৰ্ণতা, মাহাত্ম্য দান আৰু অনুগ্ৰহ আছে সেইটো য’তেই আৰু যিকোনো ৰূপে বা যিকোনো অৱস্থাতেই নাথাকক কিয়, সেই আটাইবোৰেই কেৱল আল্লাহৰ বাবে নিৰ্দিষ্ট, কেৱল তেৱেঁই ইয়াৰ উপযুক্ত। কাৰণ সকলো বস্তুৰ সৃষ্টিকৰ্তা তেৱেঁই আৰু তেওঁৰ সকলো সৃষ্টি অতি সুন্দৰ। তেওঁৰ সৃষ্টি, লালন-পালন আৰু সংৰক্ষণ-প্ৰবৃদ্ধি সাধনৰ সৌন্দৰ্য তুলনাহীন। ইয়াৰ ফলত মানৱ মনত জাগি উঠা ইচ্ছামূলক প্ৰশংসাক হামদ বুলি কোৱা হয়। আয়াতত কোৱা হৈছেঃ ‘সকলো ধৰণৰ হামদ’ ইয়াৰ দ্বাৰা এক ডাঙৰ সত্যৰ পিনে ইঙ্গিত কৰা হৈছে। পৃথিৱীৰ য’তেই বা যিকোনো বস্তুতেই সৌন্দৰ্য, ভাল প্ৰশংসাৰ যোগ্য গুণ বা শ্ৰেষ্ঠত্ব বৈশিষ্ট্য পৰিলক্ষিত হয়, সেয়া কেৱল আল্লাহৰ পিনেই প্ৰত্যাৱৰ্তন কৰে। কাৰণ সেইটো তাৰ নিজস্ব সম্পদ বা গৌৰৱৰ বস্তু নহয়। সেইটো আল্লাহৰ নিৰঙ্কুশ দান, যিজনে নিজ কুদৰতত সকলো সৃষ্টিকে সৃষ্টি কৰিছে। প্ৰকৃততে তেৱেঁই হৈছে সকলো সৌন্দৰ্যৰ মূল উৎস। সেয়ে ভাল-বেয়া সকলো অৱস্থাতেই কেৱল আল্লাহৰেই প্ৰশংসা কৰিব লাগে। ৰাছুলুল্লাল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যদি কোনোবাই বেয়া পৰিস্থিতিৰ সন্মুখীন হয় তেতিয়াও যেন সি কয়الحمد لله على كل حال অৰ্থাৎ সকলো অৱস্থাতেই যাৱতীয় প্ৰশংসা কেৱল আল্লাহৰ বাবে। (ইবনে মাজাহ ৩৮০৩)[3] আলামীন’ ‘আলম’ শব্দৰ বহু বচন। আলামীন বোলোতে কি বুজায়, যদিও ইয়াত ইয়াৰ ব্যাখ্যা কৰা হোৱা নাই, কিন্তু আন এটা আয়াতত সেইটো স্পষ্ট কৰা হৈছে। আয়াতটো হৈছে, قَالَ فِرۡعَوۡنُ وَمَا رَبُّ ٱلۡعَٰلَمِينَ ٢٣ قَالَ رَبُّ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ وَمَا بَيۡنَهُمَآۖ إِن كُنتُم مُّوقِنِينَ ٢٤ ফিৰআউনে ক’লেঃ ৰাব্বুল আলামীন কি? (মুছাই) ক’লে, যিজন আকাশমণ্ডল আৰু পৃথিৱীৰ লগতে এই দুয়োৰে মাজত যি আছে সেই সকলোৰে ৰব। (ছুৰা শুৱাৰাঃ ২৩-২৪) এতেকে বুজা গ’ল, আকাশ আৰু পৃথিৱীৰ মাজৰ সকলো বস্তুৰ সমষ্টিক আলামীন বুলি কোৱা হয়। এই দুয়োৰে মাজত অসংখ্য আলম (জগত) আছে, যেনে- মানৱ জগত, পশু জগত, উদ্ভিদ জগত ইত্যাদি। মানৱ বুদ্ধিয়ে সেই সম্পৰ্কে সঠিক ধাৰণা কৰাটো কোনো মতেই সক্ষম নহয়। (কুৰতুবী, ফাতহুল ক্বাদীৰ), [4] ৰব্ব শব্দৰ অসমীয়া অৰ্থ কৰা হয়, প্ৰভু, প্ৰতিপালক। কিন্তু কোৰআনত ইয়াৰ প্ৰয়োগ দেখিলে গম পোৱা যায় যে, ইয়াৰ মাজত বহুতো অৰ্থ নিহিত হৈ আছে। যেনে- আল্লাহ তা‘আলাই কৈছেঃ سَبِّحِ ٱسۡمَ رَبِّكَ ٱلۡأَعۡلَى ١ ٱلَّذِي خَلَقَ فَسَوَّىٰ ٢ وَٱلَّذِي قَدَّرَ فَهَدَىٰ ٣ “তোমাৰ মহান প্ৰতিপালকৰ নামত তছবীহ পাঠ কৰা। যিজনে সৃষ্টি কৰিছে আৰু ভাৰসাম্য স্থাপন কৰিছে। যিজনে সঠিকভাৱে প্ৰত্যেকটো বস্তুৰে পৰিমাণ নিৰ্ধাৰণ কৰিছে আৰু হিদায়ত প্ৰদান কৰিছে”। (ছুৰা আলাঃ১-৩) |
3 | ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ | [5] ‘ৰহমান’ যাৰ দয়া, অনুগ্ৰহ সৰ্বসাধাৰণ, সকলো সৃষ্টিজগতৰ বাবে সমান। আৰু ‘ৰাহীম’ বিশেষভাবে কেৱল মুমিনসকলৰ বাবে। ৰহমান আৰু ৰাহীম আল্লাহৰ পৱিত্ৰ নাম। (মুয়াচ্ছাৰ) ৰহমান আৰু ৰাহীম শব্দ দুটাৰ দ্বাৰা মূল আয়াতৰ অৰ্থ এইটো হয় যে, কেৱল আল্লাহ তাআ’লাই সকলো ধৰণৰ প্ৰশংসাৰ অধিকাৰী, এই বাবে নহয় যে, তেওঁ বিশ্বজগতৰ ৰব্ব, বৰং এই বাবেও যে, তেওঁ ৰহমান আৰু ৰাহীম (পৰম কৰুণাময় আৰু পৰম দয়ালু)। আল্লাহ তা‘আলাই কৈছেঃ ‘মোৰ দয়াই সকলো বস্তুকে পৰিবেষ্টন কৰি আছে’। (ছুৰা আৰাফঃ১৫৬) |
4 | مَٰلِكِ يَوۡمِ ٱلدِّينِ | [6] আল্লাহ তা‘আলা এককভাৱে কিয়ামত দিৱসৰ গৰাকী। সেইদিনাই আমলৰ প্ৰতিদান দিয়া হ’ব। এই ছুৰাটো চালাতৰ প্ৰত্যেক ৰাকাআততে পাঠ কৰাৰ উদ্দেশ্য শেষ দিৱসৰ স্মৰণ আৰু সত্কাম বা নেক আমলৰ প্ৰস্তুতিৰ লগতে গুণাহ আৰু পাপ কামৰ পৰা বিৰত থকা। (মুয়াচ্ছাৰ) বিচাৰৰ দিনৰ প্ৰকৃত ৰূপ সম্পৰ্কে আল্লাহ তা‘আলাই কৈছেঃ وَمَآ أَدۡرَىٰكَ مَا يَوۡمُ ٱلدِّينِ ١٧ ثُمَّ مَآ أَدۡرَىٰكَ مَا يَوۡمُ ٱلدِّينِ ١٨ يَوۡمَ لَا تَمۡلِكُ نَفۡسٞ لِّنَفۡسٖ شَيۡٔٗاۖ وَٱلۡأَمۡرُ يَوۡمَئِذٖ لِّلَّهِ ١٩ ‘তুমি জানানে সেই বিচাৰৰ দিনটোনো কি? আকৌ তুমি জানানে সেই বিচাৰৰ দিনটোনো কি? এইটোৱেই সেই দিন, যিদিনা কোনেও কাৰো বাবে একো কৰিব নোৱাৰিব। সেইদিনা (শেষ সিদ্ধান্ত কৰাৰ) ক্ষমতা কেৱল আল্লাহৰ থাকিব’। (ছুৰা ইনফিতাৰঃ ১৭-১৯) ইয়াওমুদ্দীন বোলোতে যি বিচাৰৰ দিন, প্ৰতিফল-তথা শাস্তি বা পুৰস্কাৰ প্ৰদানৰ দিন বুজায়, সেইটো আন এক আয়াতৰ অংশ বিশেষত স্পষ্ট কৰা হৈছেঃ يَوۡمَئِذٖ يُوَفِّيهِمُ ٱللَّهُ دِينَهُمُ ٱلۡحَقَّ ‘সেইদিনা আল্লাহে সিহঁতক সিহঁতৰ কৰ্মফল পূৰ্ণভাৱে প্ৰদান কৰিব’। (ছুৰা নুৰঃ ২৫) |
5 | إِيَّاكَ نَعۡبُدُ وَإِيَّاكَ نَسۡتَعِينُ | [7] আমি কেৱল তোমাৰেই ইবাদত কৰোঁ আৰু সকলো ক্ষেত্ৰতে কেৱল তোমাৰ ওচৰতেই সহায় প্ৰাৰ্থনা কৰোঁ। এতেকে তোমাৰ হাততেই সাৰ্বভৌম কৰ্তৃত্ব, আন কোনেও ইয়াৰ অনু পৰিমাণো ক্ষমতা নাৰাখে। এই আয়াতে প্ৰমাণ কৰে যে, বান্দাই ইবাদতৰ যিকোনো প্ৰকাৰ আনৰ বাবে কৰা বৈধ নহয়, যেনে- আনৰ ওচৰত দু‘আ কৰা, সহায় প্ৰাৰ্থনা কৰা, তাৰ বাবে জন্তু জবেহ কৰা, তাৱাফ কৰা ইত্যাদি। ইয়াৰ মাজতে নিহিত আছে গাইৰুল্লাহৰ লগত সম্পৰ্কিত বেমাৰৰ প্ৰতিকাৰ আৰু ৰিয়া, ঐশ্চৰ্য আৰু গৌৰৱ অহংকাৰৰ ঔষধ। (মুয়াচ্ছাৰ) |
6 | ٱهۡدِنَا ٱلصِّرَٰطَ ٱلۡمُسۡتَقِيمَ | [8] মৰম চেনেহ আৰু কৰুণা ও কল্যাণ কামনাসহ কাৰোবাক মঙ্গলময় পথ দেখুৱাই দিয়া আৰু লক্ষ্য স্থানত পৌঁছাই দিয়াক আৰবী পৰিভাষাত হিদায়ত বুলি কোৱা হয়। হিদায়ত শব্দটোৰ দুটা অৰ্থ। এটা হৈছে, পথ প্ৰদৰ্শন কৰোৱা আনটো হৈছে লক্ষ্য স্থানত পৌঁছাই দিয়া। য’ত এই শব্দৰ পিছত দুটা object থাকিব তাত إلى নাথাকিব, আৰু তেতিয়া ইয়াৰ অৰ্থ হ’ব, লক্ষ্য স্থানত পৌঁছাই দিয়া। যেনে- আল্লাহ তা‘আলাই কৈছে- إِنَّكَ لَا تَهۡدِي مَنۡ أَحۡبَبۡتَ وَلَٰكِنَّ ٱللَّهَ يَهۡدِي مَن يَشَآءُۚ “তুমি যাক ইচ্ছা কৰা সত্পথত আনিব নোৱাৰা, বৰং আল্লাহে যাক ইচ্ছা তাকেই সত্পথত আনে”। (ছুৰা কাচাচঃ ৫৬) এই আয়াতত হিদায়ত শব্দৰ পিছত إلى ব্যৱহাৰ হোৱা নাই কাৰণে লক্ষ্য স্থানত পৌঁছাই দিয়া অৰ্থ প্ৰকাশ কৰিছে আৰু লক্ষ্য স্থানত পৌঁছাই দিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ক্ষমতাৰ বাহিৰত বুলি জনাই দিছে। আনহাতে পথ প্ৰদৰ্শন কৰা ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ক্ষমতাৰ অন্তৰ্ভূক্ত। সেয়ে য’ত এই শব্দৰ পিছতإلى ব্যৱহাৰ হ’ব তাত ইয়াৰ অৰ্থ হ’ব পথ প্ৰদৰ্শন। আল্লাহ তা‘আলাই কৈছে- وَإِنَّكَ لَتَهۡدِيٓ إِلَىٰ صِرَٰطٖ مُّسۡتَقِيمٖ “নিশ্চয় তুমি সঠিক সৰল পথ প্ৰদৰ্শন কৰা” (ছুৰা আশ-শুৰাঃ ৫২) কিন্তু লক্ষ্যস্থানত পৌঁছাই দিয়াৰ দায়িত্ব কেৱলমাত্ৰ আল্লাহৰ বাবেই নিৰ্দিষ্ট। সেয়ে তেওঁ কৈছে- وَلَهَدَيۡنَٰهُمۡ صِرَٰطٗا مُّسۡتَقِيمٗا “নিশ্চয় আমি সিহঁতক সুপথ দেখুৱালোহেঁতেন”। (ছুৰা আন-নিছাঃ ৬৮) ছুৰা আল-ফাতিহাৰ এই আয়াতত হিদায়ত শব্দৰ পিছত إلى ব্যৱহাৰ হোৱা নাই, সেয়ে ইয়াৰ অৰ্থ হ’ব সহজ সৰল সুদৃঢ় লক্ষ্য স্থানলৈ পৰিচালনা কৰা। আৰু ইয়াত এইটোৱেই উদ্দেশ্য, কিয়নো কেৱল পথৰ সন্ধান পালেই যে সেই পথ পোৱা যাব আৰু তাত পৰিচালিত হৈ লক্ষ্য স্থান পোৱা যাব এইটো নিশ্চিত নহয়। এতেকে আল্লাহৰ তৌফিক বাঞ্ছনীয়। আল্লাহ তা‘আলাই কৈছে- وَعَلَى ٱللَّهِ قَصۡدُ ٱلسَّبِيلِ وَمِنۡهَا جَآئِرٞۚ وَلَوۡ شَآءَ لَهَدَىٰكُمۡ أَجۡمَعِينَ “সৰল পথ প্ৰদৰ্শনৰ দায়িত্ব কেৱল আল্লাহৰ, যিহেতু বহু বক্ৰ পথো আছে। তেওঁ ইচ্ছা কৰিলে তোমালোক সকলোকে সত্পথত পৰিচালিত কৰিলেহেঁতেন”। (ছুৰা নাহলঃ ৯) “আচ-ছিৰাতুল মুছতাক্বীম” ছিৰাত শব্দৰ অৰ্থ হৈছে, বাট বা পথ। আৰু মুছতাক্বীম শব্দৰ অৰ্থ হৈছে, সৰল, পোন। সেয়ে ছিৰাতে মুছতাক্বীম হৈছে, এনে পথ যিটো একেবাৰে পোন, সৰল, প্ৰশস্ত আৰু সুগম; যিটোৱে বাটৰুৱাক লক্ষ্য স্থানলৈ পৌঁছাই দিয়ে। যি পথেৰে লক্ষ্যস্থল একেবাৰে নিকটৱৰ্তী আৰু আকাংক্ষিত মঞ্জিল পোৱাৰ এইটোৱেই একমাত্ৰ পথ, ইয়াৰ বাহিৰে আন কোনো পথ নাই। কোৰআনত ইয়াৰ বৰ্ণনা হৈছে- وَإِنَّ ٱللَّهَ رَبِّي وَرَبُّكُمۡ فَٱعۡبُدُوهُۚ هَٰذَا صِرَٰطٞ مُّسۡتَقِيمٞ ٣٦ “নিশ্চয় আল্লাহ মোৰো ৰব্ব, তোমালোকৰো ৰব্ব, এতেকে তোমালোকে তেওঁৰেই ইবাদত কৰা। এইটোৱেই হৈছে ছিৰাতে মুছতাক্বীম (সৰল সঠিক পথ)”। কোনো কোনো তফছীৰবিদৰ মতে ছিৰাতে মুছতাক্বীম বুলি ইছলামক বুজোৱা হৈছে, আকৌ কাৰোবাৰ মতে ইয়াৰ দ্বাৰা কোৰআনক বুজোৱা হৈছে। (আত-তাফছীৰুচ ছহীহ) |
7 | صِرَٰطَ ٱلَّذِينَ أَنۡعَمۡتَ عَلَيۡهِمۡ غَيۡرِ ٱلۡمَغۡضُوبِ عَلَيۡهِمۡ وَلَا ٱلضَّآلِّينَ | [9] “সেই সকল লোকৰ পথ (ত পৰিচালিত কৰা) যিসকলক তুমি নিয়ামত প্ৰদান কৰিছা”। তেওঁলোকৰ কথা আল্লাহে ছুৰা আন-নিছাত বৰ্ণনা কৰিছে- وَمَن يُطِعِ ٱللَّهَ وَٱلرَّسُولَ فَأُوْلَٰٓئِكَ مَعَ ٱلَّذِينَ أَنۡعَمَ ٱللَّهُ عَلَيۡهِم مِّنَ ٱلنَّبِيِّۧنَ وَٱلصِّدِّيقِينَ وَٱلشُّهَدَآءِ وَٱلصَّٰلِحِينَۚ وَحَسُنَ أُوْلَٰٓئِكَ رَفِيقٗا ٦٩ “যিয়ে আল্লাহ আৰু ৰাছুলৰ আনুগত্য কৰিব সি, নবী, সত্যনিষ্ঠ, শ্বহীদ আৰু সত্কৰ্মপৰায়ণ লোকসকলৰ সঙ্গী হ’ব যিসকলৰ ওপৰত আল্লাহে অনুগ্ৰহ কৰিছে, আৰু তেওঁলোক কিমান উত্তম সঙ্গী”। (ছুৰা নিছাঃ ৬৯) আৰু আমাক সিহঁতৰ পথত পৰিচালিত নকৰিবা যিসকলৰ ওপৰত তোমাৰ ক্ৰোধ অৱতীৰ্ণ হৈছে। যিসকলে সত্য বুজি পোৱাৰ পিছতো তাৰ ওপৰত আমল কৰা নাছিল। সিহঁত হৈছে ইয়াহুদী আৰু সিহঁতৰ সদৃশ লোকসকল। আৰু পথভ্ৰষ্ট লোকৰ পথতো আমাক পৰিচালিত নকৰিবা। সিহঁত হৈছে খ্ৰীষ্টান আৰু সিহঁতৰ অনুসাৰী লোকসকল। (ইবনে কাছীৰ, মুয়াচ্ছাৰ) দৰাচলতে এই ছুৰাটোত দু‘আ কৰাৰ পদ্ধতি শিকোৱা হৈছে। যিসকলে ছুৰা ফাতিহা অৰ্থ বুজি পাঠ কৰাৰ পিছত অন্তৰৰ পৰা দু‘আ কৰিব, আল্লাহে তাৰ দু‘আ কবুল কৰিব। হাদীছত আহিছে, ৰাছুলুল্লাল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে- إذا قال الإمام غير المغضوب عليهم ولا الضالين فقولوا : آمين ; فمن وافق قوله قول الملائكة غفر له ما تقدم من ذنبه “যেতিয়া ইমামে কয়, ‘গাইৰিল মাগদ্বুবি আলাইহিম অলাদ্ব দ্বল্লীন’ তেতিয়া তোমালোকে আমীন কোৱা। কাৰণ যাৰ কথাটো ফিৰিস্তাসকলৰ কথা অনুযায়ী হ’ব তাৰ আগৰ গুণাহ ক্ষমা কৰি দিয়া হ’ব। (বুখাৰী ৭৮২, মুছলিম ৪০৯) আন এক বৰ্ণনাত আহিছে- وإذا قال غير المغضوب عليهم ولا الضالين فقولوا آمين يجبكم الله “যেতিয়া ইমামে কয়, ‘গাইৰিল মাগদ্বুবি আলাইহিম অলাদ্ব দ্বল্লীন’ তেতিয়া তোমালোকে আমীন কোৱা। আল্লাহে তোমালোকৰ দু‘আ কবুল কৰিব”। (মুছলিম ৪০৪) ৰাছুলুল্লাল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছে- مَا حَسَدَتْكُمْ الْيَهُودُ عَلَى شَيْءٍ مَا حَسَدَتْكُمْ عَلَى السَّلَامِ وَالتَّأْمِينِ “ইয়াহুদীসকলে তোমালোকৰ ছালাম আৰু আমীন কোৱাত যিমান হিংসা কৰে এনে হিংসা আন কোনো বিষয়ত নকৰে”। (ইবনে মাজাহ ৮৫৬) ছুৰা ফাতিহা তিলাৱাৎ কৰাৰ পিছত আমীন কোৱা মুস্তাহাব। ইয়াৰ অৰ্থ হে আল্লাহ তুমি কবুল কৰা। আৰু আলিমসকল এই কথাত একমত যে, আমীন ছুৰা ফাতিহাৰ আয়াত নহয়। সেয়ে ইয়াক ছুৰা ফাতিহাৰ লগত লিখা নহয়। (মুয়াচ্ছাৰ) |