ছুৰা আল-ইছৰা – অনুবাদ

ayat_numberarabic_ayattranslation
1سُبْحٰنَ الَّذِيْ٘ اَسْرٰي بِعَبْدِهٖ لَيْلًا مِّنَ الْمَسْجِدِ الْحَرَامِ اِلَي الْمَسْجِدِ الْاَقْصَا الَّذِيْ بٰرَكْنَا حَوْلَهٗ لِنُرِيَهٗ مِنْ اٰيٰتِنَاﵧ اِنَّهٗ هُوَ السَّمِيْعُ الْبَصِيْرُ পৱিত্ৰ মহিমাময় তেওঁ, যিজনে তেওঁৰ বান্দাক ৰাতিৰ ভিতৰতে ভ্ৰমণ কৰাইছে, (মক্কাৰ) আল-মাছজিদুল হাৰামৰ পৰা (পেলিষ্টাইনৰ) আল-মাছজিদুল আক্বছালৈ, যাৰ কেউফালে আমি বৰকত প্ৰদান কৰিছোঁ, যাতে আমি তেওঁক আমাৰ নিদৰ্শনসমূহ দেখুৱাব পাৰোঁ; নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।
2وَاٰتَيْنَا مُوْسَي الْكِتٰبَ وَجَعَلْنٰهُ هُدًي لِّبَنِيْ٘ اِسْرَآءِيْلَ اَلَّا تَتَّخِذُوْا مِنْ دُوْنِيْ وَكِيْلًا আৰু আমি মুছাক কিতাব প্ৰদান কৰিছিলোঁ আৰু সেইখনক আমি বনী ইছৰাঈলৰ বাবে পথনিৰ্দেশক কৰি দিছিলোঁ। যাতে তোমালোকে মোৰ বাহিৰে আন কাকো কৰ্মবিধায়কৰূপে গ্ৰহণ নকৰা।
3ذُرِّيَّةَ مَنْ حَمَلْنَا مَعَ نُوْحٍﵧ اِنَّهٗ كَانَ عَبْدًا شَكُوْرًا (তোমালোকেই হৈছা) তেওঁলোকৰ বংশধৰ! যিসকলক আমি নূহৰ লগত (নাৱত) আৰোহণ কৰাইছিলোঁ; নিশ্চয় তেওঁ আছিল পৰম কৃতজ্ঞ বান্দা।
4وَقَضَيْنَا٘ اِلٰي بَنِيْ٘ اِسْرَآءِيْلَ فِي الْكِتٰبِ لَتُفْسِدُنَّ فِي الْاَرْضِ مَرَّتَيْنِ وَلَتَعْلُنَّ عُلُوًّا كَبِيْرًا আৰু আমি (তাওৰাত) কিতাবত বনী ইছৰাঈলক জনাই দিছিলোঁ যে, ‘নিশ্চয় তোমালোকে পৃথিৱীত দুবাৰকৈ বিপৰ্যয় সৃষ্টি কৰিবা আৰু তোমালোকে অতিশয় অহংকাৰস্ফীত হ’বা’।
5فَاِذَا جَآءَ وَعْدُ اُوْلٰىهُمَا بَعَثْنَا عَلَيْكُمْ عِبَادًا لَّنَا٘ اُولِيْ بَاْسٍ شَدِيْدٍ فَجَاسُوْا خِلٰلَ الدِّيَارِﵧ وَكَانَ وَعْدًا مَّفْعُوْلًا তাৰ পিছত এই দুটাৰ প্ৰথমটোৰ নিৰ্ধাৰিত সময় যেতিয়া উপস্থিত হ’ল তেতিয়া তোমালোকৰ বিৰুদ্ধে যুদ্ধত আমি আমাৰ অত্যন্ত শক্তিশালী বান্দাসকলক প্ৰেৰণ কৰিছিলোঁ, ফলত তেওঁলোকে ঘৰে ঘৰে প্ৰৱেশ কৰি ধ্বংসযজ্ঞ চলাইছিল। এইটো আছিল এনেকুৱা প্ৰতিশ্ৰুতি যিটো কাৰ্যকৰী হোৱাটো নিশ্চিত আছিল।
6ثُمَّ رَدَدْنَا لَكُمُ الْكَرَّةَ عَلَيْهِمْ وَاَمْدَدْنٰكُمْ بِاَمْوَالٍ وَّبَنِيْنَ وَجَعَلْنٰكُمْ اَكْثَرَ نَفِيْرًا তাৰ পিছত আমি তোমালোকক আকৌ সিহঁতৰ ওপৰত প্ৰতিষ্ঠিত কৰিলোঁ, তোমালোকক ধন আৰু সন্তান-সন্ততিৰ দ্বাৰা সহায় কৰিলোঁ আৰু সংখ্যাত গৰিষ্ঠতা প্ৰদান কৰিলোঁ।
7اِنْ اَحْسَنْتُمْ اَحْسَنْتُمْ لِاَنْفُسِكُمْﵴ وَاِنْ اَسَاْتُمْ فَلَهَاﵧ فَاِذَا جَآءَ وَعْدُ الْاٰخِرَةِ لِيَسُوْٓءٗا وُجُوْهَكُمْ وَلِيَدْخُلُوا الْمَسْجِدَ كَمَا دَخَلُوْهُ اَوَّلَ مَرَّةٍ وَّلِيُتَبِّرُوْا مَا عَلَوْا تَتْبِيْرًاযদি তোমালোকে সৎকৰ্ম কৰা, তেন্তে সেয়া তোমালোকৰ নিজৰে উপকাৰ হ’ব আৰু যদি বেয়া কৰ্ম কৰা তেন্তে সেয়া তোমালোকৰে অপকাৰ হ’ব। তাৰ পিছত পৰৱৰ্তী নিৰ্ধাৰিত সময় উপস্থিত হোৱাত (মই মোৰ বান্দাসকলক প্ৰেৰণ কৰিলোঁ) তোমালোকৰ মুখমণ্ডলক কালিমাচ্ছন্ন কৰাৰ বাবে, প্ৰথমবাৰ সিহঁতে যেনেকৈ মছজিদত প্ৰৱেশ কৰিছিল আকৌ তেনেতৈ তাত প্ৰৱেশ কৰাৰ বাবে আৰু সিহঁতৰ কৰ্তৃত্বত যি আছিল তাক সম্পূৰ্ণৰূপে ধ্বংস কৰাৰ বাবে।
8عَسٰي رَبُّكُمْ اَنْ يَّرْحَمَكُمْﵐ وَاِنْ عُدْتُّمْ عُدْنَاﶉ وَجَعَلْنَا جَهَنَّمَ لِلْكٰفِرِيْنَ حَصِيْرًا সম্ভৱতঃ তোমালোকৰ প্ৰতিপালকে তোমালোকৰ প্ৰতি দয়া কৰিব, কিন্তু তোমালোকে যদি তোমালোকৰ আগৰ আচৰণৰ পুনৰাবৃত্তি কৰা তেন্তে আমিও (আমাৰ শাস্তিৰ) পুনৰাবৃত্তি কৰিম। লগতে জাহান্নমক আমি কাফিৰসকলৰ বাবে কাৰাগাৰ কৰি ৰাখিছোঁ।
9اِنَّ هٰذَا الْقُرْاٰنَ يَهْدِيْ لِلَّتِيْ هِيَ اَقْوَمُ وَيُبَشِّرُ الْمُؤْمِنِيْنَ الَّذِيْنَ يَعْمَلُوْنَ الصّٰلِحٰتِ اَنَّ لَهُمْ اَجْرًا كَبِيْرًا নিশ্চয় এই কোৰআনে হিদায়ত কৰে সেই পথৰ পিনে যিটো আক্বৱাম (সৰল, সুদৃঢ়) আৰু সৎকৰ্মপৰায়ণ মুমিনসকলক সুসংবাদ দিয়ে যে, তেওঁলোকৰ বাবে আছে মহাপুৰস্কাৰ।
10وَّاَنَّ الَّذِيْنَ لَا يُؤْمِنُوْنَ بِالْاٰخِرَةِ اَعْتَدْنَا لَهُمْ عَذَابًا اَلِيْمًا আৰু যিসকলে আখিৰাতৰ প্ৰতি ঈমান পোষণ নকৰে, আমি সিহঁতৰ বাবে প্ৰস্তুত ৰাখিছোঁ যন্ত্ৰণাদায়ক শাস্তি।
11وَيَدْعُ الْاِنْسَانُ بِالشَّرِّ دُعَآءَهٗ بِالْخَيْرِﵧ وَكَانَ الْاِنْسَانُ عَجُوْلًا 11. আৰু মানুহে কল্যাণ কামনাৰ দৰেই অকল্যাণ কামনা কৰে; দৰাচলতে মানুহ প্ৰকৃতিগতভাৱেই বৰ বেছি শীঘ্ৰতাপ্ৰিয়।
12وَجَعَلْنَا الَّيْلَ وَالنَّهَارَ اٰيَتَيْنِ فَمَحَوْنَا٘ اٰيَةَ الَّيْلِ وَجَعَلْنَا٘ اٰيَةَ النَّهَارِ مُبْصِرَةً لِّتَبْتَغُوْا فَضْلًا مِّنْ رَّبِّكُمْ وَلِتَعْلَمُوْا عَدَدَ السِّنِيْنَ وَالْحِسَابَﵧ وَكُلَّ شَيْءٍ فَصَّلْنٰهُ تَفْصِيْلًا 12. আমি ৰাতি আৰু দিনক দুটা নিদৰ্শন বনাইছোঁ, তাৰ পিছত ৰাতিৰ নিদৰ্শনক মচি দিছোঁ আৰু দিনৰ নিদৰ্শনক আলোকপ্ৰদ কৰিছোঁ; যাতে তোমালোকে তোমালোকৰ প্ৰতিপালকৰ অনুগ্ৰহ সন্ধান কৰিব পাৰা আৰু যাতে তোমালোকে বছৰৰ সংখ্যা আৰু হিচাপ স্থিৰ কৰিব পাৰা; আৰু আমি সকলো বিষয় বিশদভাৱে বৰ্ণনা কৰিছোঁ।
13وَكُلَّ اِنْسَانٍ اَلْزَمْنٰهُ طٰٓئِرَهٗ فِيْ عُنُقِهٖﵧ وَنُخْرِجُ لَهٗ يَوْمَ الْقِيٰمَةِ كِتٰبًا يَّلْقٰىهُ مَنْشُوْرًا 13. আৰু আমি প্ৰত্যেক মানুহৰে কৃতকৰ্ম তাৰ ডিঙিত আঁৰি থৈছোঁ, আৰু কিয়ামতৰ দিনা আমি তাৰ বাবে উলিয়াম এখন কিতাব, যিখনক সি উন্মুক্ত অৱস্থাত পাব।
14اِقْرَاْ كِتٰبَكَﵧ كَفٰي بِنَفْسِكَ الْيَوْمَ عَلَيْكَ حَسِيْبًا 14. (তাক কোৱা হ’ব) তুমি তোমাৰ কিতাব (আমলনামা) পাঠ কৰা, আজি তুমি নিজেই তোমাৰ হিচাপ-নিকাচৰ বাবে যথেষ্ট।
15مَنِ اهْتَدٰي فَاِنَّمَا يَهْتَدِيْ لِنَفْسِهٖﵐ وَمَنْ ضَلَّ فَاِنَّمَا يَضِلُّ عَلَيْهَاﵧ وَلَا تَزِرُ وَازِرَةٌ وِّزْرَ اُخْرٰيﵧ وَمَا كُنَّا مُعَذِّبِيْنَ حَتّٰي نَبْعَثَ رَسُوْلًا 15. যিয়ে সৎপথ অৱলম্বন কৰে নিশ্চয় সি নিজৰ মঙ্গলৰ বাবেই সৎপথ অৱলম্বন কৰে আৰু যিয়ে পথভ্ৰষ্ট হয় নিশ্চয় সি নিজৰ ধ্বংসৰ বাবেই পথভ্ৰষ্ট হয়। কোনো বহনকাৰীয়েই আনৰ (পাপৰ) বোজা বহন নকৰিব, আৰু আমি ৰাছুল প্ৰেৰণ নকৰাকৈ শাস্তি প্ৰদান নকৰোঁ।
16وَاِذَا٘ اَرَدْنَا٘ اَنْ نُّهْلِكَ قَرْيَةً اَمَرْنَا مُتْرَفِيْهَا فَفَسَقُوْا فِيْهَا فَحَقَّ عَلَيْهَا الْقَوْلُ فَدَمَّرْنٰهَا تَدْمِيْرًا 16. আৰু যেতিয়া আমি কোনো জনপদক ধ্বংস কৰিব বিচাৰোঁ তেতিয়া সেই ঠাইৰ সমৃদ্ধশালী ব্যক্তিসকলক (সৎকৰ্মৰ) আদেশ কৰোঁ; কিন্তু সিহঁতে তাত অসৎকৰ্ম কৰে; তাৰ পিছত সেই ঠাইৰ প্ৰতি দণ্ডাজ্ঞা ন্যায়সংগত হৈ যায় আৰু আমি সেই ঠাইক সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি দিওঁ।
17وَكَمْ اَهْلَكْنَا مِنَ الْقُرُوْنِ مِنْۣ بَعْدِ نُوْحٍﵧ وَكَفٰي بِرَبِّكَ بِذُنُوْبِ عِبَادِهٖ خَبِيْرًاۣ بَصِيْرًا 17. আৰু নূহৰ পিছত আমি বহুতো প্ৰজন্মক ধ্বংস কৰিছোঁ। তোমাৰ প্ৰতিপালকেই তেওঁৰ বান্দাসকলৰ পাপকৰ্মৰ সংবাদ ৰাখিবলৈ আৰু পৰ্যবেক্ষণৰ বাবে যথেষ্ট।
18مَنْ كَانَ يُرِيْدُ الْعَاجِلَةَ عَجَّلْنَا لَهٗ فِيْهَا مَا نَشَآءُ لِمَنْ نُّرِيْدُ ثُمَّ جَعَلْنَا لَهٗ جَهَنَّمَﵐ يَصْلٰىهَا مَذْمُوْمًا مَّدْحُوْرًا 18. কোনোবাই আশু সুখ-সম্ভোগ কামনা কৰিলে, আমি যাক ইচ্ছা কৰোঁ ইয়াতেই ততালিকে দি দিওঁ, তাৰ পিছত তাৰ বাবে জাহান্নাম নিৰ্ধাৰিত কৰোঁ, তাত সি লাঞ্ছিত আৰু অনুগ্ৰহৰ পৰা বঞ্চিত হৈ প্ৰৱেশ কৰিব।
19وَمَنْ اَرَادَ الْاٰخِرَةَ وَسَعٰي لَهَا سَعْيَهَا وَهُوَ مُؤْمِنٌ فَاُولٰٓئِكَ كَانَ سَعْيُهُمْ مَّشْكُوْرًا 19. আনহাতে যিসকলে মুমিন হৈ আখিৰাত কামনা কৰে আৰু তাৰ বাবে যথাযথ চেষ্টা কৰে, তেওঁলোকৰ প্ৰচেষ্টা পুৰস্কাৰযোগ্য।
20كُلًّا نُّمِدُّ هٰ٘ؤُلَآءِ وَهٰ٘ؤُلَآءِ مِنْ عَطَآءِ رَبِّكَﵧ وَمَا كَانَ عَطَآءُ رَبِّكَ مَحْظُوْرًا20. তোমাৰ প্ৰতিপালকৰ দানৰ পৰা আমি ইহঁতৰ আৰু সিহঁতৰ (পাৰ্থিৱ জীৱন কামনাকাৰী আৰু আখিৰাত কামনাকাৰী) প্ৰত্যেককে সহায় কৰোঁ আৰু তোমাৰ প্ৰতিপালকৰ দান অবাৰিত (কোনেও প্ৰতিৰোধ কৰিব নোৱাৰে)।
٢١اُنْظُرْ كَيْفَ فَضَّلْنَا بَعْضَهُمْ عَلٰي بَعْضٍﵧ وَلَلْاٰخِرَةُ اَكْبَرُ دَرَجٰتٍ وَّاَكْبَرُ تَفْضِيْلًا 21. লক্ষ্য কৰা, আমি কেনেকৈ সিহঁতৰ কিছুমানক আন কিছুমানৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছোঁ। নিশ্চয় আখিৰাত হৈছে মৰ্যাদাৰ ক্ষেত্ৰত আটাইতকৈ মহৎ আৰু শ্ৰেষ্ঠত্বৰ ক্ষেত্ৰতো বৃহত্তৰ!
٢٢لَا تَجْعَلْ مَعَ اللّٰهِ اِلٰهًا اٰخَرَ فَتَقْعُدَ مَذْمُوْمًا مَّخْذُوْلًا 22. আল্লাহৰ লগত আন কোনো ইলাহ সাব্যস্ত নকৰিবা, এনে কৰিলে তুমি নিন্দিত আৰু লাঞ্ছিত হৈ বহি পৰিবা।
٢٣وَقَضٰي رَبُّكَ اَلَّا تَعْبُدُوْ٘ا اِلَّا٘ اِيَّاهُ وَبِالْوَالِدَيْنِ اِحْسَانًاﵧ اِمَّا يَبْلُغَنَّ عِنْدَكَ الْكِبَرَ اَحَدُهُمَا٘ اَوْ كِلٰهُمَا فَلَا تَقُلْ لَّهُمَا٘ اُفٍّ وَّلَا تَنْهَرْهُمَا وَقُلْ لَّهُمَا قَوْلًا كَرِيْمًا 23. আৰু তোমাৰ প্ৰতিপালকে আদেশ কৰিছে যে, তেওঁৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা আৰু পিতৃ-মাতৃৰ প্ৰতি সদ্ব্যৱহাৰ কৰিবা। তেওঁলোকৰ কোনোবা এজন অথবা উভয়েই যদি তোমাৰ জীৱনকালত বৃদ্ধাৱস্থাত উপনীত হয় তেন্তে তুমি তেওঁলোকক ‘উফ’ শব্দও নকৰিবা, আৰু তেওঁলোকক ধমকো নিদিবা; তেওঁলোকৰ লগত সন্মানসূচক নম্ৰ কথা ক’বা।
٢٤وَاخْفِضْ لَهُمَا جَنَاحَ الذُّلِّ مِنَ الرَّحْمَةِ وَقُلْ رَّبِّ ارْحَمْهُمَا كَمَا رَبَّيٰنِيْ صَغِيْرًا 24. আৰু তেওঁলোকৰ প্ৰতি মায়া-মমতাৰ সৈতে নম্ৰতাৰ বাহু অৱনমিত কৰিবা আৰু (এই বুলি দুআ কৰি) কোৱা, ‘হে মোৰ প্ৰতিপালক! তেওঁলোকৰ প্ৰতি দয়া কৰা, যেনেকৈ শৈশৱত তেওঁলোকে মোক প্ৰতিপালন কৰিছিল’।
٢٥رَبُّكُمْ اَعْلَمُ بِمَا فِيْ نُفُوْسِكُمْﵧ اِنْ تَكُوْنُوْا صٰلِحِيْنَ فَاِنَّهٗ كَانَ لِلْاَوَّابِيْنَ غَفُوْرًا 25. তোমালোকৰ অন্তৰত যি আছে সেয়া তোমালোকৰ প্ৰতিপালকে ভালদৰেই জানে; যদি তোমালোক সৎকৰ্মপৰায়ণ হোৱা তেন্তে (জানি থোৱা) নিশ্চয় তেওঁ সেইসকল লোকৰ প্ৰতি অতি ক্ষমাশীল, যিসকল সদায় আল্লাহ অভিমুখী।
٢٦وَاٰتِ ذَا الْقُرْبٰي حَقَّهٗ وَالْمِسْكِيْنَ وَابْنَ السَّبِيْلِ وَلَا تُبَذِّرْ تَبْذِيْرًا 26. আৰু আত্মীয় স্বজনক সিহঁতৰ প্ৰাপ্য প্ৰদান কৰা, লগতে অভাৱগ্ৰস্ত আৰু মুছাফিৰসকলকো দান কৰা আৰু কেতিয়াও অপব্যয় নকৰিবা।
٢٧اِنَّ الْمُبَذِّرِيْنَ كَانُوْ٘ا اِخْوَانَ الشَّيٰطِيْنِﵧ وَكَانَ الشَّيْطٰنُ لِرَبِّهٖ كَفُوْرًا 27. নিশ্চয় অপব্যয়কাৰীসকল হৈছে চয়তানৰ ভাই আৰু চয়তান তাৰ প্ৰতিপালকৰ প্ৰতি বৰ অকৃতজ্ঞ।
٢٨وَاِمَّا تُعْرِضَنَّ عَنْهُمُ ابْتِغَآءَ رَحْمَةٍ مِّنْ رَّبِّكَ تَرْجُوْهَا فَقُلْ لَّهُمْ قَوْلًا مَّيْسُوْرًا 28. আৰু তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা অনুগ্ৰহ লাভৰ প্ৰত্যাশাত যদি সিহঁতৰ পৰা তোমাৰ বিমুখ থাকিবলগীয়াই হয়, তেতিয়া সিহঁতৰ লগত নম্ৰভাৱে কথা ক'বা।
٢٩وَلَا تَجْعَلْ يَدَكَ مَغْلُوْلَةً اِلٰي عُنُقِكَ وَلَا تَبْسُطْهَا كُلَّ الْبَسْطِ فَتَقْعُدَ مَلُوْمًا مَّحْسُوْرًا 29. আৰু তুমি তোমাৰ হাত ডিঙিত বান্ধি নাৰাখিবা (কৃপণ নহ’বা) আৰু সম্পূৰ্ণৰূপে মুকলিও কৰি নিদিবা (অপব্যয় নকৰিবা), এনে কৰিলে তুমি নিন্দনীয় নিঃস্ব হৈ বহি পৰিবা।
٣٠اِنَّ رَبَّكَ يَبْسُطُ الرِّزْقَ لِمَنْ يَّشَآءُ وَيَقْدِرُﵧ اِنَّهٗ كَانَ بِعِبَادِهٖ خَبِيْرًاۣ بَصِيْرًا 30. নিশ্চয় তোমাৰ প্ৰতিপালকে যাক ইচ্ছা কৰে তাৰ জীৱিকা বৃদ্ধি কৰি দিয়ে আৰু যাক ইচ্ছা কৰে সীমিত কৰি দিয়ে; নিশ্চয় তেওঁ নিজ বান্দাসকলৰ বিষয়ে সম্যক পৰিজ্ঞাত, সৰ্বদ্ৰষ্টা।
٣١وَلَا تَقْتُلُوْ٘ا اَوْلَادَكُمْ خَشْيَةَ اِمْلَاقٍﵧ نَحْنُ نَرْزُقُهُمْ وَاِيَّاكُمْﵧ اِنَّ قَتْلَهُمْ كَانَ خِطْاً كَبِيْرًا 31. অভাৱ-অনাটনৰ ভয়ত তোমালোকে নিজৰ সন্তানসকলক হত্যা নকৰিবা। আমিয়েই সিহঁতক জীৱিকা দিওঁ আৰু তোমালোককো। নিশ্চয় সিহঁতক হত্যা কৰা মহাপাপ।
٣٢وَلَا تَقْرَبُوا الزِّنٰ٘ي اِنَّهٗ كَانَ فَاحِشَةًﵧ وَسَآءَ سَبِيْلًا 32. আৰু তোমালোকে যিনাৰ (ব্যভিচাৰৰ) ওচৰলৈকো নাযাবা, নিশ্চয় সেয়া হৈছে অশ্লীল আৰু নিকৃষ্ট আচৰণ।
٣٣وَلَا تَقْتُلُوا النَّفْسَ الَّتِيْ حَرَّمَ اللّٰهُ اِلَّا بِالْحَقِّﵧ وَمَنْ قُتِلَ مَظْلُوْمًا فَقَدْ جَعَلْنَا لِوَلِيِّهٖ سُلْطٰنًا فَلَا يُسْرِفْ فِّي الْقَتْلِﵧ اِنَّهٗ كَانَ مَنْصُوْرًا 33. আৰু আল্লাহে যাক হত্যা কৰিবলৈ নিষিদ্ধ কৰিছে যথাৰ্থ কাৰণবিহীন তোমালোকে তাক হত্যা নকৰিবা! আৰু কোনোবাই অন্যায়ভাৱে নিহিত হ’লে তাৰ উত্তৰাধিকাৰীক আমি তাৰ প্ৰতিশোধ লোৱাৰ অধিকাৰ দিছোঁ; কিন্তু হত্যা সম্পৰ্কে সি যেন সীমালঙ্ঘন নকৰে; নিশ্চয় সি সাহায্যপ্ৰাপ্ত হ’ব।
٣٤وَلَا تَقْرَبُوْا مَالَ الْيَتِيْمِ اِلَّا بِالَّتِيْ هِيَ اَحْسَنُ حَتّٰي يَبْلُغَ اَشُدَّهٗﵣ وَاَوْفُوْا بِالْعَهْدِﵐ اِنَّ الْعَهْدَ كَانَ مَسْـُٔوْلًا 34. আৰু ইয়াতীম (অনাথ) প্ৰাপ্ত বয়স্ক নোহোৱালৈকে সৎ উদ্দেশ্য ব্যতীত তাৰ সম্পত্তিৰ নিকটৱৰ্তী নহ’বা আৰু তোমালোকে প্ৰতিশ্ৰুতি পালন কৰা; নিশ্চয় প্ৰতিশ্ৰুতি সম্পৰ্কে কৈফিয়ত তলব কৰা হ’ব।
٣٥وَاَوْفُوا الْكَيْلَ اِذَا كِلْتُمْ وَزِنُوْا بِالْقِسْطَاسِ الْمُسْتَقِيْمِﵧ ذٰلِكَ خَيْرٌ وَّاَحْسَنُ تَاْوِيْلًا 35. আৰু মাপি দিয়াৰ সময়ত পূৰ্ণমাত্ৰাত মাপি দিবা আৰু ওজন কৰিবা সঠিক তুলাচনীত, এইটোৱে উত্তম আৰু পৰিণামত উৎকৃষ্ট।
٣٦وَلَا تَقْفُ مَا لَيْسَ لَكَ بِهٖ عِلْمٌﵧ اِنَّ السَّمْعَ وَالْبَصَرَ وَالْفُؤَادَ كُلُّ اُولٰٓئِكَ كَانَ عَنْهُ مَسْـُٔوْلًا 36. আৰু যি বিষয়ে তোমাৰ কোনো জ্ঞান নাই তাৰ অনুসৰণ নকৰিবা; নিশ্চয় কাণ, চকু আৰু হৃদয়- ইয়াৰ প্ৰত্যেকটোৰ বিষয়ে কৈফিয়ত তলব কৰা হ’ব।
٣٧وَلَا تَمْشِ فِي الْاَرْضِ مَرَحًاﵐ اِنَّكَ لَنْ تَخْرِقَ الْاَرْضَ وَلَنْ تَبْلُغَ الْجِبَالَ طُوْلًا 37. আৰু পৃথিৱীত ফুটনিমাৰি নুফুৰিবা, নিশ্চয় তুমি কেতিয়াও ভৰিৰে ভূপৃষ্ঠক বিদীৰ্ণ কৰিব নোৱাৰিবা আৰু কদাপিও পৰ্বত-সমান উচ্চতা লাভ কৰিব নোৱাৰিবা।
٣٨كُلُّ ذٰلِكَ كَانَ سَيِّئُهٗ عِنْدَ رَبِّكَ مَكْرُوْهًا 38. এই সকলোবোৰ হৈছে বেয়া কৰ্ম, তোমাৰ প্ৰতিপালকৰ ওচৰত ঘৃণনীয়।
٣٩ذٰلِكَ مِمَّا٘ اَوْحٰ٘ي اِلَيْكَ رَبُّكَ مِنَ الْحِكْمَةِﵧ وَلَا تَجْعَلْ مَعَ اللّٰهِ اِلٰهًا اٰخَرَ فَتُلْقٰي فِيْ جَهَنَّمَ مَلُوْمًا مَّدْحُوْرًا 39. তোমাৰ প্ৰতিপালকে অহীৰ মাধ্যমত তোমাক যি হিকমত দান কৰিছে এইবোৰ তাৰেই অন্তৰ্ভুক্ত; আৰু আল্লাহৰ লগত আন কোনো ইলাহ স্থিৰ নকৰিবা, অন্যথা নিন্দিত আৰু লাঞ্ছিত অৱস্থাত জাহান্নামত নিক্ষিপ্ত হ’বা।
٤٠اَفَاَصْفٰىكُمْ رَبُّكُمْ بِالْبَنِيْنَ وَاتَّخَذَ مِنَ الْمَلٰٓئِكَةِ اِنَاثًاﵧ اِنَّكُمْ لَتَقُوْلُوْنَ قَوْلًا عَظِيْمًا 40. (কি আচৰিত!) তোমালোকৰ প্ৰতিপালকে তোমালোকক পুত্ৰ সন্তানৰ বাবে নিৰ্বাচিত কৰিছে আৰু তেওঁ নিজে ফিৰিস্তাসকলক কন্যাৰূপে গ্ৰহণ কৰিছে নেকি? নিশ্চয় তোমালোকে সাংঘাতিক কথা কৈ আছা।
٤١وَلَقَدْ صَرَّفْنَا فِيْ هٰذَا الْقُرْاٰنِ لِيَذَّكَّرُوْاﵧ وَمَا يَزِيْدُهُمْ اِلَّا نُفُوْرًا 41. আৰু নিশ্চয় আমি এই কোৰআনত (বহু বিষয়) বাৰে বাৰে বিবৃত কৰিছোঁ যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে। কিন্তু সিহঁতৰ বিমুখতাহে বৃদ্ধি পায়।
٤٢قُلْ لَّوْ كَانَ مَعَهٗ٘ اٰلِهَةٌ كَمَا يَقُوْلُوْنَ اِذًا لَّابْتَغَوْا اِلٰي ذِي الْعَرْشِ سَبِيْلًا42. কোৱা, ‘যদি তেওঁৰ লগত আন কোনো ইলাহ থাকিলহেঁতেন, যিদৰে সিহঁতে দাবী কৰি কয়, তেন্তে সিহঁতেও আৰছ-অধিপতিৰ (নৈকট্য লাভৰ) উপায় অন্বেষণ কৰি ফুৰিলেহেঁতেন’।
٤٣سُبْحٰنَهٗ وَتَعٰلٰي عَمَّا يَقُوْلُوْنَ عُلُوًّا كَبِيْرًا 43. তেওঁ পৱিত্ৰ মহিমাময় আৰু সিহঁতে যি কয় তাৰ পৰা তেওঁ বহু উৰ্ধ্বত।
٤٤تُسَبِّحُ لَهُ السَّمٰوٰتُ السَّبْعُ وَالْاَرْضُ وَمَنْ فِيْهِنَّﵧ وَاِنْ مِّنْ شَيْءٍ اِلَّا يُسَبِّحُ بِحَمْدِهٖ وَلٰكِنْ لَّا تَفْقَهُوْنَ تَسْبِيْحَهُمْﵧ اِنَّهٗ كَانَ حَلِيْمًا غَفُوْرًا44. সাতোখন আকাশ আৰু পৃথিৱী লগতে ইয়াৰ মাজত যি আছে সেই সকলো তেওঁৰেই পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে আৰু এনে কোনো বস্তু নাই যিটোৱে তেওঁৰ প্ৰশংসা সহকাৰে পৱিত্ৰতা আৰু মহিমা ঘোষণা নকৰে; কিন্তু সিহঁতৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা বিষয়টো তোমালোকে বুজি নোপোৱা; নিশ্চয় তেওঁ সহনশীল, ক্ষমাপৰায়ণ।
٤٥وَاِذَا قَرَاْتَ الْقُرْاٰنَ جَعَلْنَا بَيْنَكَ وَبَيْنَ الَّذِيْنَ لَا يُؤْمِنُوْنَ بِالْاٰخِرَةِ حِجَابًا مَّسْتُوْرًا 45. আৰু তুমি যেতিয়া কোৰআন পাঠ কৰা তেতিয়া আমি তোমাৰ আৰু সেইসকল লোকৰ মাজত যিসকলে আখিৰাতৰ প্ৰতি ঈমান পোষণ নকৰে এটা অদৃশ্য পৰ্দা আঁৰি দিওঁ।
٤٦وَّجَعَلْنَا عَلٰي قُلُوْبِهِمْ اَكِنَّةً اَنْ يَّفْقَهُوْهُ وَفِيْ٘ اٰذَانِهِمْ وَقْرًاﵧ وَاِذَا ذَكَرْتَ رَبَّكَ فِي الْقُرْاٰنِ وَحْدَهٗ وَلَّوْا عَلٰ٘ي اَدْبَارِهِمْ نُفُوْرًا 46. আৰু আমি সিহঁতৰ অন্তৰৰ ওপৰত আৱৰণ ৰাখি দিছোঁ যাতে সিহঁতে সেয়া বুজিব নোৱাৰে আৰু সিহঁতৰ কাণত দিছোঁ বধিৰতা; সেয়ে যেতিয়া তুমি কোৰআনৰ পৰা উল্লেখ কৰা যে, ‘তোমাৰ প্ৰতিপালক কেৱল এজন’, তেতিয়া সিহঁতে পিঠি দেখুৱাই আঁতৰি যায়।
٤٧نَحْنُ اَعْلَمُ بِمَا يَسْتَمِعُوْنَ بِهٖ٘ اِذْ يَسْتَمِعُوْنَ اِلَيْكَ وَاِذْ هُمْ نَجْوٰ٘ي اِذْ يَقُوْلُ الظّٰلِمُوْنَ اِنْ تَتَّبِعُوْنَ اِلَّا رَجُلًا مَّسْحُوْرًا 47. যেতিয়া সিহঁতে তোমাৰ প্ৰতি কাণপাতি শুনে, তেতিয়া সিহঁতে কিয় কাণপাতি শুনে সেই কথা আমি ভালদৰেই জানো আৰু এইটোও জানো যেতিয়া গোপনে আলোচনা কৰাৰ সময়ত যালিমসকলে কয়, ‘নিশ্চয় তোমালোকে এজন যাদুগ্ৰস্ত ব্যক্তিৰ অনুসৰণ কৰি আছা’।
٤٨اُنْظُرْ كَيْفَ ضَرَبُوْا لَكَ الْاَمْثَالَ فَضَلُّوْا فَلَا يَسْتَطِيْعُوْنَ سَبِيْلًا 48. চোৱা, সিহঁতে তোমাৰ বিষয়ে কেনেবোৰ উপমা দিয়ে! ফলত সিহঁতে পথভ্ৰষ্ট হৈছে, গতিকে সিহঁত সৎপথ পাবলৈ সক্ষম নহয়।
٤٩وَقَالُوْ٘ا ءَاِذَا كُنَّا عِظَامًا وَّرُفَاتًا ءَاِنَّا لَمَبْعُوْثُوْنَ خَلْقًا جَدِيْدًا 49. আৰু সিহঁতে কয়, ‘আমি যেতিয়া অস্থিত পৰিণত হম আৰু চূৰ্ণ-বিচূৰ্ণ হোৱাৰ পিছত আকৌ আমাক নতুন সৃষ্টিৰূপে উত্থিত কৰা হ’ব নেকি’?
٥٠قُلْ كُوْنُوْا حِجَارَةً اَوْ حَدِيْدًا 50. কোৱা, ‘যদি তোমালোকে শিল বা লো হৈ যোৱা,
٥١اَوْ خَلْقًا مِّمَّا يَكْبُرُ فِيْ صُدُوْرِكُمْﵐ فَسَيَقُوْلُوْنَ مَنْ يُّعِيْدُنَاﵧ قُلِ الَّذِيْ فَطَرَكُمْ اَوَّلَ مَرَّةٍﵐ فَسَيُنْغِضُوْنَ اِلَيْكَ رُءُوْسَهُمْ وَيَقُوْلُوْنَ مَتٰي هُوَﵧ قُلْ عَسٰ٘ي اَنْ يَّكُوْنَ قَرِيْبًا 51. ‘অথবা এনে কোনো সৃষ্টিত পৰিণত হোৱা যিটো তোমালোকৰ অন্তৰত বৰ ডাঙৰ বুলি ভবা’; (তথাপিও তোমালোকক পুনৰুত্থিত কৰা হ’ব) ইয়াৰ পিছতো সিহঁতে ক’ব, ‘কোনে আমাক পুনৰুত্থিত কৰিব’? কোৱা, ‘তেৱেঁই কৰিব, যিজনে প্ৰথমবাৰ তোমালোকক সৃষ্টি কৰিছিল’। তেতিয়া সিহঁতে মূৰ জোকাৰি সুধিব, ‘সেইটোনো কেতিয়া হ’ব? কোৱা, ‘সম্ভৱতঃ সেয়া অতি শীঘ্ৰেই হ’ব’।
٥٢يَوْمَ يَدْعُوْكُمْ فَتَسْتَجِيْبُوْنَ بِحَمْدِهٖ وَتَظُنُّوْنَ اِنْ لَّبِثْتُمْ اِلَّا قَلِيْلًا 52. যিদিনা তেওঁ তোমালোকক আহ্বান কৰিব, আৰু তোমালোকে তেওঁৰ প্ৰশংসাৰ সৈতে তেওঁৰ আহ্বানত সঁহাৰি দিবা, লগতে তোমালোকে ধাৰণা কৰিবা যে, তোমালোকে (তাত) অতি কম সময় অৱস্থান কৰিছিলা।
٥٣وَقُلْ لِّعِبَادِيْ يَقُوْلُوا الَّتِيْ هِيَ اَحْسَنُﵧ اِنَّ الشَّيْطٰنَ يَنْزَغُ بَيْنَهُمْﵧ اِنَّ الشَّيْطٰنَ كَانَ لِلْاِنْسَانِ عَدُوًّا مُّبِيْنًا 53. আৰু মোৰ বান্দাসকলক কোৱা, তেওঁলোকে যেন এনেকুৱা কথা কয়, যিটো উত্তম। নিশ্চয় চয়তানে তেওঁলোকৰ মাজত বিৰোধ সৃষ্টি কৰে। নিশ্চয় চয়তান হৈছে মানুহৰ প্ৰকাশ্য শত্ৰু।
٥٤رَبُّكُمْ اَعْلَمُ بِكُمْﵧ اِنْ يَّشَاْ يَرْحَمْكُمْ اَوْ اِنْ يَّشَاْ يُعَذِّبْكُمْﵧ وَمَا٘ اَرْسَلْنٰكَ عَلَيْهِمْ وَكِيْلًا 54. তোমালোকৰ প্ৰতিপালক তোমালোকৰ বিষয়ে অধিক অৱগত। তেওঁ ইচ্ছা কৰিলে তোমালোকৰ প্ৰতি দয়া কৰিব পাৰে, অথবা ইচ্ছা কৰিলে তোমালোকক শাস্তিও দিব পাৰে, (আৰু হে নবী!) আমি তোমাক সিহঁতৰ ওপৰত কৰ্মবিধায়ক কৰি পঠোৱা নাই।
٥٥وَرَبُّكَ اَعْلَمُ بِمَنْ فِي السَّمٰوٰتِ وَالْاَرْضِﵧ وَلَقَدْ فَضَّلْنَا بَعْضَ النَّبِيّٖنَ عَلٰي بَعْضٍ وَّاٰتَيْنَا دَاوٗدَ زَبُوْرًا55. আকাশমণ্ডল আৰু পৃথিৱীত যিসকল আছে, সিহঁতৰ বিষয়েও তোমাৰ প্ৰতিপালক অধিক অৱগত। নিশ্চয় আমি নবীসকলৰ মাজৰ কিছুমানক আন কিছুমানৰ ওপৰত মৰ্যাদা প্ৰদান কৰিছোঁ আৰু দাউদক প্ৰদান কৰিছিলোঁ ঝাবূৰ।
٥٦قُلِ ادْعُوا الَّذِيْنَ زَعَمْتُمْ مِّنْ دُوْنِهٖ فَلَا يَمْلِكُوْنَ كَشْفَ الضُّرِّ عَنْكُمْ وَلَا تَحْوِيْلًا 56. কোৱা, ‘তোমালোকে আল্লাহৰ বাহিৰে যিবোৰক ইলাহ বুলি ধাৰণা কৰা সিহঁতক মাতাচোন, তেতিয়াহে গম পাবা, তোমালোকৰ দুখ-দৈন্য দূৰ কৰাৰ বা পৰিবৰ্তন কৰাৰ ক্ষমতা সিহঁতৰ নাই’।
٥٧اُولٰٓئِكَ الَّذِيْنَ يَدْعُوْنَ يَبْتَغُوْنَ اِلٰي رَبِّهِمُ الْوَسِيْلَةَ اَيُّهُمْ اَقْرَبُ وَيَرْجُوْنَ رَحْمَتَهٗ وَيَخَافُوْنَ عَذَابَهٗﵧ اِنَّ عَذَابَ رَبِّكَ كَانَ مَحْذُوْرًا 57. সিহঁতে যিবোৰক আহ্বান কৰে, সিহঁত নিজেই সিহঁতৰ প্ৰতিপালকৰ নৈকট্য লাভৰ উপায় সন্ধান কৰে যে, সিহঁতৰ মাজত কোন কিমান তেওঁৰ নিকটৱৰ্তী হ’ব পাৰে, আৰু সিহঁতে তেওঁৰ দয়া প্ৰত্যাশা কৰে আৰু তেওঁৰ শাস্তিক ভয় কৰে। নিশ্চয় তোমাৰ প্ৰতিপালকৰ শাস্তি অতি ভয়াৱহ।
٥٨وَاِنْ مِّنْ قَرْيَةٍ اِلَّا نَحْنُ مُهْلِكُوْهَا قَبْلَ يَوْمِ الْقِيٰمَةِ اَوْ مُعَذِّبُوْهَا عَذَابًا شَدِيْدًاﵧ كَانَ ذٰلِكَ فِي الْكِتٰبِ مَسْطُوْرًا 58. আৰু এনে কোনো জনবসতি নাই যাক আমি কিয়ামতৰ পূৰ্বে ধ্বংস নকৰিম অথবা যাক আমি কঠোৰ শাস্তি নিবিহিম; এয়াতো কিতাবত লিপিবদ্ধ আছে।
٥٩وَمَا مَنَعَنَا٘ اَنْ نُّرْسِلَ بِالْاٰيٰتِ اِلَّا٘ اَنْ كَذَّبَ بِهَا الْاَوَّلُوْنَﵧ وَاٰتَيْنَا ثَمُوْدَ النَّاقَةَ مُبْصِرَةً فَظَلَمُوْا بِهَاﵧ وَمَا نُرْسِلُ بِالْاٰيٰتِ اِلَّا تَخْوِيْفًا 59. আৰু আমি নিদৰ্শন প্ৰেৰণ নকৰাৰ কেৱল এইটোৱে কাৰণ যে, সিহঁতৰ পূৰ্বৱৰ্তীসকলে ইয়াক অস্বীকাৰ কৰিছিল। আমি শিক্ষামূলক নিদৰ্শন স্বৰূপে ছামূদ জাতিক উট প্ৰদান কৰিছিলোঁ, কিন্তু সিহঁতে সেইটোৰ প্ৰতি অত্যাচাৰ কৰিছিল। আমি কেৱল ভয় দেখুৱাৰ কাৰণেহে নিদৰ্শন প্ৰেৰণ কৰোঁ।
٦٠وَاِذْ قُلْنَا لَكَ اِنَّ رَبَّكَ اَحَاطَ بِالنَّاسِﵧ وَمَا جَعَلْنَا الرُّءْيَا الَّتِيْ٘ اَرَيْنٰكَ اِلَّا فِتْنَةً لِّلنَّاسِ وَالشَّجَرَةَ الْمَلْعُوْنَةَ فِي الْقُرْاٰنِﵧ وَنُخَوِّفُهُمْﶈ فَمَا يَزِيْدُهُمْ اِلَّا طُغْيَانًا كَبِيْرًا 60. আৰু স্মৰণ কৰা, যেতিয়া আমি তোমাক কৈছিলোঁ যে, নিশ্চয় তোমাৰ প্ৰতিপালকে মানুহক পৰিবেষ্টন কৰি আছে। আমি যি দৃশ্য তোমাক দেখুৱাইছোঁ সেইটো আৰু কোৰআনত উল্লেখিত অভিশপ্ত গছটোও কেৱল মানুহৰ পৰীক্ষাৰ বাবে নিৰ্ধাৰণ কৰিছোঁ। আমি সিহঁতক ভয় দেখুৱাওঁ, কিন্তু ই সিহঁতৰ ঘোৰ অবাধ্যতাহে বৃদ্ধি কৰে।
٦١وَاِذْ قُلْنَا لِلْمَلٰٓئِكَةِ اسْجُدُوْا لِاٰدَمَ فَسَجَدُوْ٘ا اِلَّا٘ اِبْلِيْسَﵧ قَالَ ءَاَسْجُدُ لِمَنْ خَلَقْتَ طِيْنًا 61. আৰু স্মৰণ কৰা, যেতিয়া আমি ফিৰিস্তাসকলক কৈছিলোঁ, ‘আদমক ছাজদাহ কৰা’, তেতিয়া ইবলীছৰ বাহিৰে সকলোৱে ছাজদাহ কৰিছিল। সি কৈছিল, ‘মই ইয়াক ছাজদাহ কৰিমনে, যাক তুমি বোকা মাটিৰে সৃষ্টি কৰিছা’?
٦٢قَالَ اَرَءَيْتَكَ هٰذَا الَّذِيْ كَرَّمْتَ عَلَيَّﵟ لَئِنْ اَخَّرْتَنِ اِلٰي يَوْمِ الْقِيٰمَةِ لَاَحْتَنِكَنَّ ذُرِّيَّتَهٗ٘ اِلَّا قَلِيْلًا 62. সি (আৰু) কৈছিল, ‘চোৱাচোন! এইজন যাক তুমি মোৰ ওপৰত মৰ্যাদা দান কৰিলা, কিয়ামতৰ দিৱসলৈকে যদি তুমি মোক অৱকাশ দিয়া, তেনেহ’লে শপত কৰি কৈছোঁ, মই কিছু সংখ্যকৰ বাহিৰে ইয়াৰ গোটেই বংশধৰক নিশ্চয় মোৰ কৰ্তৃত্বাধীন কৰি পেলাম’।
٦٣قَالَ اذْهَبْ فَمَنْ تَبِعَكَ مِنْهُمْ فَاِنَّ جَهَنَّمَ جَزَآؤُكُمْ جَزَآءً مَّوْفُوْرًا 63. আল্লাহে ক’লে, ‘যোৱা, এতেকে সিহঁতৰ মাজৰ যিয়ে তোমাৰ অনুসৰণ কৰিব, নিশ্চয় পূৰ্ণ প্ৰতিদান হিচাপে জাহান্নামেই হ’ব তোমালোক সকলোৰে প্ৰতিদান’।
٦٤وَاسْتَفْزِزْ مَنِ اسْتَطَعْتَ مِنْهُمْ بِصَوْتِكَ وَاَجْلِبْ عَلَيْهِمْ بِخَيْلِكَ وَرَجِلِكَ وَشَارِكْهُمْ فِي الْاَمْوَالِ وَالْاَوْلَادِ وَعِدْهُمْﵧ وَمَا يَعِدُهُمُ الشَّيْطٰنُ اِلَّا غُرُوْرًا 64. ‘আৰু তোমাৰ কণ্ঠৰে সিহঁতৰ মাজৰ যাকে পাৰা পদস্খলিত কৰাগৈ, তোমাৰ অশ্বাৰোহী আৰু পদাতিক বাহিনীৰ দ্বাৰা সিহঁতক আক্ৰমণ কৰা আৰু সিহঁতৰ ধন-সম্পদ লগতে সন্তান-সন্ততিত অংশী হোৱাগৈ, আৰু সিহঁতক প্ৰতিশ্ৰুতি দিয়া’। অৱশ্যে চয়তানে ছলনাৰ বাহিৰে সিহঁতক কোনো প্ৰতিশ্ৰুতিয়ে নিদিয়ে।
٦٥اِنَّ عِبَادِيْ لَيْسَ لَكَ عَلَيْهِمْ سُلْطٰنٌﵧ وَكَفٰي بِرَبِّكَ وَكِيْلًا 65. ‘নিশ্চয় মোৰ বান্দাসকলৰ ওপৰত তোমাৰ কোনো ক্ষমতা নাই’। কৰ্মবিধায়ক হিচাপে তোমাৰ প্ৰতিপালকেই যথেষ্ট।
٦٦رَبُّكُمُ الَّذِيْ يُزْجِيْ لَكُمُ الْفُلْكَ فِي الْبَحْرِ لِتَبْتَغُوْا مِنْ فَضْلِهٖﵧ اِنَّهٗ كَانَ بِكُمْ رَحِيْمًا 66. তেৱেঁই তোমালোকৰ প্ৰতিপালক, যিজনে তোমালোকৰ বাবে সাগৰত নৌযান পৰিচালিত কৰায়, যাতে তোমালোকে তেওঁৰ অনুগ্ৰহ সন্ধান কৰিব পাৰা। নিশ্চয় তেওঁ তোমালোকৰ প্ৰতি পৰম দয়ালু।
٦٧وَاِذَا مَسَّكُمُ الضُّرُّ فِي الْبَحْرِ ضَلَّ مَنْ تَدْعُوْنَ اِلَّا٘ اِيَّاهُﵐ فَلَمَّا نَجّٰىكُمْ اِلَي الْبَرِّ اَعْرَضْتُمْﵧ وَكَانَ الْاِنْسَانُ كَفُوْرًا 67. আৰু যেতিয়া তোমালোকক সাগৰত বিপদে স্পৰ্শ কৰে, তেতিয়া তেওঁৰ বাহিৰে তোমালোকে যিবোৰক আহ্বান কৰা, সেইবোৰ সেই সময়ত (তোমালোকৰ মনৰ পৰা) উধাও হৈ যায়; এতেকে তেওঁ যেতিয়া তোমালোকক উদ্ধাৰ কৰি স্থলত আনে, তেতিয়া তোমালোকে মুখ ঘূৰাই লোৱা। প্ৰকৃততে মানুহ বৰ অকৃতজ্ঞ।
٦٨اَفَاَمِنْتُمْ اَنْ يَّخْسِفَ بِكُمْ جَانِبَ الْبَرِّ اَوْ يُرْسِلَ عَلَيْكُمْ حَاصِبًا ثُمَّ لَا تَجِدُوْا لَكُمْ وَكِيْلًا 68. তোমালোকে এই বিষয়ে নিশ্চিন্ত আছা নেকি যে, তেওঁ তোমালোকক স্থলৰ কোনো অঞ্চলতেই ভূগৰ্ভস্থ নকৰিব, অথবা তোমালোকৰ ওপৰত শিলা বৰ্ষণকাৰী প্ৰবল ধুমুহা নপঠাব? তেতিয়া কিন্তু তোমালোকে নিজৰ বাবে কোনো কৰ্মবিধায়ক বিচাৰি নাপাবা।
٦٩اَمْ اَمِنْتُمْ اَنْ يُّعِيْدَكُمْ فِيْهِ تَارَةً اُخْرٰي فَيُرْسِلَ عَلَيْكُمْ قَاصِفًا مِّنَ الرِّيْحِ فَيُغْرِقَكُمْ بِمَا كَفَرْتُمْﶈ ثُمَّ لَا تَجِدُوْا لَكُمْ عَلَيْنَا بِهٖ تَبِيْعًا69. অথবা তোমালোকে এই বিষয়ত নিশ্চিন্ত হৈছা নেকি যে, তেওঁ তোমালোকক দ্বিতীয়বাৰ সাগৰলৈ লৈ নাযাব আৰু তোমালোকৰ বিৰুদ্ধে প্ৰচণ্ড ধুমুহা প্ৰেৰণ নকৰিব আৰু তোমালোকৰ কুফৰী কৰাৰ বাবে তোমালোকক তেওঁ ডুবাই নামাৰিব? তাৰ পিছত তোমালোকে আমাৰ বিৰুদ্ধে কোনো সহায়কাৰী বিচাৰি নাপাবা।
٧٠وَلَقَدْ كَرَّمْنَا بَنِيْ٘ اٰدَمَ وَحَمَلْنٰهُمْ فِي الْبَرِّ وَالْبَحْرِ وَرَزَقْنٰهُمْ مِّنَ الطَّيِّبٰتِ وَفَضَّلْنٰهُمْ عَلٰي كَثِيْرٍ مِّمَّنْ خَلَقْنَا تَفْضِيْلًا 70. নিশ্চয় আমি আদম সন্তানক মৰ্যাদা দান কৰিছোঁ, আমিয়েই সিহঁতক স্থলত আৰু সাগৰত চলাচল কৰিবলৈ বাহন দিছোঁ; আৰু সিহঁতক উত্তম জীৱিকা দান কৰিছোঁ আৰু আমাৰ সৃষ্টিৰ বহুতৰে ওপৰত সিহঁতক শ্ৰেষ্ঠত্ব প্ৰদান কৰিছোঁ।
٧١يَوْمَ نَدْعُوْا كُلَّ اُنَاسٍۣ بِاِمَامِهِمْﵐ فَمَنْ اُوْتِيَ كِتٰبَهٗ بِيَمِيْنِهٖ فَاُولٰٓئِكَ يَقْرَءُوْنَ كِتٰبَهُمْ وَلَا يُظْلَمُوْنَ فَتِيْلًا 71. (স্মৰণ কৰা সেই দিৱসটোক,) যিদিনা আমি প্ৰত্যেক সম্প্ৰদায়ক সিহঁতৰ ইমামসহ আহ্বান কৰিম। তাৰ পিছত যিসকলক সিহঁতৰ সোঁ হাতত আমলনামা দিয়া হ’ব, সিহঁতে নিজৰ আমলনামা পঢ়িব আৰু সিহঁতৰ ওপৰত খেজুৰৰ গুটিৰ ওপৰত থকা মিহি সূতা পৰিমাণো (অকণো) অন্যায় কৰা নহ’ব।
٧٢وَمَنْ كَانَ فِيْ هٰذِهٖ٘ اَعْمٰي فَهُوَ فِي الْاٰخِرَةِ اَعْمٰي وَاَضَلُّ سَبِيْلًا 72. আৰু যিজন ইয়াত অন্ধ, সি আখিৰাততো অন্ধ, তথা আটাইতকৈ বেছি পথভ্ৰষ্ট।
٧٣وَاِنْ كَادُوْا لَيَفْتِنُوْنَكَ عَنِ الَّذِيْ٘ اَوْحَيْنَا٘ اِلَيْكَ لِتَفْتَرِيَ عَلَيْنَا غَيْرَهٗﵲ وَاِذًا لَّاتَّخَذُوْكَ خَلِيْلًا 73. আৰু আমি তোমাৰ প্ৰতি যি অহী প্ৰেৰণ কৰিছোঁ তাৰ পৰা সিহঁতে তোমাক পদস্খলন ঘটোৱাৰ চেষ্টা প্ৰায় চুড়ান্ত কৰিছিল, যাতে তুমি আমাৰ নামত ইয়াৰ বিপৰীতে মিছা ৰটাব পাৰা; আৰু তেতিয়া নিঃসন্দেহে সিহঁতে তোমাক বন্ধৰূপে গ্ৰহণ কৰিলেহেঁতেন।
٧٤وَلَوْلَا٘ اَنْ ثَبَّتْنٰكَ لَقَدْ كِدْتَّ تَرْكَنُ اِلَيْهِمْ شَيْـًٔا قَلِيْلًا 74. আৰু আমি তোমাক অবিচলিত নাৰাখিলে তুমি নিশ্চয় সিহঁতৰ ফালে কিঞ্চিত হ’লেও ঢাল খালাইহেঁতেন;
٧٥اِذًا لَّاَذَقْنٰكَ ضِعْفَ الْحَيٰوةِ وَضِعْفَ الْمَمَاتِ ثُمَّ لَا تَجِدُ لَكَ عَلَيْنَا نَصِيْرًا 75. যদি এনে কৰিলাহেঁতেন তেন্তে নিশ্চয় আমি তোমাক এই জীৱনত দ্বিগুণ আৰু পৰকালতো দ্বিগুণ শাস্তিৰ সোৱাদ দিলোঁহেঁতেন; তেতিয়া তুমি আমাৰ বিৰুদ্ধে তোমাৰ বাবে কোনো সহায়কাৰীও নাপালেহেঁতেন।
٧٦وَاِنْ كَادُوْا لَيَسْتَفِزُّوْنَكَ مِنَ الْاَرْضِ لِيُخْرِجُوْكَ مِنْهَا وَاِذًا لَّا يَلْبَثُوْنَ خِلٰفَكَ اِلَّا قَلِيْلًا 76. আৰু সিহঁতে তোমাক দেশৰ পৰা উৎখাত কৰিবলৈ প্ৰায় চূড়ান্ত চেষ্টা কৰিছিল, যাতে তোমাক তাৰ পৰা বহিষ্কাৰ কৰিব পাৰে, এনে কৰিলে সিহঁতেও তোমাৰ পিছত বেছি সময় তিষ্ঠি থাকিব নোৱাৰিলেহেঁতেন।
٧٧سُنَّةَ مَنْ قَدْ اَرْسَلْنَا قَبْلَكَ مِنْ رُّسُلِنَا وَلَا تَجِدُ لِسُنَّتِنَا تَحْوِيْلًا 77. আমাৰ ৰাছুলসকলৰ মাজৰ পৰা তোমাৰ পূৰ্বে যিসকলক প্ৰেৰণ কৰিছিলোঁ তেওঁলোকৰ ক্ষেত্ৰতো আছিল এইটোৱেই নিয়ম আৰু তুমি আমাৰ নিয়মৰ কোনো পৰিবৰ্তন নাপাবা।
٧٨اَقِمِ الصَّلٰوةَ لِدُلُوْكِ الشَّمْسِ اِلٰي غَسَقِ الَّيْلِ وَقُرْاٰنَ الْفَجْرِﵧ اِنَّ قُرْاٰنَ الْفَجْرِ كَانَ مَشْهُوْدًا 78. সূৰ্য ঢালখোৱাৰ পিছৰ পৰা ৰাতিৰ ঘন অন্ধকাৰ পৰ্যন্ত ছালাত কায়েম কৰা আৰু ফজৰৰ ছালাত (আদায় কৰা)। নিশ্চয় ফজৰৰ ছালাত হৈছে (ফিৰিস্তাসকলৰ) উপস্থিতিৰ সময়।
٧٩وَمِنَ الَّيْلِ فَتَهَجَّدْ بِهٖ نَافِلَةً لَّكَﵲ عَسٰ٘ي اَنْ يَّبْعَثَكَ رَبُّكَ مَقَامًا مَّحْمُوْدًا79. আৰু ৰাতিৰ কিছু অংশত (কোৰআনৰ দ্বাৰা) তাহাজ্জুদ আদায় কৰা, এইটো হৈছে তোমাৰ বাবে এটা অতিৰিক্ত কৰ্তব্য। আশা কৰা যায় তোমাৰ প্ৰতিপালকে তোমাক প্ৰতিষ্ঠিত কৰিব প্ৰশংসিত স্থানত।
٨٠وَقُلْ رَّبِّ اَدْخِلْنِيْ مُدْخَلَ صِدْقٍ وَّاَخْرِجْنِيْ مُخْرَجَ صِدْقٍ وَّاجْعَلْ لِّيْ مِنْ لَّدُنْكَ سُلْطٰنًا نَّصِيْرًا 80. আৰু কোৱা, ‘হে মোৰ প্ৰতিপালক! তুমি মোক সত্যতাৰ সৈতে প্ৰৱেশ কৰোৱা আৰু মোক বাহিৰ কৰা সত্যতাৰ সৈতে আৰু তোমাৰ ফালৰ পৰা মোক দান কৰা সাহায্যকাৰী শক্তি’।
٨١وَقُلْ جَآءَ الْحَقُّ وَزَهَقَ الْبَاطِلُﵧ اِنَّ الْبَاطِلَ كَانَ زَهُوْقًا 81. আৰু কোৱা, ‘সত্য আহি পাইছে আৰু বাতিল (অসত্য) বিলুপ্ত হৈছে; নিশ্চয় বাতিল বিলুপ্ত হ’বলগীয়াই আছিল’।
٨٢وَنُنَزِّلُ مِنَ الْقُرْاٰنِ مَا هُوَ شِفَآءٌ وَّرَحْمَةٌ لِّلْمُؤْمِنِيْنَﶈ وَلَا يَزِيْدُ الظّٰلِمِيْنَ اِلَّا خَسَارًا 82. আৰু আমি কোৰআন অৱতীৰ্ণ কৰোঁ, যিখন মুমিনসকলৰ বাবে আৰোগ্য আৰু ৰহমত, কিন্তু ই যালিমসকলৰ ক্ষতিহে বৃদ্ধি কৰে।
٨٣وَاِذَا٘ اَنْعَمْنَا عَلَي الْاِنْسَانِ اَعْرَضَ وَنَاٰ بِجَانِبِهٖﵐ وَاِذَا مَسَّهُ الشَّرُّ كَانَ يَـُٔوْسًا 83. আৰু যেতিয়া আমি মানুহৰ প্ৰতি অনুগ্ৰহ কৰোঁ তেতিয়া সি মুখ ঘূৰাই লয় আৰু আঁতৰ হৈ যায়। কিন্তু যেতিয়া তাক অনিষ্টই স্পৰ্শ কৰে তেতিয়া সি একেবাৰে হতাশ হৈ পৰে।
٨٤قُلْ كُلٌّ يَّعْمَلُ عَلٰي شَاكِلَتِهٖﵧ فَرَبُّكُمْ اَعْلَمُ بِمَنْ هُوَ اَهْدٰي سَبِيْلًا 84. কোৱা, ‘প্ৰত্যেকেই নিজ নিজ প্ৰকৃতি অনুযায়ী কাম কৰে কিন্তু তোমাৰ প্ৰতিপালকহে অধিক অৱগত যে, কোন সৰ্বাধিক নিৰ্ভুল পথত পৰিচালিত’।
٨٥وَيَسْـَٔلُوْنَكَ عَنِ الرُّوْحِﵧ قُلِ الرُّوْحُ مِنْ اَمْرِ رَبِّيْ وَمَا٘ اُوْتِيْتُمْ مِّنَ الْعِلْمِ اِلَّا قَلِيْلًا 85. আৰু সিহঁতে তোমাক ৰূহ সম্পৰ্কে প্ৰশ্ন কৰে। কোৱা, ‘ৰূহ হৈছে মোৰ প্ৰতিপালকৰ আদেশ বিশেষ, আৰু তোমালোকক অতি সামান্য জ্ঞানহে দিয়া হৈছে’।
٨٦وَلَئِنْ شِئْنَا لَنَذْهَبَنَّ بِالَّذِيْ٘ اَوْحَيْنَا٘ اِلَيْكَ ثُمَّ لَا تَجِدُ لَكَ بِهٖ عَلَيْنَا وَكِيْلًا 86. আৰু আমি ইচ্ছা কৰিলে তোমাৰ প্ৰতি যি অহী কৰিছোঁ তাক নিশ্চয় প্ৰত্যাহাৰ কৰিব পাৰিলোঁহেঁতেন; তাৰ পিছত এই বিষয়ে তুমি আমাৰ বিৰুদ্ধে কোনো কৰ্মবিধায়ক নাপালাহেঁতেন।
٨٧اِلَّا رَحْمَةً مِّنْ رَّبِّكَﵧ اِنَّ فَضْلَهٗ كَانَ عَلَيْكَ كَبِيْرًا 87. কিন্তু এয়া প্ৰত্যাহাৰ নকৰাটো হৈছে তোমাৰ প্ৰতিপালকৰ দয়া; নিশ্চয় তোমাৰ প্ৰতি আছে তেওঁৰ মহা অনুগ্ৰহ।
٨٨قُلْ لَّئِنِ اجْتَمَعَتِ الْاِنْسُ وَالْجِنُّ عَلٰ٘ي اَنْ يَّاْتُوْا بِمِثْلِ هٰذَا الْقُرْاٰنِ لَا يَاْتُوْنَ بِمِثْلِهٖ وَلَوْ كَانَ بَعْضُهُمْ لِبَعْضٍ ظَهِيْرًا 88. কোৱা, ‘যদি এই কোৰআনৰ অনুৰূপ কোৰআন আনিবলৈ মানুহ আৰু জিন সমবেত হয় তথাপিও ইয়াৰ অনুৰূপ আনিব নোৱাৰিব, যদিও সিহঁতে পৰস্পৰে পৰস্পৰক সহায় কৰে’।
٨٩وَلَقَدْ صَرَّفْنَا لِلنَّاسِ فِيْ هٰذَا الْقُرْاٰنِ مِنْ كُلِّ مَثَلٍﵟ فَاَبٰ٘ي اَكْثَرُ النَّاسِ اِلَّا كُفُوْرًا 89. আৰু নিশ্চয় আমি এই কোৰআনত মানুহৰ বাবে বিভিন্ন উপমা বিশদভাৱে বৰ্ণনা কৰিছোঁ; কিন্তু অধিকাংশ মানুহেই কুফৰী নকৰাকৈ ক্ষান্ত হোৱা নাই।
٩٠وَقَالُوْا لَنْ نُّؤْمِنَ لَكَ حَتّٰي تَفْجُرَ لَنَا مِنَ الْاَرْضِ يَنْۣبُوْعًا 90. আৰু সিহঁতে কয়, ‘আমি কেতিয়াও তোমাৰ ওপৰত ঈমান পোষণ নকৰোঁ, যেতিয়ালৈকে তুমি আমাৰ বাবে ভূমিৰ পৰা এটা প্ৰস্ৰৱন উৎসাৰিত নকৰিবা;
٩١اَوْ تَكُوْنَ لَكَ جَنَّةٌ مِّنْ نَّخِيْلٍ وَّعِنَبٍ فَتُفَجِّرَ الْاَنْهٰرَ خِلٰلَهَا تَفْجِيْرًا 91. ‘অথবা তোমাৰ বাবে খেজুৰ আৰু আঙুৰৰ এটা বাগিচা হ’ব, যাৰ মাজত তুমি নিজৰা প্ৰবাহিত কৰিবা’,
٩٢اَوْ تُسْقِطَ السَّمَآءَ كَمَا زَعَمْتَ عَلَيْنَا كِسَفًا اَوْ تَاْتِيَ بِاللّٰهِ وَالْمَلٰٓئِكَةِ قَبِيْلًا 92. ‘অথবা তুমি যেনেকৈ কোৱা সেই অনুযায়ী আকাশক খণ্ড-বিখণ্ড কৰি আমাৰ ওপৰত পেলাই দিয়া, নাইবা আল্লাহ আৰু ফিৰিস্তাসকলক আমাৰ সন্মুখত উপস্থিত কৰা’,
٩٣اَوْ يَكُوْنَ لَكَ بَيْتٌ مِّنْ زُخْرُفٍ اَوْ تَرْقٰي فِي السَّمَآءِﵧ وَلَنْ نُّؤْمِنَ لِرُقِيِّكَ حَتّٰي تُنَزِّلَ عَلَيْنَا كِتٰبًا نَّقْرَؤُهٗﵧ قُلْ سُبْحَانَ رَبِّيْ هَلْ كُنْتُ اِلَّا بَشَرًا رَّسُوْلًا 93. ‘অথবা তোমাৰ বাবে এটা সোণৰ ঘৰ হ’ব নাইবা তুমি আকাশত আৰোহণ কৰিবা কিন্তু তোমাৰ আকাশ আৰোহণত আমি কেতিয়াও ঈমান পোষণ নকৰোঁ যেতিয়ালৈকে তুমি আমাৰ বাবে এখন কিতাব অৱতীৰ্ণ নকৰিবা, যিখন আমি পঢ়িম। কোৱা, ‘পৱিত্ৰ মহান মোৰ প্ৰতিপালক! মই হৈছোঁ কেৱল এজন মানুহ, তথা ৰাছুল’।
٩٤وَمَا مَنَعَ النَّاسَ اَنْ يُّؤْمِنُوْ٘ا اِذْ جَآءَهُمُ الْهُدٰ٘ي اِلَّا٘ اَنْ قَالُوْ٘ا اَبَعَثَ اللّٰهُ بَشَرًا رَّسُوْلًا 94. আৰু যেতিয়া মানুহৰ ওচৰলৈ হিদায়ত আহিল, তেতিয়া সিহঁতক কেৱল এই কথাই ঈমান আনিবলৈ বাধা দিলে যে, ‘আল্লাহে এজন মানুহক ৰাছুল হিচাপে প্ৰেৰণ কৰিছে নেকি’?
٩٥قُلْ لَّوْ كَانَ فِي الْاَرْضِ مَلٰٓئِكَةٌ يَّمْشُوْنَ مُطْمَئِنِّيْنَ لَنَزَّلْنَا عَلَيْهِمْ مِّنَ السَّمَآءِ مَلَكًا رَّسُوْلًا 95. কোৱা, ‘ফিৰিস্তাসকল যদি নিশ্চিন্ত হৈ পৃথিৱীত বিচৰণ কৰিব পাৰিলেহেঁতেন তেন্তে নিশ্চয় আমি আকাশৰ পৰা সিহঁতৰ ওচৰলৈ ফিৰিস্তাকেই ৰাছুল বনাই প্ৰেৰণ কৰিলোঁহেঁতেন’।
٩٦قُلْ كَفٰي بِاللّٰهِ شَهِيْدًاۣ بَيْنِيْ وَبَيْنَكُمْﵧ اِنَّهٗ كَانَ بِعِبَادِهٖ خَبِيْرًاۣ بَصِيْرًا 96. কোৱা, ‘মোৰ আৰু তোমালোকৰ মাজত সাক্ষী হিচাপে আল্লাহেই যথেষ্ট; নিশ্চয় তেওঁ নিজৰ বান্দাসকলৰ বিষয়ে পূৰ্ণ অৱহিত, পূৰ্ণদ্ৰষ্টা’।
٩٧وَمَنْ يَّهْدِ اللّٰهُ فَهُوَ الْمُهْتَدِﵐ وَمَنْ يُّضْلِلْ فَلَنْ تَجِدَ لَهُمْ اَوْلِيَآءَ مِنْ دُوْنِهٖﵧ وَنَحْشُرُهُمْ يَوْمَ الْقِيٰمَةِ عَلٰي وُجُوْهِهِمْ عُمْيًا وَّبُكْمًا وَّصُمًّاﵧ مَاْوٰىهُمْ جَهَنَّمُﵧ كُلَّمَا خَبَتْ زِدْنٰهُمْ سَعِيْرًا 97. আৰু আল্লাহে যিসকলক হিদায়ত দিয়ে সিহঁতেহে হিদায়তপ্ৰাপ্ত হয় আৰু যিসকলক তেওঁ পথভ্ৰষ্ট কৰে সিহঁতৰ বাবে তুমি কেতিয়াও তেওঁৰ বাহিৰে আন কোনো অভিভাৱক বিচাৰি নাপাবা। কিয়ামতৰ দিনা আমি সিহঁতক উবৰি খোৱা অৱস্থাত অন্ধ, বোবা আৰু বধিৰ কৰি সমবেত কৰিম। সিহঁতৰ আবাসস্থল হ’ব জাহান্নাম; যেতিয়া ই নিস্তেজ হ’ব তেতিয়াই আমি সিহঁতৰ বাবে জুইৰ শিখা বৃদ্ধি কৰিম।
٩٨ذٰلِكَ جَزَآؤُهُمْ بِاَنَّهُمْ كَفَرُوْا بِاٰيٰتِنَا وَقَالُوْ٘ا ءَاِذَا كُنَّا عِظَامًا وَّرُفَاتًا ءَاِنَّا لَمَبْعُوْثُوْنَ خَلْقًا جَدِيْدًا 98. এইটোৱেই হৈছে সিহঁতৰ প্ৰতিদান, কাৰণ সিহঁতে আমাৰ নিদৰ্শন অস্বীকাৰ কৰিছিল আৰু কৈছিল, ‘অস্থিত পৰিণত আৰু চূৰ্ণ-বিচূৰ্ণ হোৱাৰ পিছতো আমি আকৌ নতুন সৃষ্টিৰূপে পুনৰুত্থিত হমনে’?
٩٩اَوَلَمْ يَرَوْا اَنَّ اللّٰهَ الَّذِيْ خَلَقَ السَّمٰوٰتِ وَالْاَرْضَ قَادِرٌ عَلٰ٘ي اَنْ يَّخْلُقَ مِثْلَهُمْ وَجَعَلَ لَهُمْ اَجَلًا لَّا رَيْبَ فِيْهِﵧ فَاَبَي الظّٰلِمُوْنَ اِلَّا كُفُوْرًا 99. সিহঁতে লক্ষ্য নকৰে নেকি যে, নিশ্চয় আল্লাহ, যিজনে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে তেওঁ সিহঁতৰ অনুৰূপ সৃষ্টি কৰিবলৈ ক্ষমতাৱান? আৰু তেৱেঁই সিহঁতৰ বাবে স্থিৰ কৰিছে এটা নিৰ্দিষ্ট কাল, য’ত কোনো সন্দেহ নাই, তথাপিও যালিমসকলে কুফৰী নকৰাকৈ ক্ষেন্ত হোৱা নাই।
١٠٠قُلْ لَّوْ اَنْتُمْ تَمْلِكُوْنَ خَزَآئِنَ رَحْمَةِ رَبِّيْ٘ اِذًا لَّاَمْسَكْتُمْ خَشْيَةَ الْاِنْفَاقِﵧ وَكَانَ الْاِنْسَانُ قَتُوْرًا 100. কোৱা, ‘যদি তোমালোকে মোৰ প্ৰতিপালকৰ দয়াৰ ভাণ্ডাৰৰ অধিকাৰী হ’লাহেঁতেন, তথাপিও সেই ভাণ্ডাৰ ব্যয় হৈ যোৱাৰ আশংকাত তোমালোকে তাক ধৰি ৰাখিলাহেঁতেন; অৱশ্যে মানুহ বৰ কৃপণ’।
١٠١وَلَقَدْ اٰتَيْنَا مُوْسٰي تِسْعَ اٰيٰتٍۣ بَيِّنٰتٍ فَسْـَٔلْ بَنِيْ٘ اِسْرَآءِيْلَ اِذْ جَآءَهُمْ فَقَالَ لَهٗ فِرْعَوْنُ اِنِّيْ لَاَظُنُّكَ يٰمُوْسٰي مَسْحُوْرًا 101. নিশ্চয় আমি মুছাক নটা স্পষ্ট নিদৰ্শন প্ৰদান কৰিছিলোঁ; এতেকে তুমি বনী ইছৰাঈলক সুধি চাব পাৰা; যেতিয়া তেওঁ সিহঁতৰ ওচৰলৈ আহিছিল, আৰু ফিৰআউনে তেওঁক কৈছিল, ‘হে মুছা! নিশ্চয় মোৰ মতে তুমি হৈছা এজন যাদুগ্ৰস্ত ব্যক্তি’।
١٠٢قَالَ لَقَدْ عَلِمْتَ مَا٘ اَنْزَلَ هٰ٘ؤُلَآءِ اِلَّا رَبُّ السَّمٰوٰتِ وَالْاَرْضِ بَصَآئِرَﵐ وَاِنِّيْ لَاَظُنُّكَ يٰفِرْعَوْنُ مَثْبُوْرًا 102. মুছাই কৈছিল, ‘তুমি নিশ্চিতভাৱে জানা যে, এইবোৰ স্পষ্ট নিদৰ্শন আকাশসমূহ আৰু পৃথিৱীৰ প্ৰতিপালকেই অৱতীৰ্ণ কৰিছে—প্ৰত্যক্ষ প্ৰমাণস্বৰূপে। ‘হে ফিৰআউন! মোৰ মতে তুমি হৈছা এজন ধ্বংসপ্ৰাপ্ত ব্যক্তি’।
١٠٣فَاَرَادَ اَنْ يَّسْتَفِزَّهُمْ مِّنَ الْاَرْضِ فَاَغْرَقْنٰهُ وَمَنْ مَّعَهٗ جَمِيْعًا 103. অৱশেষত ফিৰআউনে তেওঁলোকক দেশৰ পৰা উচ্ছেদ কৰিবলৈ ইচ্ছা কৰিলে; তেতিয়া আমি তাক আৰু তাৰ সঙ্গীসকলৰ আটাইকে ডুবাই মাৰিলোঁ।
١٠٤وَّقُلْنَا مِنْۣ بَعْدِهٖ لِبَنِيْ٘ اِسْرَآءِيْلَ اسْكُنُوا الْاَرْضَ فَاِذَا جَآءَ وَعْدُ الْاٰخِرَةِ جِئْنَا بِكُمْ لَفِيْفًا 104. ইয়াৰ পিছত আমি বনী ইছৰাঈলক ক’লোঁ, ‘তোমালোকে পৃথিৱীত বসবাস কৰা আৰু যেতিয়া আখিৰাতৰ প্ৰতিশ্ৰুতি বাস্তবায়িত হ’ব তেতিয়া আমি তোমালোক আটাইকে একত্ৰিত কৰি উপস্থিত কৰিম।
١٠٥وَبِالْحَقِّ اَنْزَلْنٰهُ وَبِالْحَقِّ نَزَلَﵧ وَمَا٘ اَرْسَلْنٰكَ اِلَّا مُبَشِّرًا وَّنَذِيْرًا 105. আৰু আমি সত্য সহকাৰে কোৰআন অৱতীৰ্ণ কৰিছোঁ আৰু ই সত্য সহকাৰেই অৱতীৰ্ণ হৈছে। আমি কেৱল তোমাক সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপেহে প্ৰেৰণ কৰিছোঁ।
١٠٦وَقُرْاٰنًا فَرَقْنٰهُ لِتَقْرَاَهٗ عَلَي النَّاسِ عَلٰي مُكْثٍ وَّنَزَّلْنٰهُ تَنْزِيْلًا 106. আৰু আমি কোৰআনক অলপ অলপকৈ অৱতীৰ্ণ কৰিছোঁ; যাতে তুমি সেয়া মানুহৰ ওচৰত ক্ৰমে ক্ৰমে পাঠ কৰিব পাৰা আৰু আমি ইয়াক পৰ্যায়ক্ৰমে অৱতীৰ্ণ কৰিছোঁ।
١٠٧قُلْ اٰمِنُوْا بِهٖ٘ اَوْ لَا تُؤْمِنُوْاﵧ اِنَّ الَّذِيْنَ اُوْتُوا الْعِلْمَ مِنْ قَبْلِهٖ٘ اِذَا يُتْلٰي عَلَيْهِمْ يَخِرُّوْنَ لِلْاَذْقَانِ سُجَّدًا 107. কোৱা, ‘তোমালোকে কোৰআনৰ ওপৰত ঈমান পোষণ কৰা বা নকৰা, নিশ্চয় যিসকলক ইয়াৰ পূৰ্বে জ্ঞান দিয়া হৈছিল, তেওঁলোকৰ ওচৰত যেতিয়া ইয়াক তিলাৱত কৰা হয় তেতিয়াই তেওঁলোকে ছাজদাত পৰি যায়’।
١٠٨وَّيَقُوْلُوْنَ سُبْحٰنَ رَبِّنَا٘ اِنْ كَانَ وَعْدُ رَبِّنَا لَمَفْعُوْلًا 108. আৰু তেওঁলোকে কয়, ‘আমাৰ প্ৰতিপালক পৱিত্ৰ মহান। আমাৰ প্ৰতিপালকৰ প্ৰতিশ্ৰুতি কাৰ্যকৰী হ’বই হ’ব’।
١٠٩وَيَخِرُّوْنَ لِلْاَذْقَانِ يَبْكُوْنَ وَيَزِيْدُهُمْ خُشُوْعًا 109. ‘আৰু তেওঁলোকে কান্দি কান্দি নতশিৰে (ছাজদাত) পৰি যায় আৰু এইটোৱেই তেওঁলোকৰ বিনয় আৰু বৃদ্ধি কৰে’।(ছাজদাহ)
١١٠قُلِ ادْعُوا اللّٰهَ اَوِ ادْعُوا الرَّحْمٰنَﵧ اَيًّا مَّا تَدْعُوْا فَلَهُ الْاَسْمَآءُ الْحُسْنٰيﵐ وَلَا تَجْهَرْ بِصَلَاتِكَ وَلَا تُخَافِتْ بِهَا وَابْتَغِ بَيْنَ ذٰلِكَ سَبِيْلًا 110. কোৱা, ‘তোমালোকে (নিজ প্ৰতিপালকক) ‘আল্লাহ’ নামেৰে মাতা বা ‘ৰহমান’ নামেৰেই মাতা, কাৰণ তোমালোকে যি নামেৰেই নামাতা কিয়, সকলো সুন্দৰ নাম তেওঁৰেই। লগতে ছালাতত তুমি নিজৰ স্বৰ খুব উচ্চও নকৰিবা আকৌ বেছি নিম্নও নকৰিবা; বৰং এই দুটাৰ মধ্যৱৰ্তী পথ অৱলম্বন কৰিবা।
١١١وَقُلِ الْحَمْدُ لِلّٰهِ الَّذِيْ لَمْ يَتَّخِذْ وَلَدًا وَّلَمْ يَكُنْ لَّهٗ شَرِيْكٌ فِي الْمُلْكِ وَلَمْ يَكُنْ لَّهٗ وَلِيٌّ مِّنَ الذُّلِّ وَكَبِّرْهُ تَكْبِيْرًا 111. আৰু কোৱা, ‘সকলো প্ৰশংসা কেৱল আল্লাহৰেই, যিজনে কোনো সন্তান গ্ৰহণ কৰা নাই, আৰু তেওঁৰ সাৰ্বভৌমত্বত কোনো অংশীদাৰো নাই, লগতে তেওঁ দুৰ্দশাগ্ৰস্থও নহয় যে, তাৰ পৰা বাচিবলৈ তেওঁৰ কোনো অভিভাৱকৰ প্ৰয়োজন হ’ব, সেয়ে তুমি স-সম্ভ্ৰমে তেওঁৰ মাহাত্ম্য ঘোষণা কৰা’।