ছুৰা আল-ফাতিহা – অনুবাদ
ayat_number | arabic_ayat | translation |
---|---|---|
1 | بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ | (আৰম্ভ কৰিছোঁ) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। |
2 | ٱلۡحَمۡدُ لِلَّهِ رَبِّ ٱلۡعَٰلَمِينَ | সকলো ধৰণৰ হামদ (প্ৰশংসা) বিশ্বজগতৰ ৰব আল্লাহৰ বাবে। |
3 | ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ | যিজন পৰম কৰুণাময়, পৰম দয়ালু। |
4 | مَٰلِكِ يَوۡمِ ٱلدِّينِ | বিচাৰ দিৱসৰ মালিক। |
5 | إِيَّاكَ نَعۡبُدُ وَإِيَّاكَ نَسۡتَعِينُ | আমি কেৱল তোমাৰেই ইবাদত কৰোঁ, আৰু তোমাৰ ওচৰতেই সহায় প্ৰাৰ্থনা কৰোঁ। |
6 | ٱهۡدِنَا ٱلصِّرَٰطَ ٱلۡمُسۡتَقِيمَ | আমাক সৰল পথৰ হিদায়ত দিয়া। |
7 | صِرَٰطَ ٱلَّذِينَ أَنۡعَمۡتَ عَلَيۡهِمۡ غَيۡرِ ٱلۡمَغۡضُوبِ عَلَيۡهِمۡ وَلَا ٱلضَّآلِّينَ | তেওঁলোকৰ পথ, যিসকলক তুমি নিয়ামত (অনুগ্ৰহ) প্ৰদান কৰিছা, সিহঁতৰ নহয়, যিসকলৰ ওপৰত তোমাৰ ক্ৰোধ আপতিত হৈছে আৰু সিহঁতৰো নহয় যিসকল পথভ্ৰষ্ট হৈছে। |